তেওঁৰ কণ্ঠত জাদু আছিল৷ এটা দুটা গীত নহয়, একাধিক ছুপাৰহীট গানে তেওঁক কৰি তুলিছিল মেলোডি কুইন৷ সেই সুৰৰ আকাশৰ নক্ষত্ৰ পতন৷ প্ৰেম, ৰোমান্সৰ পৰা বিৰহ, দীৰ্ঘ সাত দশকতকৈ বেছি সময় ধৰি হাজাৰ হাজাৰ গানেৰে শ্ৰোতাৰ মন কাঢ়িছিল আশা ভোঁছলেই৷ অৱশ্যে বহুতৰেই অজানা যে, কেৰিয়াৰত প্ৰায় ১২হাজাৰৰো বেছি গীত গাইছে আশাই৷ যিয়ে তেওঁক বিশ্বৰ অন্যতম সৰ্বাধিক গান ৰেকৰ্ড কৰা গায়িকাসকলৰ ভিতৰত এগৰাকী কৰি তোলে৷
আৰ ডি বৰ্মনৰ সৈতে কেৱল ব্যক্তিগত জীৱনেই নহয়, সংগীত জগতলৈ বিপ্লৱো আনিছিল আশাই৷ দম মাৰো দম, কিংবা পিয়া তু অব তো আজা…ৰ দৰে গীতত তেওঁৰ কণ্ঠেৰে চমক দিছিল শ্ৰোতাসকলক৷ কেৱল পঞ্চমৰ সৈতেই নহয়, ওপি নায়াৰৰ পৰা শচীন দেৱ বৰ্মনৰ সুৰতো তেওঁ উপহাৰ দিছিল এটাৰ পাছত আনটো কালজয়ী গীত৷ কিশোৰ কুমাৰৰ সৈতে তেওঁৰ ডুয়েটৰ ভক্ত প্ৰজন্মৰ পৰা প্ৰজন্মলৈ৷
চন ১৯৪৩৷ মাত্ৰ ১০ বছৰ বয়সতে প্ৰথম প্লে বেংক কৰিছিল আশা ভোঁছলেই৷ মাৰাঠি ছবি মাজা বাল…ৰ বাবে চলা চলা নব বালা গীতটিৰেই আৰম্ভ হৈছিল তেওঁৰ সাংগীতিক যাত্ৰা৷ ইয়াৰ পাছতেই ১৯৪৮ চনত চুনাৰিয়া চিনেমাৰ ছাৱান আয়া গীতৰ মাধ্যমেৰে তেওঁ হিন্দী প্লেবেকৰ দুনীয়াত ভৰি ৰাখে৷ ১৯৮১ চনৰ উমৰাও জান ছবিত ইন আঁখো কি মস্তি…ৰ পৰা তিছৰি মঞ্জিলৰ ও মেৰা সোনা ৰে…ত অসাধাৰণ পাৰ্ফৰমেন্স আশাৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















