মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ দিৱেগৰ বিলত বৃহস্পতিবাৰে সংঘটিত এক শোকাৱহ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। সাগৰত সাঁতুৰিবলৈ গৈ পুনেৰ আলণ্ডিৰ ৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি হোৱা বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, পুনেৰ আলণ্ডিৰ এখন ব্যক্তিগত কোচিং ক্লাছৰ মুঠ ৪২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ এটা দল পিকনিকৰ বাবে দিৱেগাৰ বিললৈ আহিছিল। মুম্বাইৰ পৰা প্ৰায় ১৭০ কিলোমিটাৰ দূৰত অৱস্থিত দিৱেগাৰ বিললৈ দলটো আহিছিল। পিকনিকৰ সময়ত দলটোৰ কেইগৰাকীমান ছাত্ৰ-ছাত্ৰী সাগৰত সাঁতুৰিবলৈ নামিছিল।
ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰৰ ৮ গৰাকী ছাত্ৰ-ছাত্ৰী সাঁতুৰি উভতি নাহিল। তেওঁলোক সাগৰত ডুব যোৱাৰ সন্দেহত পিছত স্থানীয় লোক আৰু প্ৰশাসনৰ সহযোগত উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। অভিযান চলাই অৱশেষত আঠগৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃ*তদেহ সাগৰৰ পৰা উদ্ধাৰ কৰা হয়।
ঘটনাটোৰ খবৰ লাভ কৰাৰ পাছতে স্থানীয় বাসিন্দাসকলে উদ্ধাৰকাৰী দলৰ সৈতে মিলি ততাতৈয়াকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। উদ্ধাৰ অভিযানত মহাকালি জল ক্ৰীড়াৰ কৰ্মচাৰী আৰু স্থানীয় লোকসকলেও সহযোগ কৰে। দীৰ্ঘ সময়ৰ উদ্ধাৰ অভিযানৰ পাছত সাগৰৰ পৰা আঠজন ছাত্ৰ-ছাত্ৰীৰ মৃ*তদেহ উদ্ধাৰ কৰা হয়।
উদ্ধাৰ কৰা মৃ*তদেহসমূহৰ ভিতৰত দুটা মৃত*দেহ বৰলী পঞ্চটান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। এই শোকাৱহ ঘটনাই মৃত ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়ালত গভীৰ শোকৰ ছাঁ পেলাইছে। ঘটনাটোক কেন্দ্ৰ কৰি স্থানীয় অঞ্চলতো শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















