নীট-ইউজি পৰীক্ষাৰ প্ৰশ্ন ফাদিলৰ অভিযোগৰ বিৰুদ্ধে যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰে ককৰোচ জনতা পাৰ্টীয়ে। মঙলবাৰে ককৰোচ জনতা পাৰ্টিয়ে সকলো ৰাজনৈতিক দলৰ নেতালৈ পত্ৰ লিখি ছাত্ৰ-ছাত্ৰীৰ সমৰ্থনত আগবাঢ়ি আহিবলৈ আহ্বান জনায়। দলটোৱে শাসক-বিৰোধী উভয় দলৰ নেতাক যন্তৰ মন্তৰত উপস্থিত হৈ যুৱক-যুৱতীসকলৰ সংগ্ৰামত থিয় দিবলৈ আমন্ত্ৰণ জনাইছিল।
এই পত্ৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জগত প্ৰকাশ নাড্ডাৰ লগতে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকো বিশেষভাৱে আমন্ত্ৰণ জনোৱা হৈছে। দক্ষিণ ভাৰতীয় চিনেমাৰ প্ৰবীণ অভিনেতা, ৰাজনীতিবিদ থালাপথী বিজয়কে ধৰি আন বহু জ্যেষ্ঠ নেতাকো আমন্ত্ৰণ জনোৱা হৈছিল।
আনহাতে, দেশৰ বহু জনপ্ৰিয় ব্যক্তিত্বৰ লোক আৰু বিৰোধী নেতাই ১৭ দিন ধৰি অনশন কৰি থকা পৰিবেশ কৰ্মী সোণম ৱাংচুকক উপবাসৰ অন্ত পেলাবলৈ অনুৰোধ জনাইছে। দেশৰ প্ৰখ্যাত শিল্পী, সাহিত্যিক, শিক্ষাবিদ, সমাজ কৰ্মীকে ধৰি দেশৰ ১৮০০ৰো অধিক বিশিষ্ট ব্যক্তিয়ে সমৰ্থনত এখন মুকলি পত্ৰ প্ৰকাশ কৰিছে। পত্ৰখনত স্বাক্ষৰ কৰাসকলৰ ভিতৰত আছে নাছিৰুদ্দিন শ্বাহ, ৰত্ন পাঠক শ্বাহ, অৰুন্ধতী ৰায়, অৰ্থনীতিবিদ জিন ড্ৰেজ, জয়ন্তী ঘোষ, নিবেদিতা মেনন আৰু অনুৰাধা চিনয় আছে।
সোমবাৰে পুৱা প্ৰকাশ পোৱা শেহতীয়া তথ্যনুসৰি ৱাংচুকে ৮.২ কিলোগ্ৰাম কমিছে, তেওঁৰ ৰক্তচাপ ১০৭ বাই ৭০ আৰু তেওঁৰ চেনিৰ মাত্ৰা ৬৭ লৈ হ্ৰাস পাইছে বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ













