প্ৰতিটো ফুটবল বিশ্বকাপতে একো একোজন নতুন নতুন তাৰকাৰ জন্ম হয় আৰু পোহৰলৈ আহে তেনে তাৰকাৰ জীৱন সংগ্ৰামৰ কাহিনী। আজি তাঞ্জানিয়াৰ এখন শৰণাৰ্থী শিবিৰত জন্ম হোৱা এজন শিশুৱে কেনেদৰে বিশ্বকাপৰ মঞ্চত ৰচিলে ইতিহাস, তাৰ কিছু কাহিনী ক’বলৈ প্ৰয়াস কৰিছোঁ। আজিৰ এই কাহিনীৰ নায়ক ১৯ বছৰীয়া নেষ্টোৰি ইৰানকুণ্ডা। কানাডাৰ ভেনকুওভাৰৰ বি চি প্লেচ ষ্টেডিয়ামত চলিত বিশ্বকাপৰ গ্ৰুপ ডিৰ এখন গুৰুত্বপূৰ্ণ মেচত অষ্ট্ৰেলিয়াই তুৰ্কীক ২-০ গ’লত পৰাস্ত কৰে। খেলখনৰ ২৭ মিনিটত তুৰ্কীৰ তিনি ডিফেণ্ডাৰৰ দুৰ্ভেদ্য নিৰাপত্তা বেষ্টনীক চমক দি মৰা এটা ল’ হাইট অথচ নিখুঁত শ্বটক গ’লপ’ষ্টৰ ভিতৰলৈ পঠিওৱাৰ লগে লগে এক বিৰল কৃতিত্বৰ গৰাকী হয় নেষ্টোৰি ইৰানকুণ্ডা। গ’লটোৰে ইৰানকুণ্ডা হৈ পৰে ফিফা বিশ্বকাপৰ ইতিহাসত অষ্ট্ৰেলিয়াৰ হৈ গ’ল স্ক’ৰ কৰা সবাটোকৈ কনিষ্ঠ ফুটবলাৰ। সমান্তৰালভাৱে খেলখনৰ ৭৫ মিনিটত ক’ন্ন’ৰ মেটকাল্ফে দিয়া গ’লটোৰ লগে লগেই অষ্ট্ৰেলিয়াৰ জয়ত শেষ মোহৰ লাগে। ইৰানকুণ্ডাৰ এই সফলতাৰ আঁৰত লুকাই আছে এক অসাধাৰণ সংগ্ৰামৰ কাহিনী।
শৰণাৰ্থী শিবিৰৰ পৰা ফুটবল বিশ্বকাপৰ মঞ্চলৈ
২০০৬ চনত তাঞ্জানিয়াৰ কিগোমা শৰণাৰ্থী শিবিৰত জন্ম হৈছিল নেষ্টোৰি ইৰানকুণ্ডাৰ। আফ্ৰিকান দেশ বুৰুণ্ডিত চলি থকা গৃহযুদ্ধৰ পৰা প্ৰাণ ৰক্ষাৰ উদ্দেশ্যেৰে ইৰানকুণ্ডাৰৰ পৰিয়ালে আফ্ৰিকাৰ আন এখন দেশ তাঞ্জানিয়াত আশ্ৰয় লৈছিলগৈ। শৰণাৰ্থী শিবিৰৰ জীৱন মানেই কঠোৰ সংগ্ৰামৰ আন এটা নাম। সাতটা সন্তানৰ পৰিয়ালটোৱে শৰণাৰ্থী শিবিৰত অতিবাহিত কৰা সময়খিনিয়ে তেওঁলোকক শিকাইছিল জীৱন মানে কি? কঠিন পৰিস্থিতিৰ মাজতেই পৰিয়ালটোৱে লাভ কৰিছিল নতুন সদস্য নেষ্টোৰিক। অৱশ্যে এসময়ত ভাগ্যই তেওঁলোকৰ পৰিয়ালটোৰ দুৱাৰ মুকলি কৰিলে। জীৱন পৰিক্ৰমাৰ কোনো এটা কেঁকুৰিত তেওঁলোকে লাভ কৰে অষ্ট্ৰেলিয়াৰ পাৰ্থ চহৰত সংস্থাপন আৰু বাসস্থানৰ সুযোগ। প্ৰথমে বুৰুণ্ডি, তাৰ পিছত তাঞ্জানিয়া আৰু অৱশেষত সপোনৰ অষ্ট্ৰলিয়া।
ঘৰৰ চোতালৰ পৰা কানাডাৰ ভেনকুওভাৰৰ বি চি প্লেচ ষ্টেডিয়ামলৈ
ভাই-ভনীৰ সৈতে ঘৰৰ পিছফালৰ চোতালত ফুটবল খেলি ডাঙৰ হোৱা নেষ্টোৰিৰ প্ৰতিভা সৰু বয়সতেই ধৰা পৰে। এটা স্থানীয় ক্লাবৰ অনূৰ্ধ্ব-১০ প্ৰশিক্ষকে প্ৰথমে তেওঁৰ দক্ষতাক চিনাক্ত কৰে। মাত্ৰ ৮ বছৰ বয়সতে তেওঁ পেৰাফিল্ড গাৰ্ডেনছ ক্লাবৰ হৈ প্ৰথম আনুষ্ঠানিক ফুটবল মেচ খেলে। লাহে লাহে নেষ্টোৰিৰ অভিভাৱকেও উপলব্ধি কৰে যে তেওঁলোকৰ সন্তানৰ আছে ফুটবলৰ অসাধাৰণ প্ৰতিভা। নেষ্টোৰিক বিশ্বমানৰ ফুটবলাৰ হিচাপে গঢ় দিয়াত আন আন তাৰকা খেলুৱৈৰ পৰিয়ালবোৰৰ দৰে তেওঁলোকেও বহু ত্যাগ স্বীকাৰ কৰে। নেষ্টোৰিৰ ফুটবলৰ সপোনটোৰ বাবেই এদিন পিতৃয়ে এৰিছিল চাকৰি, কাৰণ বিভিন্ন প্ৰতিযোগিতামূলক টুৰ্নামেণ্টলৈ নেষ্টোৰিক লৈ যোৱাৰ বাবে তেওঁলোকৰ পৰিয়ালত নাছিল আন কোনো যোগ্য সদস্য। বিপৰীতে নেষ্টোৰিৰ ডাঙৰ ভায়েক দুজনে কেৱল নেষ্টোৰিৰ ভৱিষ্যতৰ বাবে নিজৰ ফুটবল খেলাৰ সপোন এৰি যোগদান কৰিছিল চাকৰিত। নেষ্টোৰিৰ ফুটবলৰ প্ৰশিক্ষণ আৰু খেলৰ খৰচ, ডাঙৰ পৰিয়ালটোৰ দায়িত্ব মূৰ পাতি লৈছিল দুই জ্যেষ্ঠ ভাতৃয়ে। নেষ্টোৰি ইৰানকুণ্ডাৰ কাহিনী কেৱল এজন ফুটবলাৰৰ সফলতাৰ গল্প নহয়। এই কাহিনী আশা, পৰিশ্ৰম, ত্যাগ আৰু অদম্য মনোবলৰ অনন্য উদাহৰণ। শৰণাৰ্থী জীৱনৰ কঠিন বাস্তৱৰ পৰা বিশ্ব ফুটবলৰ উজ্জ্বল তাৰকালৈ পৰিণত হোৱা ইৰানকুণ্ডাই পুনৰ এবাৰ প্ৰমাণ কৰিলে, সপোন দেখিবলৈ সাহস আৰু সপোন পুৰাবলৈ বুকুত প্ৰতিটো পলতে জেদ থাকিলে যিকোনো বাধা অতিক্ৰম কৰিব পাৰি।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ