• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

2 months ago
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

30 minutes ago
আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

1 hour ago
ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ,  নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ, নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

2 hours ago
GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

3 hours ago
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

3 hours ago
জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

5 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

6 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

8 hours ago
অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

8 hours ago
হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ

হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ

9 hours ago
‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

9 hours ago
বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ কণ্ঠত 'য়া আলী' গানটো কিয় হৈছিল ছুপাৰহিট?

editor by editor
June 16, 2026
in চিনেমা, বিনোদন, বিবিধ, ভাৰত, লেখা, সংগীত
0
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা
0
SHARES
103
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০০৬ চনত মুক্তি পোৱা ‘গেংষ্টাৰ: এ লাভ ষ্ট’ৰী’ ছবিখনৰ ছুপাৰহিট গান ‘য়া আলী’ গানটো নুশুনা মানুহ হয়তো অসম তথা ভাৰতত খুব কমেই আছে। এই গানটোৰে সমগ্ৰ ভাৰততে চিনাকি হৈ পৰিছিল আমাৰ মৰমৰ জুবিন দা। জুবিন দাই গোৱা চুফী আৰু ৰক সংগীতৰ সংমিশ্ৰণত নিৰ্মিত এই আইকনিক গীতটোৰ সংগীত, কণ্ঠ আৰু সৃষ্টি প্ৰক্ৰিয়াৰ সৈতে জড়িত কেইটামান ৰোমাঞ্চকৰ কথা হয়তো আমাৰ বহুতেই নাজানে।

জুবিন দাৰ লগতে আৰু বহু গায়কে গানটোৰ বাবে দিছিল কণ্ঠ

জুবিন দাক ‘য়া আলী’ গানটোৰ বাবে চূড়ান্তভাৱে নিৰ্বাচন কৰাৰ আগতে এই গীতটো আন আন প্ৰায় পাঁচজন গায়কে ৰেকৰ্ড কৰিছিল, যাৰ ভিতৰত আছিল বনী চক্ৰৱৰ্তীও আছিল। বলীউডত গান এটাৰ কণ্ঠশিল্পী নিৰ্বাচনৰ ক্ষেত্ৰত এয়া এক সাধাৰণ প্ৰক্ৰিয়া। কিন্তু সংগীত পৰিচালক প্ৰীতমে শেষত জুবিনৰ কণ্ঠকেই বাছি লয়, কিয়নো গেংগষ্টাৰ ছবিখনৰ চিত্ৰনাট্যই দাবী কৰা পৰিস্থিতিটোৰ সৈতে জুবিন গাৰ্গৰ কণ্ঠত ‘য়া আলী’ গানটো সুন্দৰকৈ খাপ খাই গৈছিল বুলি মন্তব্য কৰে ছবিখনৰ পৰিচালক অনুৰাগ বসু আৰু প্ৰযোজক মহেশ ভাট আৰু মুকেশ ভাটে।

জুবিন দাৰ কণ্ঠত ‘য়া আলী’ গানটো কিয় হৈছিল ছুপাৰহিট?

জুবিন দাৰ কণ্ঠৰ উপৰিও ‘য়া আলী’ গানটো সুৰ কুৱেইটৰ পপ বেণ্ড ‘গিটাৰা’ৰ জনপ্ৰিয় আৰবী গান ‘য়া ঘালি’ৰ অনুপ্ৰেৰণা লৈ সৃষ্টি কৰিছিল সংগীত পৰিচালক প্ৰীতমে। ইয়াৰ উপৰিও গানটোৰ হৃদয় স্পৰ্শ কৰা গীতৰ কথায়ো গানটোক ছুপাৰহিট কৰিছিল। গীতটোৰ কথা লিখিছিল গীতিকাৰ ছঈদ কাদৰীয়ে। গীতটোৱে এনে এজন প্ৰেমিকৰ অনুভূতি প্ৰকাশ কৰে, যিয়ে নিজৰ প্ৰিয়জনক পাবলৈ নিজকে উৎসৰ্গা কৰিবলৈও সাজু আৰু সেই পথত ঈশ্বৰৰ কৃপা তথা সহায় বিচাৰি “য়া আলি, ৰহম আলি” বুলি প্ৰাৰ্থনা কৰে।

জুবিন আৰু প্ৰীতমৰ অনন্য সমন্বয়

যি সময়ত ‘গেংগষ্টাৰ’ ছবিখনে মুক্তি পাইছিল সেই সময়ৰো বহু আগৰ পৰাই ইতিমধ্যেই জুবিন দা অসমীয়া সংগীতৰ একছত্ৰী সম্ৰাট আছিল। বাঙালী সংগীতক্ষেত্ৰখনৰো এটা চিনাকি নাম আছিল জুবিন গাৰ্গ। ‘য়া আলী’ গীতটোত তেওঁ চুফী আৰু ৰক সংগীতৰ এক অনন্য সংমিশ্ৰণ উপস্থাপন কৰিছিল, যিটো সেই সময়ত ভাৰতীয় সংগীতজগতখনত যথেষ্ট নতুন আছিল। ‘য়া আলী’ৰ অসাধাৰণ সফলতাৰ পিছত জুবিন দাৰ ওচৰলৈ বহু গীতৰ প্ৰস্তাৱ আহিছিল। কিন্তু তেওঁ নিজকে এটা বিশেষ ধৰণৰ গীতৰ মাজতে সীমাবদ্ধ কৰি ৰাখিব বিচৰা নাছিল। এটা সাক্ষাৎকাৰত জুবিন দাই এসময়ত কৈছিল যে-কেৱল একে ধৰণৰ ভাবমূৰ্তিত আবদ্ধ হৈ পৰাৰ আশংকাত তেওঁ এনে বহু গীত প্ৰত্যাখ্যান কৰিছিল। সাম্প্ৰতিক সময়তো ‘য়া আলী’ ভাৰতীয় সংগীতপ্ৰেমীৰ মাজত এক কালজয়ী-চিৰসেউজ গীত হিচাপে সমাদৃত হৈ আছে। জুবিন গাৰ্গৰ শক্তিশালী কণ্ঠ, প্ৰীতমৰ মনোমোহা সুৰ আৰু ছঈদ কাদৰীৰ গভীৰ গীতিৰ কথাই ‘য়া আলী’ গীতটোক সহজে ঢুকি নোপোৱা জনপ্ৰিয়তালৈ নিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24zubeen garg
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

July 31, 2026
আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!
জীৱনশৈলী

আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

July 31, 2026
ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ,  নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!
বাণিজ্য

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ, নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

July 31, 2026
GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম
বাণিজ্য

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

July 31, 2026
Next Post
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ'ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.