আজি অসম বিধানসভা অধিৱেশনৰ চতুৰ্থ দিন। এই দিনটোত জুবিন গাৰ্গক কিদৰে নিৰ্বাচনত জিকিবলৈ ব্যৱহাৰ কৰিছিল সেই কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ বহুকেইটা সমস্যা অধিৱেশনত উত্থাপন কৰাৰ লগতে জুবিন গাৰ্গকলৈ কৰা ৰাজনীতি সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
নিৰ্বাচনৰ পূৰ্বে জুবিনকলৈ ৰাজনীতি কৰা সন্দৰ্ভত বিৰোধীক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয়, “জুবিনক লৈ ৰাজনীতি কৰা সকলে আগতে নিৰ্মমভাৱে সমালোচনা কৰিছিল, সেই সময়ত ব্যক্তিগতভাৱে মই জুবিনৰ কাষত থিয় হৈছিলো। জুবিন ৰাষ্ট্ৰৰ সম্পদ, মই জুবিনক সমালোচনা নকৰিব বুলি কৈছিলো। নিৰ্বাচনৰ আগত জুবিনক লৈ দুখন সমাজ সৃষ্টি হৈছিল, এখন জুবিনক জীৱনত সন্মান কৰা, আনখন মৃত্যুৰ পাছত ব্যৱহাৰ কৰা। জুবিনক নিজৰ সমষ্টিলৈ এবাৰো আমন্ত্ৰণ নকৰা সকল ৰাতিতেই সমৰ্থক হৈ পৰিছিল।”
ইয়াৰ লগতে তেওঁ কয়, “বাংলাদেশৰ পৰা গায়ক অনা ৰাজনীতিকে ৰাতিতেই জুবিনক সমৰ্থন কৰা দেখা গ’ল। বৰপেটাৰ বহু অঞ্চলত ৩০বছৰে জুবিন গাৰ্গক মাতি পোৱা নাই, কিন্তু মৃত্যুৰ পাছত বাছে বাছে মানুহ জুবিন ক্ষেত্ৰলৈ আহিল। আমি মায়াবিনী পিছুৱাই গ’লো দয়াবিনী আগুৱাই গ’ল, নিৰ্বাচনৰ পাছত এতিয়া কোনো নাইকিয়া হৈ গ’ল। নিৰ্বাচনত অসমৰ ৰাইজে জুবিনকলৈ কৰা ৰাজনীতিৰ উত্তৰ দিলে। জুবিনৰ নাম লৈ অসমত মুখ্যমন্ত্ৰী হ’বলৈ আহে, পিছে সপোন ছাৰখাৰ হ’ল।”
আনহাতে মুখ্যমন্ত্ৰীয়ে কয়, “এই নিৰ্বাচনে সকলোকে উত্তৰ দিলে। মায়াবিনীৰ সলনি দয়াবিনী বুলি উল্লেখ কৰা, ৰৈ ৰৈ বিনালৈ, ৰৈ ৰৈ কেতেকী বুলি কৈ মৃত্যুৰ পিছত জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব বিচৰাসকলক ৰাইজে উত্তৰ দিলে। জুবিনৰ নামত মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখা বাবেই ১৯ জনলৈ নমাই আনিলে কংগ্ৰেছৰ আসন।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















