বিশ্বৰ সবাতোকৈ জনপ্ৰিয় খেলবিধেই হৈছে ফুটবল। বিশ্বৰ প্ৰায় প্ৰতিখন দেশৰেই চুকে-কোনে প্ৰতিজন লোকেই শৈশৱ আৰু কিশোৰ কালত অন্ততঃ কিছুদিনৰ বাবে হ’লেও ফুটবল নেখেলাকৈ থকা মানুহ হয়তো কমেই ওলাব। সম্প্ৰতি ফুটবলৰ উন্মাদনাই সমগ্ৰ বিশ্বকে চুই গৈছে। ফিফা বিশ্বকাপত যোগ্যতা অৰ্জন কৰা দেশকেইখনৰ বাদেও অন্য দেশসমূহতো এই উন্মদনা কোনো গুণে কম নহয়। মেছি, ৰোনাল্ডোৰ আগতেই প্ৰথমে এজন শিশু বা কিশোৰে ফুটবল বুলিলেই প্ৰথমে পেলেৰ নামেই শুনে। পেলেৰ বিস্ময়কৰ প্ৰতিভাৰ সন্মুখত ৰোনাল্ডো, মেছিকো স্তিমিত যেনেই লাগিলহেঁতেন, যদিহে পেলে আজিৰ যুগত উচ্চ মানৰ প্ৰযুক্তিৰে প্ৰশিক্ষণ লাভ কৰিলেহেঁতেন।

বিশ্ব ফুটবলৰ ইতিহাসত বহু মহান খেলুৱৈ জন্ম লৈছে, কিন্তু পেলে যেন ফুটবলত এতিয়াও অদ্বিতীয় হৈ আছে। ফুটবলৰ মহাসম্ৰাট পেলেৰ জীৱনৰ এটি ঘটনা আজিও কোটি কোটি ফুটবলপ্ৰেমীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ আছে। মাত্ৰ ৯ বছৰ বয়সতে পেলেই পিতৃক দিয়া এটি প্ৰতিজ্ঞাই পিছলৈ ব্ৰাজিলক বিশ্ব ফুটবলৰ সৰ্বশ্ৰেষ্ঠ শক্তি হিচাপে প্ৰতিষ্ঠা কৰিছিল। ঘটনাটো আছিল ১৯৫০ চনৰ। ১৯৫০ত ফিফা বিশ্বকাপৰ আয়োজন কৰিছিল ব্ৰাজিলে। ঘৰুৱা সমৰ্থকৰ সন্মুখত ব্ৰাজিল চেম্পিয়ন হোৱাটো প্ৰায় নিশ্চিত বুলি ধৰা হৈছিল। ফাইনেলত উৰুগুৱেৰ বিৰুদ্ধে কেৱল ড্ৰ’ খেলাটোৱেই ব্ৰাজিলৰ বাবে যথেষ্ট আছিল। ব্ৰাজিলৰ ঐতিহাসিক মাৰাকানা ষ্টেডিয়ামত লাখ লাখ দৰ্শক বিজয় উদযাপনৰ অপেক্ষাত আছিল। সেই সময়ত ৯ বছৰীয়া পেলেই নিজৰ পিতৃ ডণ্ডিনহোৰ সৈতে ৰেডিঅ’ত খেলখন শুনি আছিল। ডণ্ডিনহো নিজেও এগৰাকী পেছাদাৰী ফুটবলাৰ আছিল। কিন্তু ব্ৰাজিলৰ কোটি কোটি অনুৰাগীৰ হৃদস্পন্দন বন্ধ কৰি উৰুগুৱেই ব্ৰাজিলক ২-১ গ’লত পৰাস্ত কৰে। এই পৰাজয় ইতিহাসত “মাৰাকানাজো” নামেৰে অমৰ হৈ ৰ’ল। সমগ্ৰ ব্ৰাজিল শোকত ডুব গ’ল। সেইদিনা প্ৰথমবাৰৰ বাবে পেলেই নিজৰ পিতৃৰ চকুত দেখিলে চকুপানী।
কি আছিৰ পেলেৰ সেই প্ৰতিজ্ঞা?
পিতৃৰ চকুলোই ৯ বছৰীয়া পেলেৰ কোমল হৃদয়কো যেন থান-বান কৰি পেলাইছিল। সেই সময়ত পেলেই পিতৃৰ ওচৰলৈ গৈ চকুলো মচি কৈছিল ‘দেউতা, তুমি কান্দিব নালাগে। এদিন মই তোমাৰ বাবে বিশ্বকাপ জিকি আনিম।’ সেই মুহূৰ্তত হয়তো কোনেও সেই সৰু ল’ৰাটোৰ কথাক গুৰুত্ব দিয়া নাছিল। কিন্তু পেলেৰ বাবে দেউতাকৰ আগত কৰা সেই প্ৰতিজ্ঞাই জীৱনৰ লক্ষ্য হৈ পৰিছিল।

৮ বছৰ পিছত ১৭ বছৰীয়া পেলেৰ প্ৰতিজ্ঞা পূৰণ
উৰুগুৱেৰ হাতত ফাইলেত পৰাস্ত হোৱাৰ ঠিক দুটা বিশ্বকাপ পিছত আহিছিল সেই ঐতিহাসিক ক্ষণটো। ২৯ জুন ১৯৫৮ চন অৰ্থাৎ আজিৰ দিনটোতেই ফিফা বিশ্বকাপত বিশ্বই এক নতুন তাৰকাক দেখিলে। মাত্ৰ ১৭ বছৰ বয়সত পেলে ব্ৰাজিলৰ হৈ বিশ্বকাপৰ ফাইনেল খেলি আটাইতকৈ কনিষ্ঠ ফুটবলাৰ হিচাপে ইতিহাসত নিজৰ নাম লিখিবলৈ সক্ষম হ’ল। আয়োজক ছুইডেনৰ বিৰুদ্ধে অনুষ্ঠিত ফাইনেলত পেলেৰ যাদুকৰী ভৰিৰ শিল্পত সকলো মুগ্ধ হৈ পৰিল। পেলেই দুটা দৰ্শনীয় গ’ল দি ব্ৰাজিলক ৫-২ ব্যৱধানত জয়ী কৰাই ইতিহাসত প্ৰথমবাৰৰ বাবে বিশ্বকাপ চেম্পিয়নৰ সন্মান অৰ্জন কৰোৱালে। ফাইনেল মেচৰ অন্তিম হুইছেল বজাৰ লগে লগে ১৭ বছৰীয়া পেলেৰ দুচকু লোতকেৰে ভৰি পৰিল। সেয়া আছিল পিতৃক দিয়া প্ৰতিজ্ঞা পূৰণৰ অশ্ৰু অঞ্জলি। পিছে ইয়াতেই পেলে থমকি ৰোৱা নাছিল। ইয়াৰ পিছত ব্ৰাজিলক মুঠ ৩ বাৰকৈ বিশ্বকাপ জয়ী কৰাই বিশ্ব ফুটবলৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিজৰ নাম চিৰদিনৰ বাবে লিখি ৰাখিবলৈ সক্ষম হয়। পেলে আৰু তেওঁৰ পিতৃৰ এই কাহিনী আজিও বিশ্বৰ লাখ লাখ ফুটবলাৰৰ বাবে অনুপ্ৰেৰণাৰ উৎস
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















