অসম লাইভ ২৪ঃ মুক্তিৰ লগে লগেই বিবাদত সোমাই পৰিল ছেঈফ আলী খান আৰু ডিম্পল কাপাডিয়াৰ অভিনীত ৱেব ছিৰিজ ‘তাণ্ডৱ’। বিজেপিৰ বিধায়ক ৰাম কদমে অভিনেতা ছেঈফ আলী খানৰ বিৰুদ্ধে আনিলে হিন্দু ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ। নিজৰ টুইটাৰ হেণ্ডেলত বিধায়কগৰাকীয়ে লিখিলে- ‘প্ৰতিবাৰেই চিনেমা আৰু ৱেব ছিৰিজত হিন্দু দেৱ-দেৱীক অপমান কৰা হয়। তাৰ নতুন উদাহৰণ ছেঈফ আলী খানৰ নতুন বেৱ ছিৰিজ ‘তাণ্ডৱ’। ছেঈফ আলী খানে পুনৰবাৰ এনে চিনেমা বা ৱেব ছিৰিজৰ অংশীদাৰ হৈছে। য’ত হিন্দুৰ অনুভূতিক আঘাত হনা হৈছে।’ লগতে বিধায়কজনে কয় যে, পৰিচালক আলী আব্বাছ জফৰে ভগৱান শিৱক অপমান কৰাৰ দৃশ্য ৱেব ছিৰিজৰ পৰা আঁতৰোৱা উচিত। লগতে অভিনেতা জীচন আয়ুবক ক্ষমা খুজিবলৈ হুংকাৰ প্ৰদান কৰে।
আনহাতে বিজেপিৰ মনোজ কৌটকে এই ৱেব ছিৰিজৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰিবলৈ সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ