উত্তৰ পূবৰ নিচেই ওচৰতে থকা বাংলাদেশত ১০৩টা বিভিন্ন স্থানত উদ্ধাৰ হৈছে বো*মাসদৃশ বিস্ফোৰক সামগ্ৰী। ইয়াকে লৈ দেশখনৰ নিৰাপত্তা সংস্থাসমূহ সষ্টম হৈ পৰিছে। বিশেষকৈ দেশখনৰ নিৰপত্তা প্ৰতিষ্ঠানসমূহক টাৰ্গেট কৰাৰ তথ্য লাভ কৰিছে দেশখনৰ চোৰাংচোৱাই। ফলস্বৰূপে সমগ্ৰ দেশতে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।
কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে স্পৰ্শকাতৰ অঞ্চল, চৰকাৰী প্ৰতিষ্ঠান, ডাঙৰ ডাঙৰ পথ, জনবহুল স্থানত চোৰাংচোৱাগিৰি বৃদ্ধি কৰা হৈছে। আৰক্ষী বিষয়াসকলক সন্দেহজনক কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ আৰু প্ৰয়োজন হ’লে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই সতৰ্কবাণীৰ পিছত জনসাধাৰণক যিকোনো সন্দেহজনক ব্যক্তি, বস্তু, বা কাৰ্যকলাপৰ বিষয়ে তৎকালীনভাৱে আৰক্ষীক খবৰ দিবলৈ আৰু উৰাবাতৰিক আওকাণ কৰিবলৈও আহ্বান জনোৱা হৈছে।
যোৱা কেইদিনমানৰ পৰা বাংলাদেশৰ বিভিন্ন স্থানত বো*মা আৰু বো*মাসদৃশ সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাই নিৰাপত্তা সংস্থাসমূহৰ মাজত উদ্বেগ প্ৰকাশ কৰিছে। ঢাকাৰ আছুলিয়াত I*ED সদৃশ বো*মা উদ্ধাৰ হোৱাৰ বিপৰীতে ২৪ জুলাইত মতিঝীল মেট্ৰ’ ষ্টেচনৰ তলত টাইমাৰযুক্ত পাইপ বো*মা উদ্ধাৰ কৰা হয়। ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে দেশখনৰ চোৰাংচোৱা সংস্থাই। ইয়াৰ উপৰিও চট্টগ্ৰামকে ধৰি অসম তথা উত্তৰ পূবৰ সীমামূৰীয়া অঞ্চলতো বো*মা উদ্ধাৰ হোৱা ঘটনাই উত্তৰ পূবলৈও উদ্বেগ কঢ়িয়াইছে।
প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ চৰকাৰক উৎখাত কৰাৰ দ্বিতীয় বৰ্ষপূৰ্তি ওচৰ চাপি অহাৰ সময়ত এই ঘটনা সংঘটিত হোৱাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই সময়ছোৱাত আৰক্ষী আৰু আইন প্ৰয়োগকাৰী প্ৰতিষ্ঠানক লক্ষ্য কৰি লোৱা হ’ব পাৰে বুলি চোৰাংচোৱা সংস্থাসমূহে উদ্বেগ প্ৰকাশ কৰিছে। এই তথ্যৰ ভিত্তিত সমগ্ৰ দেশৰ আৰক্ষী ইউনিটসমূহক অতিৰিক্ত সজাগ হৈ থাকিবলৈ আৰু নিৰাপত্তা শক্তিশালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
আৰক্ষীয়ে ইতিমধ্যে ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে, কিন্তু উৰাবাতৰিৰ পৰা আঁতৰি থাকিবলৈ আৰু আতংকিত নহ’বলৈ আহ্বান জনাইছে। দেশৰ ৰাজনৈতিক পৰিৱেশ স্পৰ্শকাতৰ হৈ থকা সময়তে এই সতৰ্কবাণী জাৰি কৰা হৈছে। আৰক্ষী মুখ্য কাৰ্যালয়ে সকলো জিলা আৰক্ষী, মহানগৰ আৰক্ষী আৰু অন্যান্য নিৰাপত্তা ইউনিটক সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিছে। গুৰুত্বপূৰ্ণ চৰকাৰী ভৱন, আৰক্ষী কাৰ্যালয়, ৰাজহুৱা স্থান, আৰু ভিৰ কৰা অঞ্চলত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। নিয়মীয়াকৈ টহল দিয়াৰ লগতে সন্দেহজনক বাহন আৰু মানুহৰ পৰীক্ষাও তীব্ৰতৰ কৰা হৈছে।
চলিত বৰ্ষত বাংলাদেশত কমেও ১০৩টা সক্ৰিয় বো*মা আৰু IE*D উদ্ধাৰ কৰা হৈছে। বিগত ফেব্ৰুৱাৰীতো শ্বৰীয়তপুৰ জিলাত দেশখনৰ যৌথ বাহিনীয়ে ৯৫টা খাৰুৱা বো*মা উদ্ধাৰ কৰিছিল। ইয়াৰ পিছতে মাৰ্চতো ঢাকাৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ বাবে প্ৰৱেশদ্বাৰৰ সমীপত ছটা খাৰুৱা বো*মা উদ্ধাৰ হৈছিল
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















