বহিঃৰাজ্যৰ পৰা অসমলৈ অহা একাংশ লোকে ভুৱা জাতিগত প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বিভিন্ন চৰকাৰী সুবিধা গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে। বিশেষকৈ ধেমাজি জিলাৰ জোনাই মহকুমাত এনে অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি সংগঠনটোৱে বিষয়টোত চৰকাৰৰ কঠোৰ হস্তক্ষেপ দাবী কৰিছে।
ধেমাজি প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত সংগঠনটোৱে অভিযোগ কৰে যে বিহাৰ, পশ্চিমবংগ, উত্তৰ প্ৰদেশকে ধৰি বিভিন্ন ৰাজ্যৰ পৰা অহা একাংশ লোকে ভুৱা জাতিগত প্ৰমাণপত্ৰৰ জৰিয়তে অসমৰ অনুসূচিত জাতিৰ লোকসকলে লাভ কৰিবলগীয়া সুবিধা গ্ৰহণ কৰি আহিছে। সংগঠনটোৰ অভিযোগ অনুসৰি, ভুৱা অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ লৈ একাংশ লোকে নৱোদয় বিদ্যালয়, কাৰিকৰী আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়কে ধৰি বিভিন্ন শিক্ষানুষ্ঠানত অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আসনৰ সুবিধা লাভ কৰিছে। ইয়াৰ ফলত প্ৰকৃত অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ন্যায্য অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে সংগঠনটোৱে।
সংবাদমেলত সংগঠনটোৰ সাধাৰণ সম্পাদক দেৱ কুমাৰ দাসে অভিযোগ কৰে যে বহিঃৰাজ্যৰ পৰা প্ৰব্ৰজিত একাংশ লোকে ভুৱা জাতিগত প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি জোনাই সমজিলাত স্থায়ীভাৱে বসবাস কৰাৰ লগতে ট্ৰাইবেল বেল্টৰ মাটিও ক্ৰয় কৰিছে। সংগঠনটোৰ মতে, এনে কাৰ্য কেৱল আইন-নিয়মৰ উলংঘনেই নহয়, বৰং অঞ্চলটোৰ ভূমিপুত্ৰসকলৰ বাবেও ভৱিষ্যতে সমস্যাৰ সৃষ্টি কৰিব পাৰে। সংবাদমেলত সংগঠনটোৱে দাবী কৰে যে ধেমাজি জিলাত ইতিমধ্যে কেইবাগৰাকী লোকৰ জাতিগত প্ৰমাণপত্ৰ বাতিল কৰা হৈছে। কিন্তু এই অনিয়মৰ বিৰুদ্ধে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন আছে বুলি সংগঠনটোৱে মত প্ৰকাশ কৰে।

সংগঠনটোৱে এই বিষয়টো ধেমাজি জিলা আয়ুক্তৰ দৃষ্টিগোচৰ কৰাৰ পিছতো উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগো উত্থাপন কৰে। সংবাদমেলত ভাৰত মাহাতো নামৰ বিহাৰৰ নুনিয়া সম্প্ৰদায়ৰ এজন লোকৰ বিৰুদ্ধে বিশেষভাৱে অভিযোগ উত্থাপন কৰে অনুসূচিত জাতি ছাত্ৰ সন্থাই। সংগঠনটোৰ অভিযোগ অনুসৰি, তেওঁ অবৈধভাৱে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ লাভ কৰিছে। অৱশ্যে এই অভিযোগসমূহৰ সত্যতা সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষৰ তদন্ত আৰু নথি-পত্ৰ পৰীক্ষাৰ জৰিয়তেহে নিশ্চিত হ’ব।
বিষয়টোক লৈ অচিৰেই স্ব-জনগোষ্ঠীয় সংগঠন আৰু সচেতন মহলক লৈ এখন সভা অনুষ্ঠিত কৰাৰ কথাও ঘোষণা কৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই। সংগঠনটোৰ দাবী—জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ ক্ষেত্ৰত অধিক কঠোৰ ব্যৱস্থা বা প্ৰক্ৰিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু ভুৱা প্ৰমাণপত্ৰৰ জৰিয়তে চৰকাৰী সুবিধা গ্ৰহণ কৰা লোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। সংবাদমেলত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ জিলা সমিতিৰ সভাপতি সত্যনাথ বৰা, সাধাৰণ সম্পাদক বনমালি কাকতিকে ধৰি কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।
এতিয়া মূল প্ৰশ্ন—ভুৱা জাতিগত প্ৰমাণপত্ৰৰ জৰিয়তে যদি কোনোবাই সংৰক্ষণ আৰু চৰকাৰী সুবিধা লাভ কৰিছে, তেন্তে প্ৰকৃত হিতাধিকাৰীৰ অধিকাৰ সুৰক্ষিত কৰিবলৈ প্ৰশাসনে কিমান সোনকালে ব্যৱস্থা গ্ৰহণ কৰে, সেয়াই হ’ব লক্ষ্যণীয়।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















