• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

2 months ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

6 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

6 hours ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

7 hours ago
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

8 hours ago
কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

কৰণ জোহৰৰ শ্ব’ক লৈ চৰ্চাৰ শীৰ্ষত মল্লিকা শ্বেৰাৱত

8 hours ago
লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

লালকিল্লাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত কিয় উপস্থিত নাথাকিল ৰাহুল গান্ধী?

9 hours ago
ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ ঘৰত আৰক্ষীৰ দল

9 hours ago
৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

৮ম দৰমহা আয়োগত কিমান হ’ব ন্যূনতম বেচিক দৰমহা?

10 hours ago
লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

লালকিল্লাত বিকশিত ভাৰতৰ বাম্পাৰ PLAN, লক্ষ্য ১ কোটি যুৱক-যুৱতী

10 hours ago
শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

শিক্ষয়িত্ৰীৰ বিৰুদ্ধে সপ্তম শ্ৰেণীৰ ছাত্ৰৰ আৰক্ষীক অভিযোগ

11 hours ago
‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

‘বন্দে মাতৰম’ পৰিৱেশনক লৈ অসন্তুষ্ট নেকি ৰাহুল-ছোনিয়া?

11 hours ago
পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

পুৱালৈ অপেক্ষা নকৰি কিয় মাজনিশাই ভাৰতক স্বাধীন ঘোষণা কৰা হৈছিল?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

পত্নী ঊষা ভেন্সৰ ব্যক্তিগত সিদ্ধান্তক সন্মান জে ডিৰ

editor by editor
June 25, 2026
in বিবিধ, বিশ্ব, লেখা
0
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে
0
SHARES
298
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নী ঊষা ভেন্সে শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত স্পষ্টকৈ কৈছে যে তেওঁ কেতিয়াও হিন্দু ধৰ্ম এৰি কেথলিক খ্ৰীষ্টান হোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাই। হিন্দু পৰিয়ালত ডাঙৰ-দীঘল হোৱা উষাই কয় যে-তেওঁৰ শৈশৱ আৰু পাৰিবাৰিক জীৱন সুখী, স্থিৰ আৰু মূল্যবোধেৰে সমৃদ্ধ আছিল। সেয়েহে নতুন কোনো ধৰ্মীয় পথ বিচাৰি ফুৰাৰ প্ৰয়োজন তেওঁ কেতিয়াও অনুভৱ কৰা নাই। উল্লেখযোগ্য যে বৰ্তমানৰ মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সে ২০১৯ চনত কেথলিক ধৰ্ম গ্ৰহণ কৰিছিল। ইয়াৰ আগতে তেওঁ নিজকে নাস্তিক বুলি গণ্য কৰিছিল। বিয়াৰ পিছত তেওঁ খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৃষ্ট হয় আৰু পৰৱৰ্তী সময়ত কেথলিক বিশ্বাস গ্ৰহণ কৰে। কিছুদিন পূৰ্বে ভেন্সে এটা অনুষ্ঠানত নিজৰ মনৰ ভাব ব্যক্ত কৰি কৈছিল যে- এদিন তেওঁৰ পত্নীও হয়তো তেওঁৰ আধ্যাত্মিক পথ অনুসৰণ কৰিব। এই মন্তব্যক কেন্দ্ৰ কৰি আমেৰিকাত ব্যাপক আলোচনা হৈছিল। বহু মাৰ্কিন নাগৰিকে ভেন্সৰ এই ব্যক্তব্য়ক ধৰ্ম পৰিৱৰ্তনৰ বাবে হেঁচা প্ৰয়োগ কৰা বুলি অভিযোগ কৰিছিল

ঊষা ভেন্সৰ নিজৰ ধৰ্মক লৈ কি মন্তব্য?

মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ এই ব্যক্তব্যৰ পিছতে পত্নী ঊষাই শেহতীয়াকৈ এটা সাক্ষাৎকাৰত বিষয়টো স্পষ্ট কৰি কয় যে-তেওঁৰ স্বামী কেথলিক বিশ্বাসৰ প্ৰচাৰক হ’ব বিচাৰিলেও তেওঁক ধৰ্মান্তৰিত হ’বলৈ কোনো ধৰণৰ চাপ নিদিয়ে। তেওঁ লগতে কয়-মই এটা সুখী হিন্দু পৰিয়ালত ডাঙৰ-দীঘল হৈছোঁ। মোৰ জীৱনত কেতিয়াও এনে অনুভৱ হোৱা নাই যে আন কিবা বিচাৰিব লাগিব। বৰ্তমান ঊষা ভেন্সে চতুৰ্থ সন্তানৰ মাতৃ হ’বলৈ গৈ আছে। ইয়াৰ মাজতে তেওঁ নিজৰ ধৰ্মীয় আৰু সাংস্কৃতিক পৰিচয় অক্ষুণ্ণ ৰাখিবলৈ বদ্ধপৰিকৰ বুলি পুনৰবাৰ জনাইছে। বহু ৰাজনৈতিক বিশ্লেষক আৰু সমাজবিজ্ঞানীয়ে ঊষাৰ এই মন্তব্যক তেওঁৰ আত্মবিশ্বাস, ব্যক্তিত্ব আৰু নিজৰ শিপাৰ প্ৰতি থকা গৌৰৱবোধৰ প্ৰতিফলন বুলি মন্তব্য কৰিছে।

ঊষাৰ ব্যক্তিগত সিদ্ধান্তক সন্মান জে ডিৰ

ঊষা ভেন্স আমেৰিকাৰ এগৰাকী সফল অধিবক্তা। ভাৰতীয় মূলৰ সন্তান ঊষাৰ লালন-পালন হৈছিল আমেৰিকাৰ দক্ষিণ কেলিফৰ্ণিয়াত। ঊষাই নিজৰ সন্তানকো হিন্দু সংস্কৃতি, উৎসৱ আৰু পৰম্পৰাৰ সৈতে পৰিচয় কৰাই দিছে যদিও তেওঁলোক কেথলিক পৰম্পৰাৰ সৈতেও পৰিচিত। ইফালে জেডি ভেন্সৰ নতুন গ্ৰন্থ Communion: Finding My Way Back to Faith-ত তেওঁ নিজৰ নাস্তিকতাৰ পৰা কেথলিক ধৰ্মলৈ হোৱা যাত্ৰাৰ বিষয়ে বিস্তৃতভাৱে লিখিছে।

তেওঁ স্বীকাৰ কৰিছে যে জীৱনৰ কঠিন অভিজ্ঞতা আৰু পাৰিবাৰিক দায়িত্বই তেওঁক ধৰ্মৰ দিশে আকৃষ্ট কৰিছিল। যদিও তেওঁ নিজৰ বিশ্বাসক গুৰুত্ব দিয়ে, তথাপিও ঊষাৰ ব্যক্তিগত ধৰ্মীয় স্বাধীনতাক সন্মান জনাই আহিছে। সামগ্ৰিকভাৱে ঊষা ভেন্সৰ এই বক্তব্যই এটা স্পষ্ট বাৰ্তা দিছে—বৈবাহিক জীৱনত ভিন্ন ধৰ্মীয় বিশ্বাস থাকিলেও পাৰস্পৰিক সন্মান, বুজাবুজি আৰু ব্যক্তিগত স্বাধীনতাৰ জৰিয়তে সুস্থ সম্পৰ্ক গঢ়ি তোলা সম্ভৱ। নিজৰ হিন্দু পৰিচয়ক লৈ ঊষাৰ আত্মবিশ্বাসে বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু আন্তঃধৰ্মীয় সম্প্ৰীতিৰ এক উল্লেখযোগ্য উদাহৰণ হিচাপে আলোচনা লাভ কৰিছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24J D Vence
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড
বিনোদন

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

August 15, 2026
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই
বিনোদন

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

August 15, 2026
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস
ভাৰত

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

August 15, 2026
সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন
জীৱনশৈলী

সিংহ ৰাশিকে ধৰি এইকেইটা ৰাশিৰ আহি আছে ভাল দিন

August 15, 2026
Next Post
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

সুখবৰ! নতুনকৈ জন্ম হোৱা শিশুক চৰকাৰে দিব ১ গ্ৰাম ওজনৰ সোণৰ আঙঠি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.