পঁইতাচোৰা দেখিলেই বহুতেই আতংকিত হৈ চিঞৰি উঠে৷ কিন্তু এতিয়া আৰু পঁইতাচোৰাক লৈ ভয় খোৱাতকৈ পঁইতাচোৰাৰ জনপ্ৰিয়তাৰ দিশটোলৈকেহে মন দিয়াটো জৰুৰী৷ কাৰণ দেশত ভাৱিব নোৱৰা ডিজিটেল আন্দোলন আৰম্ভ কৰিছে পঁইতাচোৰাৰ নামেৰে উত্থান হোৱা দলটোৱে৷ কিয় দলটোৱে পঁইতাচোৰাকেই সঠিক নাম বুলি ধৰি ল’লে৷
আপুনি জানেনে পঁইতাচোৰাই পৃথিৱীৰ সকলোতকৈ পুৰণি পতংগৰ মাজত এটা৷ কোটি কোটি বছৰ ধৰি পৃথিৱীত জীয়াই আছে এই পতংগ৷ সৰু এই পতংগবিধক আমি সাধাৰণতে বিৰক্তিকৰ বুলি ধাৰণা কৰিলেও পঁইতাচোৰাৰ পৃথিৱীত জীয়াই থকাৰ আচৰিত সংগ্ৰামৰ কথা জানিলে আচৰিত হ’ব আপুনি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















