সোণৰ বৰ্তমান দামে সাধাৰণ মানুহক বিভ্ৰান্ত কৰিছে৷ এফালে এদিনতে যদি দাম বহুপৰিমাণে কমি যায় পিছদিনা আকৌ হঠাৎ দাম বাঢ়ি যায়৷ ইয়াৰ ফলত সোণ কিনিবলৈ আগ্ৰহীসকল গভীৰভাৱে দ্বিধাগ্ৰস্থ হৈ পৰিছে৷ বিশেষকৈ বিবাহৰ বাবে ভাৰতীয়ই সোণ ক্ৰয় কৰে৷ এতিয়া মধ্যবিত্তৰ বাবে সোণ ক্ৰয় আকাশত চাং পতা কথা হৈ পৰিছে৷ বহুতেই ধাৰণা কৰিছে এই দাম একেদৰে নাথাকে৷ অচিৰেই কমিব সোণৰ দাম৷ সোণৰ দাম অলপকৈ কমিব তেনে নহয়৷ প্ৰায় ৭০ হাজাৰ টকালৈকে নামি আহিব পাৰে সোণৰ দাম৷
বজাৰ বিশেষজ্ঞই কৈছে, সোণৰ দামৰ সম্ভাব্য পতনৰ কেইবাটাও শক্তিশালী কাৰণ আছে৷ প্ৰথমটি হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক উন্নয়ন৷ ডোনাল্ড ট্ৰাম্পৰ প্ৰভাৱত মাৰ্কিন অৰ্থনীতিক শক্তিশালী কৰাৰ বাবে নীতিমালা বাস্তবায়িত কৰা হৈছে৷ এই সিদ্ধান্তসমূহৰ ফলত আন্তৰ্জাতিক বজাৰত ডলাৰৰ দাম বাঢ়িছে৷ শক্তিশালী ডলাৰে সোণৰ দামৰ ওপৰত চাপৰ সৃষ্টি কৰে৷ সাধাৰণতে, ডলাৰ শক্তিশালী হলে বিনিয়োগকাৰীয়ে তেওঁলোকৰ সোণৰ বিনিয়োগ কমাই দিয়ে৷ আৰু কেইবাটাও ডাঙৰ কাৰণ হৈছে বিশ্বব্যাপী যুদ্ধৰ আশংকা কমি যোৱা৷
সাম্প্ৰতিক বছৰসমূহত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু মধ্যপ্ৰাচ্য উত্তেজনাৰ কাৰণে বিনিয়োগকাৰীয়ে নিৰাপদ বিনিয়োগৰ বিকল্প হিচাপে সোণকেই বাচি লয়৷ চৰম অনিশ্চয়তাৰ সময়ত সোণৰ দাম বৃদ্ধি পোৱা স্বাভাৱিক৷ সাম্প্ৰতিক ৰাজনৈতিক ঘটনাৱলীৰ প্ৰেক্ষাপটত যুদ্ধৰ সম্ভাৱনা কমি আহিছে৷ এই পৰিস্থিতিত বিনিয়োগকাৰীয়ে সোণত বিনিয়োগ কৰা তেওঁলোকৰ অৰ্থ উঠাই লৈছে আৰু শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিছে৷ বজাৰৰ ভাষাত ইয়াক কোৱা হয় প্ৰফিট বুকিং৷
এই প্ৰক্ৰিয়াই সোণৰ দামৰ ওপৰত অতিৰিক্ত চাপ সৃষ্টি কৰিব৷ এতিয়া প্ৰকৃত প্ৰশ্ন হৈছে দাম কিমান কমিব পাৰে৷ বিশেষজ্ঞই প্ৰতি আউন্স সোণৰ দাম ৭০ হাজাৰ টকালৈ নামি আহিব পাৰে বুলি আকৰ্ষণীয় ভৱিষ্যদ্বাণী কৰিছে৷
ইয়াৰোপৰি ডলাৰৰ বিপৰীতে ৰুপি সামান্য শক্তিশালী হ’লে আমদানি খৰচ কমি যাব৷ সোণৰ বজাৰ সূত্ৰই বিশ্বাস কৰে যে এই দুটি কাৰণত একেলগে সোণৰ দাম কমিব পাৰে৷ বিশেষজ্ঞই স্পষ্টকৈ কৈছে যে এই পতন নিশাৰ ভিতৰতে হ’ব তেনে সম্ভাৱনা নাই৷ ধীৰে ধীৰে এই দাম কমিব৷ আগন্তুক দিনসমূহত সোণৰ বজাৰত আৰু অস্থিৰতা দেখা গৈছে৷ বিশ্লেষকসকলে কৈছে যে কেইবাদিনত দাম বৃদ্ধি পাব পাৰে যদিও সামগ্ৰিক প্ৰৱণতা নিম্নমুখী৷
সেয়ে সোণ ক্ৰয় কৰাৰ সিদ্ধান্ত লোৱা প্ৰতিজন লোকে এই সময়ত সতৰ্ক থকাটো প্ৰয়োজন৷ এই সময়ত সোণ ক্ৰয় নকৰাটোৱেই শ্ৰেয় বুলিও পৰামৰ্শ দিছে বিনিয়োগ বিশেষজ্ঞই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ