জুবিন গাৰ্গ অসমৰ বাবে কেৱল এগৰাকী শিল্পী নহয়, তেওঁ অসমৰ আবেগ, অসমৰ জীয়া অনুভৱ। কায়িকভাৱে তেওঁ কাষত নাথাকিলেও তেওঁৰ চিন্তা, সপোন আৰু আদৰ্শ এতিয়াও আপোন মানুহৰ মাজত জীয়াই আছে। একেদৰেই তেওঁৰ জীৱনসংগী গৰিমা শইকীয়া গাৰ্গৰ বাবে জুবিন দা আজিও প্ৰতিটো মুহূৰ্তৰ সংগী। অসম Live24ৰ এক প’ডকাষ্টত মুখ্য পৰিচালন সম্পাদক ঋতুস্মিন শৰ্মাৰ সৈতে হোৱা বাৰ্তালাপত গৰিমা শইকীয়া গাৰ্গে জুবিন দাক লৈ নিজৰ মনৰ বহু কথা প্ৰকাশ কৰে।
অসম Live24ৰ প’ডকাষ্টটোত গৰিমা বৌৱে কয়-‘তেওঁ নাই বুলি ভাবিবলৈ মই খুব কষ্ট পাও। তেওঁ নাই বুলি কেতিয়াও নাভাবোঁ। তেওঁক অনবৰতে মই লৈ ফুৰোঁ। প্ৰতিটো মুহূৰ্ততে প্ৰতিটো কথাই তেওঁৰ সৈতে মই পাতি থাকোঁ। কিন্তু মোৰ মনৰ ভিতৰত এখন যুদ্ধ অনবৰতে অবিৰাম চলিয়েই আছে। এই যুদ্ধখনে বহুসময়ত মোক ভাগি পেলাব খোজে, পুনৰাই নিজক শক্তিশালী কৰি তুলিবলৈ চেষ্টা কৰোঁ কাৰণ তেওঁ(জুবিন দা) মোক বহু শক্তিশালী বুলি ভাবে, কলোঁ কাম মই কৰিব পাৰো বুলি তেওঁ বিশ্বাস কৰে। তেওঁৰ সেই বিশ্বাস মই ভাঙিব নোখোজোঁ।’
জুবিন দাৰ কায়িক অনুপস্থিতিৰ অনুভৱক উদ্দেশ্য কৰি গৰিমা বৌৱে পুনৰাই কয়-‘তেওঁ কায়িকভাৱেহে মোৰ ওচৰত নাই, কায়িকভাৱেহে তেওঁৰ মাতষাৰ নাপাও, কিন্তু তেওঁ অনবৰতে আছে মোৰ মাজত। তেওঁ এতিয়া এনেকৈয়ে মোক বাট দেখুৱাইছে, আগুৱাই যোৱাৰ প্ৰেৰণা দিছে। কিছুমান কথা এনেকুৱা হৈছে যেন এক অলৌকিক ঘটনাহে।’
ঈশ্বৰ পুত্ৰৰ কায়িক প্ৰস্থানৰ পিছৰ সময়ছোৱাৰ কিছু ঘটনা অসম Live24ৰ দৰ্শকৰ আগত বৰ্ণনা কৰি গৰিমা বৌৱে কয়-বিহুৰ সময়ত আগৰ সময়বোৰত উখল-মাখল পৰিৱেশ হৈ আছিল ঈশ্বৰ পুত্ৰ জুবিন দাৰ ঘৰ। বিহুক লৈ জুবিন দাই ২০-৩০ যোৰ কাপোৰ সজাই পৰাই ৰখাৰ কথাও কয় গৰিমা বৌৱে। এইবাৰ লতাশিল বিহুৰ অনুষ্ঠানলৈ যোৱাৰ আগেয়ে ঘটা কিছু অলৌকিক যেন লগা ঘটনাৰ কথাও অসম Live24ৰ দৰ্শকৰ আগত প্ৰকাশ কৰে গৰিমা বৌৱে। লতাশিললৈ যোৱাৰ আগেয়ে তেওঁৰ মনলৈ অহা এটা কবিতাৰ পংক্তিৰ কথা উল্লেখ কৰে। গৰিমা বৌৱে এইটোও উল্লেখ কৰে যে তেতিয়ালৈ তেওঁ জুবিন দাৰ গান শুনিবই পৰা নাছিল। তেওঁৰ গান শুনিলেই ভাগি পৰিছিল। সেইদিনা গৰিমা বৌৰ মনলৈ অহা জুবিন দাৰ কবিতাটো আছিল-
‘অধৰ-নিথৰ
পৰশ জঠৰ
দুচকু পাথৰ
এয়াই চাগে তুমি
মই সুখী’

জুবিন দাৰ এই কবিতাটোৱেই যেন গৰিমা বৌকো ভৱিষ্যতৰ বাট দেখুৱাই দিলে। এদিন যেতিয়া ঘৰত জুবিন দাৰ পিতৃক পৰিচৰ্যা কৰা চন্দনক দায়িত্বত এৰি সকলো ‘জুবিনক্ষেত্ৰ’লৈ গৈছিল তেতিয়া এটা পাৰ বেলকনিৰে ঘৰৰ ভিতৰলৈ আহি বহু সময় আছিল। এয়াও এক বিশ্বাস, এক আলৌকিক ঘটনাৰ দৰেই। অসম Live24ৰ Podcastটোত মুখ্য পৰিচালন সম্পাদক ঋতুস্মিন শৰ্মাৰ সৈতে হোৱা বাৰ্তালাপত গৰিমা বৌৱে এনে আৰু বহু ঘটনা, অসমৰ সাম্প্ৰতিক পৰিস্থিতি আৰু জুবিন দাৰ উপস্থিতি(কায়িকভাৱে নহলেও)ৰ বিষয়েও নিজৰ মনৰ কথাবোৰ প্ৰকাশ কৰে।
গৰিমা বৌৱে লগতে জুবিন দাৰ মনত পুহি ৰখা এটা সপোনৰ কথাও উল্লেখ কৰে। জুবিন দাই অন্তৰৰ পৰা অসমত এখন অতি উন্নতমানৰ ফুটবল একাডেমী স্থাপনৰ সপোন মনতে জীয়াই ৰাখিছিল। জুবিন দাই সপোন দেখিছিল ফুটবল বিশ্বকাপত এদিন হলেও ভাৰতে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু তাত অসমৰ এজন হ’লেও ফুটবলাৰ থাকিব। ঈশ্বৰ পুত্ৰৰ এই সপোনটো কেনেকৈ, কিদৰে বাস্তৱ ৰূপ দিব পাৰি, কিদৰে আগবাঢ়িব পাৰি এই ক্ষেত্ৰত অসমবাসীৰো সহায় বিচাৰে গৰিমা বৌৱে। শেষত গৰিমা বৌৱে কোৱাৰ দৰেই ক’ব লাগিব-অসম আৰু অসমীয়াক এৰি জুবিন দা কেতিয়াও ক’লৈ নাযায়।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
গৰিমা শইকীয়া গাৰ্গৰ পডকাষ্টটো চাবলৈ ইয়াতে Click কৰক- https://www.facebook.com/reel/2865606677154600
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















