কায়িকভাৱে জুবিন দা নোহোৱা এবছৰ সম্পূৰ্ণ হোৱাৰ সময়তে পুনৰ চৰ্চালৈ আহিছে ঈশ্বৰপুত্ৰৰ মহাপ্ৰয়াণ আৰু তেওঁৰ সৈতে জড়িত বিভিন্ন আধ্যাত্মিক দাবী। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত টেৰ’ট কাৰ্ড ৰীডাৰ ববিতা সিনহাই গৰিমা শইকীয়া গাৰ্গক লৈ কৰা এটা মন্তব্যই নতুনকৈ চৰ্চাৰ সৃষ্টি কৰিছে। ভিডিঅ’টোত তেওঁ গৰিমা বৌক ছিংগাপুৰলৈ গৈ জুবিন দাৰ ‘আত্মা’ ঘূৰাই আনিব লাগে বুলি ইংগিত দিয়া দেখা গৈছে। কিন্তু প্ৰশ্ন হৈছে—কিয় ববিতা সিনহাই এনেদৰে ক’লে? তেওঁ আচলতে কি বুজাব বিচাৰিছে?
ঈশ্বৰপুত্ৰৰ মহাপ্ৰয়াণ ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত ছিংগাপুৰত সংঘটিত হৈছিল। তেওঁ তাত North East Festivalৰ সৈতে জড়িত কাৰ্যসূচীৰ বাবে গৈছিল। মহাপ্ৰয়াণৰ পিছত তেওঁৰ পৰিয়াল আৰু অনুৰাগীৰ মাজত ঘটনাটোৰ প্ৰকৃত কাৰণক লৈ বহু প্ৰশ্নৰ সৃষ্টি হৈছিল। পিছত জুবিন দাৰ মহাপ্ৰয়াণৰ সৈতে জড়িত বিষয়সমূহ ছিংগাপুৰৰ কৰ’নাৰৰ অনুসন্ধান প্ৰক্ৰিয়াতো আহে। গৰিমা বৌৱেও ছিংগাপুৰত চলি থকা আইনী প্ৰক্ৰিয়াটোত অধিক স্বচ্ছ তদন্তৰ বাবে ভাৰত আৰু অসম চৰকাৰৰ হস্তক্ষেপ বিচাৰিছিল। অৰ্থাৎ ঈশ্বৰপুত্ৰৰ মহাপ্ৰয়াণৰ সৈতে ছিংগাপুৰৰ সম্পৰ্ক কেৱল মহাপ্ৰয়াণৰ স্থান হিচাপেই নহয়, পৰৱৰ্তী অনুসন্ধানৰ বাবেও গুৰুত্বপূৰ্ণ হৈ আছে। এইখিনিলৈ আমি জুবিনদাৰ সকলো অনুৰাগীয়েও জানো কিন্তু টেৰ’ট কাৰ্ড ৰীডাৰ ববিতা সিনহাই ‘আত্মা ঘূৰাই আনিব লাগে’ বুলি কোৱা মন্তব্যৰ প্ৰকৃত অৰ্থ কি হ’ব পাৰে?
ইয়াত এটা গুৰুত্বপূৰ্ণ কথা বুজি লোৱা প্ৰয়োজন। টেৰ’ট কাৰ্ড ৰিডিং বা আধ্যাত্মিক বিশ্বাসত ‘soul’, ‘energy’, ‘spirit’ আদি শব্দৰ ব্যৱহাৰ কৰা হয়। সেয়ে ববিতা সিনহাই কৰা মন্তব্যক চিকিৎসা-বিজ্ঞান বা তদন্তৰ কোনো প্ৰতিবেদন হিচাপে ল’ব নোৱাৰি। তেওঁৰ বক্তব্যৰ সম্ভাব্য অৰ্থ হৈছে—জুবিন দাৰ মহাপ্ৰয়াণৰ সৈতে ছিংগাপুৰৰ যি গভীৰ মানসিক আৰু আধ্যাত্মিক সংযোগ সৃষ্টি হৈছে, সেই স্থানলৈ গৰিমা বৌৱে নিজে গৈ কোনো এক আধ্যাত্মিক প্ৰক্ৰিয়াৰ জৰিয়তে জুবিন দাৰ আত্মাক ‘বিদায়’ বা ‘মুক্তি’ দিয়াৰ দৰে কোনো কাৰ্য কৰিব লাগে।
জুবিন দা আৰু গৰিমা বৌৰ সম্পৰ্ক অসমৰ জনসাধাৰণৰ মাজত অতি পৰিচিত। দুয়োৰে বিৱাহ ২০০২ চনত হৈছিল আৰু গৰিমা বৌ দীৰ্ঘদিন ধৰি জুবিন দাৰ ব্যক্তিগত আৰু সৃষ্টিশীল জীৱনৰ সৈতে ঘনিষ্ঠভাৱে জড়িত আছিল। জুবিন দাৰ মহাপ্ৰয়াণৰ পিছতো গৰিমা বৌৱে তেওঁৰ অসম্পূৰ্ণ কাম আৰু সৃষ্টিশীল প্ৰকল্পসমূহ আগবঢ়াই নিয়াৰ কথা কৈছিল। সেয়েহে ‘গৰিমাই নিজে ছিংগাপুৰলৈ গৈ জুবিনৰ আত্মা ঘূৰাই আনিব লাগে’—এই বক্তব্যটো মূলতঃ জুবিন-গৰিমাৰ গভীৰ ব্যক্তিগত সম্পৰ্ক আৰু জুবিন দাৰ মহাপ্ৰয়াণৰ স্থান ছিংগাপুৰক কেন্দ্ৰ কৰি কৰা এক আধ্যাত্মিক ব্যাখ্যা হিচাপে চাব পাৰি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















