• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

2 months ago
আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

আৰক্ষীৰ ঘৰতে চোৰৰ সিন্ধি, দিন দুপৰতে গহণাসহ লুটিলে লাখ লাখ টকা

27 minutes ago
মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

29 minutes ago
‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

‘ৰামানুজক এন*কাউণ্টাৰ কৰা হৈছে’ পিতৃৰ বিস্ফোৰক অভিযোগ

1 hour ago
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

1 hour ago
মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

মোবাইল ফোন EMIত ক্ৰয় কৰোতে সাৱধান, ৰিকোভাৰী এজেণ্টৰ দানৱীয় কাণ্ড

1 hour ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

3 hours ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

4 hours ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

4 hours ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

9 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

10 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

18 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

 বিশ্বকাপৰ ফাইনেলৰ পূৰ্বে ভাইৰেল য়ামাল-মেছিৰ এখন বিশেষ ফটো

editor by editor
July 16, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, বিশ্ব
0
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ
0
SHARES
114
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সমগ্ৰ বিশ্বৰ কোটি কোটি ফুটবল অনুৰাগীৰ অপেক্ষাৰ অন্ত পৰিবলৈ মাজত আৰু মাথোঁ দুটা দিন। ২০ জুলাইত বিশ্ব ফুটবলে লাভ কৰিব নতুন বিশ্ব চেম্পিয়ন। নিউ জাৰ্ছীত অনুষ্ঠিত হ’বলগীয়া মহাৰণত ডিফেণ্ডিং চেম্পিয়ন আৰ্জেণ্টিনাৰ সন্মুখীন হ’ব ২০১০ চনৰ বিশ্ব চেম্পিয়ন স্পেইন। এফালে বিশ্ব ফুটবলৰ জীৱন্ত কিংবদন্তি লিঅ’নেল মেছি, আনফালে নতুন প্ৰজন্মৰ উদ্ভাসিত তাৰকা লামিনে য়ামাল। এই মহাৰণৰ আগমুহূৰ্ততে সামাজিক মাধ্যমত জুইৰ দৰে বিয়পি পৰিছে ১৯ বছৰ পুৰণি এখন বিশেষ ফটো।

এই ফটোখনৰ বিশেষত্বই ফুটবল বিশ্বক আবেগিক কৰি তুলিছে। সকলোৱে সমস্বৰে কৈছে-এই কাকতলীয়া সংযোগ কেনেকৈ সম্ভৱ? ফটোখনত দেখা গৈছে ২০ বছৰীয়া লিঅ’নেল মেছিয়ে এটি পাঁচমহীয়া শিশুক বাথটাবত গা ধুৱাই আছে। সেই সময়ত হয়তো কোনেও কল্পনাও কৰা নাছিল, মেছিৰ কোলাত থকা সেই কণমানি শিশুটোৱেই এদিন বিশ্ব ফুটবলৰ অন্যতম উদ্ভাসিত তাৰকা হিচাপে আত্মপ্ৰকাশ কৰিব আৰু ফুটবলৰ সৰ্বশ্ৰেষ্ঠ মেচখনত সাম্প্ৰতিক সময়ৰ সৰ্বশ্ৰেষ্ঠ ফুটবলৰ যাদুকৰ মেছিৰ বিৰুদ্ধে যুঁজ দিব। বাথটাবৰ সেই শিশুটোৱেই এতিয়া স্পেইনৰ ৰাইট উইংগাৰ লামিনে য়ামাল।

এটা বিশেষ কাৰ্যসূচীৰ বাবে তোলা হৈছিল ফটোখন

সম্প্ৰতি ভাইৰেল হোৱা এই ফটোখন ২০০৭ চনত তোলা হৈছিল। তেতিয়া য়ামালৰ বয়স আছিল মাত্ৰ পাঁচ মাহ আৰু মেছিৰ বয়স ২০ বছৰ। ২০২৪ চনৰ ইউৰো কাপৰ সময়ত য়ামালৰ পিতৃয়ে ছবিখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰাৰ পিছতেই ই বিশ্বজুৰি আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। এতিয়া বিশ্বকাপ ফাইনেলৰ আগমুহূৰ্তত সেই ঐতিহাসিক মুহূৰ্তটো যেন পুনৰ জীৱন্ত হৈ পৰিছে।

ছবিখনৰ আঁৰৰ কাহিনী

এই যুগমীয়া মুহূৰ্তটো কেমেৰাত বন্দী কৰিছিল এছ’চিয়েটেড প্ৰেছৰ ফ্ৰীলান্স ফটোগ্ৰাফাৰ জোৱান মনফোৰ্টে। ছবিখন আছিল ইউনিচেফ আৰু স্থানীয় ক্ৰীড়া দৈনিক ডায়াৰিঅ’ স্প’ৰ্টৰ যৌথ উদ্যোগত আয়োজিত এক বিশেষ চেৰিটি ফটোশ্বুটৰ অংশ। সেই কাৰ্যসূচীৰ বাবে স্থানীয় পৰিয়ালসমূহৰ মাজত ড্ৰ অনুষ্ঠিত কৰা হৈছিল। সৌভাগ্যক্ৰমে লামিনে য়ামালৰ পৰিয়াল সেই ড্ৰত বিজয়ী হৈছিল আৰু বাৰ্চিলোনাৰ খেলুৱৈসকলৰ সৈতে ফটোশ্বুটৰ সুযোগ লাভ কৰিছিল। সেই সুযোগতেই জন্ম হৈছিল আজিৰ এই ঐতিহাসিক ছবিখনৰ। এই ঐতিহাসিক ফটোখনৰ ফটোগ্ৰাফাৰ জোৱান মনফোৰ্টে এক সাক্ষাৎকাৰত সদৰী কৰিছিল এই কথা

মেছিৰ আৰ্জেণ্টিনাৰ বিৰুদ্ধে স্পেইনৰ প্ৰধান অস্ত্ৰ য়ামাল

বৰ্তমানৰ স্পেইনত বহু বিশ্বমানৰ তাৰকা খেলুৱৈ থাকিলেও ১৯ বছৰীয়া লামিনে য়ামালেই দলটোৰ আটাইতকৈ ডাঙৰ ভৰসা, পৰিসংখ্যাই তাকেই কয়। ইউৰো কাপ আৰু বিশ্বকাপ মিলাই য়ামালে যিমানখন মেচত স্পেইনৰ ষ্টাৰ্টিং ইলেভেনত স্থান লাভ কৰিছে, সেই সকলো মেচতেই স্পেইনে জয়লাভ কৰিছে। সেয়েহে বিশ্বকাপৰ ফাইনেলতো স্পেইনৰ কোটি সমৰ্থকৰ আশা-আকাংক্ষাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে লামিনে য়ামাল।

এয়া যেন নাটকৰ কাহিনী

১৯ বছৰ আগতে মেছিয়ে কোলাত লৈ যি অখ্যাত শিশুক গা ধুৱাইছিল সেই শিশুটোৱেই এতিয়া ফুটবলৰ শ্ৰেষ্ঠতম মেচখনত ফুটবলৰ যাদুকৰ মেছিৰ বিৰুদ্ধে এঘড়ী যুঁজিবলৈ সাজু হৈছে। ২০ জুলাইত আমেৰিকাৰ নিউ জাৰ্ছী ষ্টেডিয়ামে সাক্ষী হব এই বিৰল পৰিঘটনাৰ। এফালে ফুটবলৰ সৰ্বকালৰ অন্যতম সৰ্বশ্ৰেষ্ঠ খেলুৱৈ মেছি আৰু আনফালে তেৱেঁৰেই সান্নিধ্য লাভ কৰা এটি শিশু যি এতিয়া ফুটবল বিশ্বৰ এজন উদ্ভাসিত তাৰকা য়ামাল।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Lionel Messi'
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং
জীৱনশৈলী

মহে অতিষ্ঠ কৰিছে নেকি? এই পদ্ধতি অনুসৰণ কৰিলে দিব পলাই পত্ৰং

September 15, 2026
মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ, দূৰ কৰক সহজ ঘৰুৱা উপায়েৰে
জীৱনশৈলী

মাহেকীয়াত অত‍্যন্ত পেটৰ বিষ? এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

September 15, 2026
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?
অসম

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

September 15, 2026
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ
জীৱনশৈলী

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

September 15, 2026
Next Post
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.