হিন্দু ধৰ্মত সোমবাৰৰ দিনটো ভগৱান শিৱৰ নামত উৎসৰ্গা কৰা হয়। এই দিনটোত ভগৱান শিৱৰ পূজা কৰাৰ লগতে বহুতে উপবাসেও থাকে। কোৱা হয় যে তেনে কৰিলে জীৱনত সুখ আৰু শান্তি পোৱা যায় আৰু সমস্যাৰ পৰা সকাহ পোৱা যায়। তদুপৰি ভোলেনাথে মনৰ কামনাও পূৰণ কৰে। যদি আপুনিও ভগৱান শিৱক সন্তুষ্ট কৰিব বিচাৰে আৰু তেওঁৰ বিশেষ আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে সোমবাৰে নিশ্চয়কৈ শিৱ ৰুদ্ৰাষ্টকম স্তোত্ৰ পাঠ কৰিব লাগে। ইয়াৰ দ্বাৰা জীৱনৰ দুখ-কষ্ট দূৰ হয় আৰু সুখৰ সৃষ্টি হয়।
ইয়াৰোপৰি, সোমবাৰে প্ৰতি সোমবাৰে ৰাতিপুৱা গা ধুই শিৱলিংগত পানী বা গংগাজল অৰ্পন কৰিলে ভগৱান শিৱ অতি সন্তুষ্ট হয়। তাৰ পিছত শিৱৰ প্ৰিয় বেলপাত আৰু গাখীৰ অৰ্পণ কৰি “ওম নমঃ শিৱায়” জপ কৰিব লাগে। যদি আপুনি সোমবাৰে শুদ্ধ মন আৰু পৰিস্কাৰ কাপোৰ পিন্ধি দৰিদ্ৰক খাদ্য বা বস্ত্ৰ দান কৰে, তেন্তে শিৱৰ আশীৰ্বাদ পাব।
অস্বীকাৰ: এই বাতৰিত প্ৰকাশিত তথ্য ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। Assam Live 24 এ ইয়াক সমৰ্থন নকৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ












