শ্বিলঙত খাছি ছাত্ৰ ইউনিয়নৰ (KSU) প্ৰতিবাদৰ পৰা সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতি আৰু তাৰ প্ৰতিক্ৰিয়া স্বৰূপে অসমত চলা প্ৰতিবাদসমূহ সাময়িকভাৱে স্থগিত ৰখা হৈছে। এতিয়াৰে পৰা অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী।
মন্ত্ৰীসকলৰ সৈতে আলোচনাৰ পিছতে বৃহৎ ঘোষণা অসম ৰাজ্যিক চালক সন্থাৰ। তেওঁলোকে কয়, ‘মেঘালয়ক ক্ষতি কৰিবৰ বাবে আমি প্ৰতিবাদ কৰা নাই। তেওঁলোকৰ ভুল বুজিবৰ বাবেহে আমি প্ৰতিবাদ কৰিছো। সাময়িকভাৱে আমি আজি প্ৰতিবাদ স্থগিত কৰিলো, মেঘালয়ে ক্ষতিপূৰণ নিদিলে বাহনৰ ক্ষতিপূৰণ অসম চৰকাৰে দিম বুলি কৈছে।
ইয়াৰ লগতে কয়, ‘২ টা দাবীৰ পূৰণৰ প্ৰতিশ্ৰুতি দিছে মেঘালয় চৰকাৰে, চৰকাৰে প্ৰৱঞ্চনা কৰিলে পুনৰ প্ৰতিবাদ হ’ব।’
উল্লেখ্য যে, ১৯ আগষ্টৰ ঘটনাৰ ক্ষতিপূৰণ দিব মেঘালয় চৰকাৰে। আক্ৰমণত ক্ষতি হোৱা অসমৰ পঞ্জীকৃত প্ৰতিখন বাহনৰ প্ৰদান কৰা হ’ব ক্ষতিপূৰণ। KSUৰ আক্ৰমণত আঘাতপ্ৰাপ্ত প্ৰতিগৰাকীৰ চিকিৎসা ব্যয় গ্ৰহণ কৰিব বুলি জনায় মেঘালয় চৰকাৰে। বৈঠকৰ পিছতে ঘোষণা মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী এছ.ধৰৰ। এতিয়া ক্ষতিপূৰণ দিবলৈ মেঘালয়ৰ মুখ্য সচিবক নিৰ্দেশ দিয়ে। খানাপাৰাত মৌখিক প্ৰতিশ্ৰুতি দিলে মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰীয়ে।
(এই প্ৰতিবেদন যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















