কোটি কোটি ভাৰতীয়ৰ সৈতে সংযোগ স্থাপন কৰি ছ’চিয়েল মিডিয়াৰ জৰিয়তে দেশৰ ৰাজনীতিত প্ৰৱেশ কৰিছে এক প্ৰতীক, যাৰ নাম ক’কৰোজ জনতা পাৰ্টি। দলটো প্ৰতিষ্ঠা হোৱাৰ মাত্ৰ ছয় দিন হ’ল, আৰু ইয়াৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰে ২ কোটি ১০ লাখ অতিক্ৰম কৰিছে। ইতিমধ্যে ২ কোটি ১০ লাখৰো অধিক লোকে ক’কৰোজ জনতা পাৰ্টিৰ ইনষ্টাগ্ৰাম হেণ্ডেল অনুসৰণ কৰিছে। ক’কৰোজ জনতা পাৰ্টী নামেৰে কেনেকৈ এটা দল জনপ্ৰিয় হৈ পৰিল ছ’চিয়েল মিডিয়াত?
ককৰোচ জনতা পাৰ্টিৰ টেগলাইন হৈছে “যুৱকসকলৰ এটা ৰাজনৈতিক ফ্ৰণ্ট, যুৱক-যুৱতীসকলৰ দ্বাৰা, যুৱক-যুৱতীসকলৰ বাবে।” ইয়াৰ প্ৰতিষ্ঠা হৈছিল ৬ দিন পূৰ্বে, ১৬ মে’ত। এই একাউণ্টৰ প্ৰতিষ্ঠাপক হৈছে বষ্টন বিশ্ববিদ্যালয়ৰ ছাত্ৰ অভিজিৎ দীপক, যাৰ মূল প্ৰতীক হিচাপে লৈছিল পঁইচাচোৰাক। দলটোৰ শ্লোগান হৈছে “ধৰ্মনিৰপেক্ষ, সমাজবাদী, গণতান্ত্ৰিক, আৰু এলেহুৱা”।
দল গঠনৰ কাৰণ?
এই দল গঠনৰ কাৰণ হ’ল ভাৰতৰ মুখ্য ন্যায়াধীশ চীফ জাষ্টিচ সূৰ্য কান্তৰ মন্তব্যই নিবনুৱা যুৱক-যুৱতীক লৈ কৰা ব্যংগাত্মক মন্তব্য। X ত ইয়াৰ হেণ্ডেলটোক “Cockroach is back” বুলি কোৱা হয় কাৰণ ইয়াৰ পূৰ্বৰ একাউণ্টটো ব্লক কৰা হৈছিল। ইয়াৰ টুইটাৰ একাউণ্টৰ বায়’ত লিখা আছে, “পঁইতাচোৰাৰ মৃত্যু নহয়।” অৱশ্যে এই দলটো নিৰ্বাচন আয়োগত পঞ্জীয়ন হোৱা নাই। বৰ্তমান ই এটা ডিজিটেল ব্যংগ আন্দোলন—এটা অনলাইন ব্যংগ, এটা মিম যিটো হঠাতে ভাইৰেল হৈ পৰে।
এতিয়া এই দলৰ সদস্য হ’বলৈ প্ৰয়োজনীয় অৰ্হতাৰ বিষয়ে জানি লওক…
- নিবনুৱা
- এলেহুৱা
- সদায় অনলাইনত থকা
- পেছাদাৰীভাৱে ক্ষোভ প্ৰকাশ
অভিজিত দীপকৰ কোন?
এই দলৰ প্ৰতিষ্ঠাপক অভিজীত দীপকে বষ্টন বিশ্ববিদ্যালয়ৰ পৰা জনসংযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি আছে। খবৰ অনুসৰি ২০২০ চনৰ পৰা ২০২২ চনলৈ অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টিৰ ছ’চিয়েল মিডিয়া ষ্ট্ৰেটেজিষ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অভিজিতে।পিছত তেওঁ পাৰ্টি এৰি অধিক অধ্যয়নৰ বাবে আমেৰিকালৈ যায়। অৱশ্যে ককৰোচ জনতা পাৰ্টিৰ ভৱিষ্যত অনিশ্চিত।
ভৱিষ্যতে এই দলটোৱে নিজকে নিৰ্বাচন আয়োগত পঞ্জীয়ন কৰিব নে নকৰে কোনেও নাজানে, কিন্তু যুৱক-যুৱতীসকলে যি গতিবেগেৰে দলত যোগদান কৰিছে সেয়া সকলোকে আচৰিত কৰি তুলিছে। শাসকীয় দল আৰু বিৰোধী দুয়োটা দলে ইয়াৰ প্ৰতি সতৰ্ক। তদুপৰি ইয়াৰ অনন্য নামটোৰ বাবেও দলটোৰ বিষয়ে অনুসন্ধান বৃদ্ধি পাইছে, যাৰ ফলত গুগল ট্ৰেণ্ডছত “ক’কৰোচ” শব্দটো জনপ্ৰিয় হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















