কন্টেন্ট ক্ৰিয়েটৰৰ পৰা বলীউডৰ অভিনেত্ৰী আৰু সফল ব্যৱসায়ীলৈ যাত্ৰা। তেওঁৰ অন্তৰ্বাসৰ ব্ৰেণ্ড ‘আণ্ডাৰকনিট’ৰ ব্যৱসায় ২০০ কোটি টকা। কোন এইগৰাকী অভিনেত্ৰী জানো আহক…
কন্টেন্ট ক্ৰিয়েটৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰি বলীউডত স্থান লাভ কৰিছে এইগৰাকী অভিনেত্ৰী। এগৰাকী সফল ব্যৱসায়ী হিচাপে পৰিগণিত হোৱা এগৰাকী ছোৱালীৰ কাহিনী আজি জানক।
ব্যক্তিগত জীৱনত ধুমুহাৰ মাজেৰে পাৰ হৈ, শূন্যৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰি, আজি ২০০ কোটি টকাৰ নিজাকৈ সাম্ৰাজ্য গঢ়ি তুলিছে অভিনেত্ৰী কুশা কপিলাই।
ধেমেলীয়া ভিডিঅ’ বনাই আৰু মহিলাৰ অন্তৰ্বাসৰ কথা কৈ খ্যাতি অৰ্জন কৰিছিল। তাৰ পিছত অভিনয়ৰ ক্ষেত্ৰতো পাতনি মেলে। আজি তেওঁ কেৱল এগৰাকী প্ৰভাৱশালী ব্যক্তিয়েই নহয়, ভাল অভিনেত্ৰীয়ো। ৩৬ বছৰীয়া কুশা ‘আণ্ডাৰকনিট’ নামৰ ইনাৰৱেৰ আৰু শ্বেপৱেৰ ব্ৰেণ্ডৰ মালিক। ২০২৫ চনৰ এপ্ৰিল মাহত মুকলি কৰা এই ব্ৰেণ্ডটোৱে অপৰিসীম জনপ্ৰিয়তা লাভ কৰিছে।
কোম্পানীটোৰ মতে, জুন মাহৰ ভিতৰত তেওঁলোকৰ বাৰ্ষিক টৰ্নঅভাৰ ২০০ কোটি টকাৰ ৰান ৰেটত উপনীত হয়। কুশাৰ ব্ৰেণ্ড ‘আণ্ডাৰনিট’ একাধিক প্লেটফৰ্মত উপলব্ধ। কুশাই নিয়মিতভাৱে নিজৰ ব্ৰেণ্ডৰ প্ৰচাৰৰ বাবে ভিডিঅ’ শ্বেয়াৰ কৰে।
অভিনয় জীৱনত কুশাই ‘গোষ্ট ষ্ট’ৰীজ’, ‘প্লেন এ প্লেন বি’, ‘চেলফি’, ‘সুখী’, ‘থেংক ইউ ফৰ কমিং’, ‘মাছাবা মাছাবা’, ‘কুছ তোহ বানা হ্যে’কে ধৰি কেইবাটাও প্ৰজেক্টত কাম কৰি আহিছে। শেহতীয়াকৈ নেটফ্লিক্সৰ ধাৰাবাহিক ‘মালা লিগেল হাই’ৰ দ্বিতীয় ছিজনত নাইনা অৰোৰাৰ চৰিত্ৰত অভিনয় কৰিছিল।
কুশাৰ ব্যক্তিগত জীৱনৰ কথা কওঁতে ২০১৭ চনত জোৰাৱাৰ আহলুৱালিয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু ২০২৩ চনত সম্পৰ্ক বিচ্ছিন্ন হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















