যেতিয়া দুটা গ্ৰহই এটাই আনটোৰ পৰা ষষ্ঠ আৰু অষ্টম ঘৰত অৱস্থান কৰে তেতিয়াই ষড়ষ্টক যোগ গঠিত হয়৷ কাকতালীয়ভাৱে এই যোগ বৰ্তমান শনি আৰু কেতুৰ মাজত বিৰাজ কৰিছে আৰু ২৫ নৱেম্বৰ পৰ্যন্ত থাকিব৷ জ্যোতিষীৰমতে শনি আৰু কেতুৰ এই ষড়ষ্টক যোগে চাৰিটা ৰাশিৰ বাবে শুভ সময় কঢ়িয়াই আনিছে৷ শনি আৰু কেতুৰ আশীৰ্বাদত এই ৰাশিসমূহে বছৰৰ শেষৰ দিশত কিছু ভাল ফল পাব পাৰে৷
মেষ ৰাশি
এই সময়ত ৰৈ থকা প্ৰকল্পসমূহ ত্বৰান্বিত কৰাৰ বাবে অনুঘটক হিচাপে প্ৰমাণিত হ’ব পাৰে৷ যিসকলে সম্পত্তি, যানবাহন বা বিনিয়োগ সম্পৰ্কিত দীৰ্ঘস্থায়ী সমস্যা আছে তেওঁলোকৰ কাম সম্পন্ন হ’ব৷ সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পাব৷ যাৰ ফলত ডাঙৰ সিদ্ধান্ত লোৱা সহজ হ’ব৷ ৰৈ থকা ধন পুনৰুদ্ধাৰৰ সম্ভাৱনা আছে৷
মিথুন ৰাশি
এই যোগত কঠিন পৰিস্থিতি আহিলেও সহজেই সমাধান কৰিব পাৰিব৷ আদালতৰ গোচৰ বা আইনী বিবাদ থাকিলে স্বস্তি পোৱাৰ সম্ভাৱনা আছে৷ আইনী বিষয়ত সাফল্য আৰু বৃহত্তৰ দায়িত্বও আহিব পাৰে৷ এই সময়ত আৰ্থিকভাৱেও শক্তিশালী থাকিব আৰু আয়ৰ নতুন পথ খুলি যাব পাৰে৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে বাবে এই সময়ত কঠোৰ পৰিশ্ৰমৰ ইতিবাচক ফল আহিব পাৰে৷ যিসকলে চাকৰি পৰিবৰ্তন কৰিব তেওঁলোকে ভাল দৰমহাৰ এক সুবৰ্ণ সুযোগ পাব পাৰে৷ কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্মকৰ্তাসকলে কামত মুগ্ধ হ’ব৷ আয় বৃদ্ধিয়ে আৰ্থিক অৱস্থাক আৰু শক্তিশালী কৰিব৷ বিলাসিতাৰ বাবে ধন খৰচ কৰিব পাৰে৷
ধনু ৰাশি
ধনু ৰাশিৰ বাবে এই সংযোগে ব্যৱসায়িক সাফল্যৰ ইংগিত দিয়ে৷ বৃহৎ চুক্তি বা ব্যৱসায়ত নতুন সম্প্ৰসাৰণৰ সম্ভাৱনা আছে৷ অংশীদাৰী উদ্যোগৰ পৰা ভাল মুনাফা লাভ কৰিব৷ পাৰিবাৰিক সমস্যাসমূহ সহজ হ’ব আৰু জীৱনসংগীৰ সমৰ্থনত ভৱিষ্যতে উল্লেখযোগ্য বিনিয়োগ কৰিব পাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















