অসমৰ যুৱক-যুৱতীলৈ ডাঙৰ খবৰ। অসমত লিভ-ইন-সম্পৰ্ক (Live-in Relationship) আইনগতভাৱে নিয়ন্ত্ৰণ কৰাৰ বাবে অসম চৰকাৰে UCC বিলৰ জৰিয়তে কিছুমান কঠোৰ নীতি-নিয়ম আনিছে।

লিভ-ইন-ৰিলেশ্যনশ্বীপত মানিব লাগিব ১০টাকৈ কঠোৰ নিয়ম। অন্যথা ৬ মাহৰ জে’ল হ’ব যুৱক-যুৱতীৰ। এই নতুন নিয়ম অনুসৰি, সম্পৰ্ক আৰম্ভ কৰাৰ পিছত আইনী সুৰক্ষা আৰু সামাজিক দায়বদ্ধতা নিশ্চিত কৰিবলৈ চৰকাৰীভাৱে পঞ্জীয়ন কৰাটো বাধ্যতামূলক কৰা হৈছে।

যদি লিভ-ইনত থাকে, তেন্তে জনাব লাগিব উপ-পঞ্জীয়কক। ইয়াৰ পিছত উপ-পঞ্জীয়কে জনাব লাগিব আৰক্ষী থানাত। যদি লিভ-ইনৰ তথ্য উপ-পঞ্জীয়কক দিব নোৱাৰে, তেন্তে পৰিব বিপদত।

ইয়াৰোপৰি লিভ ইন সম্পৰ্কত জন্ম হোৱা সন্তান বৈধ বিবেচিত হ’ব। ৰাজ্যৰ বাহিৰত থকা অসমৰ নাগৰিকেও মানিব লাগিব এই নিয়ম।

যদি লিভ-ইনৰ তথ্য দিব নোৱাৰে বা নিদিয়ে, তেন্তে সেই যুৱক-যুৱতী দোষী প্ৰমাণিত হ’ব। ইয়াৰ ফলত একেলগে সহবাস কৰা প্ৰেমিক-প্ৰেমিকাৰ ৬ মাহ পৰ্যন্ত জে’লো হ’ব পাৰে।

উল্লেখ্য যে, উপ-পঞ্জীয়কক তথ্য নিদিলে ৩ মাহৰ কাৰাদণ্ড হ’ব পাৰে। কেৱল সেয়াই নহয়, ৩ মাহৰ কাৰাদণ্ডৰ লগতে ২৫ হাজাৰ টকাৰ জৰিমনাও বিহা হ’ব পাৰে সহবাস কৰাসকলক আৰু ত্যাগ কৰিলে ভৰণ-পোষণৰ অধিকাৰ দাবী কৰিব পাৰিব সংগীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















