ইৰান যুদ্ধৰ আচোঁৰ পৰিছে ভাৰততো৷ ৰণদুন্দুভি বাজিলেই শান্তি ভংগ হোৱাৰ ওপৰিও এতিয়া সকলোৰে মনত আন এক ভয় হৈছে ইণ্টাৰনেট হেৰুওৱাৰ ভয়৷ ইণ্টাৰনেট নাই মানেই ৰুদ্ধ হৈ যায় তথ্যৰ প্ৰবাহ৷ কোটি কোটি মানুহৰ হাতত থকা মোবাইল পৰিণত হৈ পৰে অদৰকাৰী যন্ত্ৰলৈ৷ তথ্যহীনতাৰ অন্ধকাৰে স্বাভাৱিকভাৱেই আতংকৰ আৰু দ্ৰুত বাঢ়ি যায়৷ কিন্তু এই সংকট আহিলেও কিছুমান এপে ইণ্টাৰনেট অবিহনেই কাম কৰে৷ বিপদৰ সময়ত এইসমূহেই হৈ উঠিব পাৰে আপোনাৰ একমাত্ৰ ভৰসা৷
অৰগেনিক মেপ
ই বিনামূল্যৰ বিজ্ঞাপনমুক্ত জিপিএছ, নেভিগেছন এপ, যিয়ে ইণ্টাৰনেট সংযোগ অবিহনেই সম্পূৰ্ণৰূপে কাম কৰে৷ অপেন চৰ্ছ প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি নিৰ্মিত এই এপে বাহন চলোৱা, চাইকেল চলোৱা আৰু ৰাস্তাঘাটত চলাফিৰা কৰাৰ বাবে সহায়ক৷ মোবাইল নেটৱৰ্ক বন্ধ হৈ গলেও জিপিএছ চেটেলাইটৰ মাধ্যমেৰে এই এপে কাম কৰি থাকে৷
ব্ৰিজফাই
ই এক মেছেজিং এপ৷ ব্লুটুথ নেটৱৰ্ক ব্যৱহাৰ কৰি ইয়াৰ মাধ্যমেৰে বাৰ্তা পঠোৱা হয়৷ ১০০ মিটাৰৰ মাজত থকা মোবাইলসমূহে এই এপৰ মাধ্যমেৰে যোগাযোগ স্থাপন কৰিব পাৰে৷ বিশ্বব্যাপী ১২.৫ মিলিয়নৰো বেছি মানুহে এই এপ ব্যৱহাৰ কৰে৷ ৰুছ-ইউক্ৰেইন যুদ্ধৰ সময়ত যেতিয়া ইউক্ৰেইনত ইণ্টাৰনেট পৰিসেৱা বিঘ্নিত হৈ পৰিছিল তেতিয়া সেই দেশৰ নাগৰিকেও এয়া ব্যৱহাৰ কৰিছিল৷ এই এপটিত প্ৰথমবাৰ লগ ইন কৰাৰ বাবে ইণ্টাৰনেটৰ প্ৰয়োজন হয়৷
পকেটপল এ আই
চাটজিপিটিৰ দৰে ই কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক এক এপ, যি ব্যৱহাৰৰ বাবে ইণ্টাৰনেটৰ প্ৰয়োজন নহয়৷ অফলাইনতে এই এপ ব্যৱহাৰ কৰি আপুনি যিকোনো তথ্য জানিব পাৰে৷ ই ফাই, জেমা ২ আৰু কুয়েনৰ দৰে এ আই মডেলসমূহক চাপৰ্ট কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















