ৰাশিচক্ৰৰ শেষ ৰাশি মীন৷ সূৰ্যই এটা এটা ৰাশিত এমাহ অৱস্থান কৰে৷ অৰ্থাৎ ৰাশিচক্ৰৰ ১২টা ৰাশিলৈ ঘূৰি আহিবলৈ সূৰ্যৰ এবছৰ সময় লাগে৷ সেই হিচাপত সম্পূৰ্ণ এবছৰ পাছত মীন ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই৷ আগন্তুক ১৫ মাৰ্চত সূৰ্যই মীন ৰাশিত পূৰ্বৰে পৰাই অৱস্থান কৰিছে শুক্ৰ আৰু শনিয়ে৷ জানি থওক মীন ৰাশিত তিনি গ্ৰহ কাষলৈ আহিলে ভাগ্য খুলিব কাৰ কাৰ?
বৃষ ৰাশি
বৃষ ৰাশিৰ একাদশ ঘৰত গোচৰ কৰিব সূৰ্যই৷ ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত উপাৰ্জন বাঢ়িব, সম্পদ বৃদ্ধি হব বৃষ ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ মনৰ দীৰ্ঘদিনৰ কোনো ইচ্ছা পূৰণ হব পাৰে৷ সামাজিক মিলামিছা বাঢ়িব৷ কেৰিয়াৰত উন্নতি কৰাৰ সুযোগ পাব৷ বেচৰকাৰী চাকৰিয়ালে ডাঙৰ সাফল্য লাভ কৰাৰ যোগ আছে৷
মিথুন ৰাশি
মিথুন ৰাশিৰ দশম ঘৰত গোচৰ কৰিব সূৰ্যই৷ ত্ৰিগ্ৰহী যোগৰ শুভ প্রভাৱত মিথুন ৰাশিৰ জাতকৰ কেৰিয়াৰত উন্নতিৰ জোৱাৰ আহিব৷ ডাঙৰ কোনো সন্মান লাভ কৰিব পাৰে৷ কেৰিয়াৰৰ দিশৰ পৰা এই সময় অত্যন্ত শুভ, প্ৰমোছন পাব পাৰে৷ ডাঙৰ কোনো কামৰ দায়িত্ব পাব পাৰে৷ আয় বাঢ়িব৷ বিশেষ কাৰোবাৰ সহায়ত ডাঙৰ সাফল্য পাব পাৰে৷
কৰ্কট ৰাশি
কৰ্কট ৰাশিৰ নৱম ঘৰত গোচৰ কৰিব সূৰ্যই৷ ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত এই সময়ত সকলো কামতে সৌভাগ্য লাভ কৰিব কৰ্কট ৰাশিৰ জাতকে৷ শিক্ষা আৰু আধ্যাত্মিকতা সম্পৰ্কিত কামত সাফল্য পাব৷ লাইফ পাৰ্টনাৰৰ সৈতে সম্পৰ্ক মজবুত হব৷ দেশৰ ভিতৰতেই দূৰৈৰ কৰোবাত যাত্ৰা কৰাৰ সম্ভাৱনা আছে৷ পৰিয়ালৰ প্ৰবীণসকলৰ আশীৰ্বাদ আপোনাৰ সৈতে থাকিব৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ পঞ্চম ঘৰত গোচৰ কৰিব সূৰ্যই৷ ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত এই সময়ত ব্যৱসায়ত বৃহৎ সাফল্য লাভ কৰিব৷ পূৰ্বে কৰা কামৰ সুফল পাব৷ চিকিৎসা শাস্ত্ৰৰ সৈতে যিসকল যুক্ত তেওঁলোকে বিশেষ উন্নতি কৰিব পাৰে৷ সন্তান সংক্ৰান্তিয় সুখবৰ পাব পাৰে৷
মকৰ ৰাশি
মকৰ ৰাশিৰ তৃতীয় ঘৰত গোচৰ কৰিব সূৰ্যই৷ ত্ৰিগ্ৰহী যোগৰ প্ৰভাৱত এই সময়ত সাহস বাঢ়িব মকৰ ৰাশিৰ জাতকৰ৷ লাইফ পাৰ্টনাৰৰ সৈতে সম্পৰ্ক ভাল হব৷ ইয়াৰোপৰি ভ্ৰমণ কৰিব পাৰে৷ সংবাদমাধ্যম আৰু সাহিত্যচৰ্চাৰ সৈতে যুক্ত ব্যক্তিয়ে সাফল্য পাব৷ চৰকাৰী কামতো সাফল্য লাভৰ যোগ আছে৷ ভায়েক ভনীয়েকৰ সৈতে সম্পৰ্কৰ উন্নতি হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















