• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

2 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

6 minutes ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

43 minutes ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

2 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

3 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

4 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

12 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

13 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

14 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

14 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

15 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

15 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

অতীতত কেলেণ্ডাৰত কিয় নাছিল জানুৱাৰী, ফেব্ৰুৱাৰী মাহ?

editor by editor
October 7, 2026
in বিবিধ, বিশ্ব, লেখা, শিক্ষা
0
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম
0
SHARES
21
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমি সকলোৱে কেলেণ্ডাৰ ব্যৱহাৰ কৰোঁ। ইংৰাজী কেলেণ্ডাৰৰ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ ১২টা মাহৰ নাম আমাৰ দৈনন্দিন জীৱনৰ অতি পৰিচিত। কিন্তু কেতিয়াবা ভাবিছেনে—এই মাহবোৰৰ নাম ক’ৰ পৰা আহিল? কিয় জুলাই আৰু আগষ্টৰ নাম দুজন ৰোমান শাসকৰ নামেৰে, আনহাতে ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ আৰু ডিচেম্বৰৰ নাম সংখ্যাৰ সৈতে জড়িত? এই নামবোৰৰ আঁৰত আছে প্ৰাচীন ৰোমৰ ইতিহাস, ৰোমান দেৱ-দেৱী, সম্ৰাট আৰু বহু পুৰণি পৰম্পৰা। আহক, জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ প্ৰতিটো মাহৰ নামৰ আঁৰৰ কাহিনী সহজ ভাষাত জানো।

আজিৰ কেলেণ্ডাৰৰ মূল ভেটি প্ৰাচীন ৰোমৰ কেলেণ্ডাৰৰ সৈতে জড়িত। পৰম্পৰা অনুসৰি, খ্ৰীষ্টপূৰ্ব অষ্টম শতিকাৰ আশে-পাশে ৰোমৰ প্ৰথম ৰজা ৰোমুলাছে ১০ মাহৰ এখন কেলেণ্ডাৰ প্ৰৱৰ্তন কৰিছিল। সেই সময়ত বছৰটো মাৰ্চ মাহৰ পৰা আৰম্ভ হৈছিল আৰু মুঠ ৩০৪ দিন আছিল। শীতকালৰ প্ৰায় ৬০ দিন কোনো মাহৰ অন্তৰ্ভুক্ত নাছিল। পিছত ৰজা নুমা পম্পিলিয়াছে কেলেণ্ডাৰখন অধিক সঠিক কৰাৰ চেষ্টা কৰে। চন্দ্ৰৰ গতিবিধিৰ সৈতে মিল ৰাখিবলৈ তেওঁ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহ দুটা যোগ কৰে। এইদৰেই ১২ মাহৰ কেলেণ্ডাৰৰ ভেটি স্থাপন হয়।

জানুৱাৰী: দেৱতা জানুছৰ মাহ

জানুৱাৰী মাহৰ নাম প্ৰাচীন ৰোমান দেৱতা জানুছৰ নামেৰে ৰখা হৈছিল। জানুছক দুৱাৰ, প্ৰৱেশদ্বাৰ আৰু নতুন আৰম্ভণিৰ দেৱতা হিচাপে গণ্য কৰা হৈছিল। তেওঁক সাধাৰণতে দুখন মুখেৰে দেখুওৱা হৈছিল—এখন মুখে অতীতলৈ আৰু আনখন মুখে ভৱিষ্যতলৈ চাই থাকে। সেয়ে নতুন বছৰৰ আৰম্ভণিৰ মাহ হিচাপে জানুৱাৰীৰ সৈতে জানুছৰ সম্পৰ্ক যথেষ্ট অৰ্থপূৰ্ণ। লেটিন ভাষাত মাহটোৰ নাম আছিল Ianarius, যাৰ পৰাই পিছলৈ January বা জানুৱাৰী নামটো আহে। খ্ৰীষ্টপূৰ্ব ৪৫ চনত জুলিয়াছ ছিজাৰে জুলিয়ান কেলেণ্ডাৰ প্ৰৱৰ্তন কৰাৰ পাছত ১ জানুৱাৰীক বছৰৰ প্ৰথম দিন হিচাপে অধিক গুৰুত্ব দিয়া হয়।

ফেব্ৰুৱাৰী: শুদ্ধিকৰণৰ মাহ

ফেব্ৰুৱাৰী নামটো লেটিন শব্দ Februaৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে শুদ্ধিকৰণ বা পৰিষ্কাৰ কৰা। প্ৰাচীন ৰোমত ফেব্ৰুৱাৰী মাহত Februaria নামৰ এক উৎসৱ পালন কৰা হৈছিল। এই সময়ত বিভিন্ন ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ জৰিয়তে মানুহে নিজকে পাপ আৰু অশুদ্ধিৰ পৰা মুক্ত কৰাৰ চেষ্টা কৰিছিল। পুৰণি ৰোমান কেলেণ্ডাৰত ফেব্ৰুৱাৰী আছিল বছৰৰ শেষ মাহ। সেয়ে পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰাৰ আগতে এই মাহটো এক প্ৰকাৰৰ শুদ্ধিকৰণৰ সময় হিচাপে গণ্য কৰা হৈছিল। আজিও ফেব্ৰুৱাৰী মাহটোৱেই লিপ ইয়েৰ হোৱাৰ ক্ষেত্ৰত বিশেষ। প্ৰতি চাৰি বছৰৰ মূৰে মূৰে সাধাৰণতে এই মাহত এটা অতিৰিক্ত দিন যোগ হয়।

মাৰ্চ: যুদ্ধৰ দেৱতা মাৰ্ছৰ মাহ

মাৰ্চ মাহৰ নাম ৰোমান যুদ্ধৰ দেৱতা মাৰ্ছ (Mars)ৰ নামেৰে ৰখা হৈছিল। প্ৰাচীন ৰোমান কেলেণ্ডাৰত মাৰ্চেই আছিল বছৰৰ প্ৰথম মাহ। শীতকাল শেষ হোৱাৰ পাছত সাধাৰণতে সামৰিক অভিযান আৰম্ভ কৰা হৈছিল। সেয়ে যুদ্ধৰ দেৱতাৰ নামেৰে নামকৰণ কৰা মাৰ্চ মাহক বছৰৰ আৰম্ভণিতে ৰখাটো ৰোমানসকলৰ বাবে যথেষ্ট যুক্তিসংগত আছিল। পিছলৈ জানুৱাৰী আৰু ফেব্ৰুৱাৰী বছৰৰ আৰম্ভণিৰ আগত যোগ হোৱাৰ ফলত মাৰ্চ তৃতীয় মাহ হৈ পৰে।

এপ্ৰিল: বসন্ত, ফুল ফুলাৰ সৈতে জড়িত

এপ্ৰিল মাহৰ নামৰ সঠিক উৎপত্তি সম্পৰ্কে ইতিহাসবিদসকলৰ মাজত সম্পূৰ্ণ একমত নাই। এটা জনপ্ৰিয় মত অনুসৰি, এপ্ৰিল নামটো লেটিন শব্দ aperireৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে খোলা। বসন্তকালত গছ-গছনিৰ কলি মেলি ফুল ফুলে। সেয়ে এই অৰ্থটোৰ সৈতে এপ্ৰিল মাহৰ সম্পৰ্ক থকা বুলি ধাৰণা কৰা হয়। আন এটা মত অনুসৰি, ইয়াৰ সম্পৰ্ক ৰোমান দেৱী ভেনাছৰ সৈতে থাকিব পাৰে। অৱশ্যে ইয়াৰ কোনো নিশ্চিত প্ৰমাণ নাই।

মে’: উৰ্বৰতা আৰু বৃদ্ধিৰ সৈতে জড়িত

মে’ মাহৰ নাম সাধাৰণতে ৰোমান দেৱী মাইয়া (Maia)ৰ সৈতে জড়িত বুলি ধৰা হয়। মাইয়া আছিল বৃদ্ধি আৰু উৰ্বৰতাৰ সৈতে জড়িত এগৰাকী দেৱী। বসন্তকালত গছ-গছনি আৰু কৃষিজাত শস্যৰ বৃদ্ধি আৰম্ভ হোৱাৰ বাবে কৃষিভিত্তিক প্ৰাচীন ৰোমান সমাজত এই সময়ছোৱাক বিশেষ গুৰুত্ব দিয়া হৈছিল। কিছুমান ইতিহাসবিদে অৱশ্যে মে’ নামটোক লেটিন শব্দ maioresৰ সৈতেও সম্পৰ্কিত কৰে। এই শব্দৰ অৰ্থ হৈছে বয়োজ্যেষ্ঠ লোক।

জুন: বিৱাহ আৰু পৰিয়ালৰ দেৱী জুনোৰ মাহ

জুন মাহৰ নাম ৰোমান দেৱী জুনো (Juno)ৰ নামেৰে ৰখা হৈছিল। জুনো আছিল বৃহস্পতিৰ পত্নী আৰু বিৱাহ, সন্তান আৰু পৰিয়ালৰ সৈতে জড়িত এগৰাকী গুৰুত্বপূৰ্ণ দেৱী। এই কাৰণেই পাশ্চাত্যৰ বহু সমাজত জুন মাহক বিয়াৰ বাবে শুভ মাহ হিচাপে গণ্য কৰাৰ পৰম্পৰা গঢ় লৈ উঠিছে। আন এটা মত অনুসৰি, জুন নামটো যুৱক-যুৱতীৰ সৈতে জড়িত লেটিন শব্দৰ পৰাও আহিব পাৰে।

জুলাই: জুলিয়াছ ছিজাৰৰ নামেৰে নামকৰণ

জুলাই মাহৰ কাহিনী যথেষ্ট আকৰ্ষণীয়। প্ৰথমতে জুলাই মাহক Quintilis বুলি কোৱা হৈছিল। ইয়াৰ অৰ্থ আছিল পঞ্চম মাহ। কাৰণ সেই সময়ত মাৰ্চৰ পৰা বছৰ গণনা আৰম্ভ হৈছিল। খ্ৰীষ্টপূৰ্ব ৪৪ চনত জুলিয়াছ ছিজাৰৰ মৃত্যুৰ পাছত তেওঁৰ সন্মানত কুইণ্টিলিছ (Quintilis) মাহৰ নাম সলনি কৰি Julius ৰখা হয়। ইয়াৰ পৰাই বৰ্তমানৰ July বা জুলাই নামটো আহিছে। ছিজাৰৰ জন্মও এই মাহতে হৈছিল। ইয়াৰ পূৰ্বে খ্ৰীষ্টপূৰ্ব ৪৫ চনত ছিজাৰে কেলেণ্ডাৰ ব্যৱস্থাত ডাঙৰ সংস্কাৰ আনি জুলিয়ান কেলেণ্ডাৰ প্ৰৱৰ্তন কৰিছিল। এই কেলেণ্ডাৰ বহু শতিকা ধৰি ব্যৱহৃত হৈছিল।

আগষ্ট: সম্ৰাট অগাষ্টাছৰ নামেৰে

আগষ্ট মাহৰো নাম পূৰ্বতে আন আছিল। ইয়াক ছেক্সটিলিছ (Sextilis) বুলি কোৱা হৈছিল, অৰ্থাৎ ষষ্ঠ মাহ। পিছত খ্ৰীষ্টপূৰ্ব ৮ চনৰ আশে-পাশে ৰোমৰ প্ৰথম সম্ৰাট অগাষ্টাছ (Augustus)ৰ সন্মানত মাহটোৰ নাম আগাষ্টাছ (Augustus) কৰা হয়। পিছলৈ ইয়াৰ পৰাই আগষ্ট নামটো প্ৰচলিত হয়। অগাষ্টাছৰ শাসনকালৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনা আৰু সামৰিক বিজয় এই সময়ছোৱাৰ সৈতে জড়িত আছিল। এটা জনপ্ৰিয় কাহিনী অনুসৰি, জুলাইৰ সৈতে দিনৰ সংখ্যা মিলাবলৈ আগষ্ট মাহতো ৩১ দিন কৰা হৈছিল আৰু তাৰ বাবে ফেব্ৰুৱাৰীৰ পৰা এটা দিন আঁতৰোৱা হৈছিল। কিন্তু ইতিহাসবিদসকলে এই কাহিনীটোক সম্পূৰ্ণ নিৰ্ভৰযোগ্য বুলি নাভাবে।

ইংৰাজী কেলেণ্ডাৰৰ শেষৰ চাৰিটা মাহৰ নামৰ কাহিনী আটাইতকৈ সহজ।
ছেপ্টেম্বৰ — লেটিন septem, অৰ্থাৎ সাত, অক্টোবৰ — লেটিন octo, অৰ্থাৎ আঠ, নৱেম্বৰ — লেটিন novem, অৰ্থাৎ ন, ডিচেম্বৰ (December) — লেটিন decem, অৰ্থাৎ দহ। প্ৰাচীন ৰোমান কেলেণ্ডাৰত মাৰ্চ মাহৰ পৰা বছৰ আৰম্ভ হোৱাৰ বাবে ছেপ্টেম্বৰ আছিল সপ্তম মাহ, অক্টোবৰ অষ্টম, নৱেম্বৰ নৱম আৰু ডিচেম্বৰ দশম মাহ। পিছত জানুৱাৰী আৰু ফেব্ৰুৱাৰী বছৰৰ আৰম্ভণিৰ আগত যোগ হ’ল। ফলত এই মাহবোৰৰ স্থান দুমাহকৈ পিছলৈ গ’ল। কিন্তু নামবোৰ সলনি নহ’ল। সেইবাবেই আজি ছেপ্টেম্বৰ নৱম মাহ, অক্টোবৰ দশম মাহ, নৱেম্বৰ একাদশ মাহ আৰু ডিচেম্বৰ দ্বাদশ মাহ হ’লেও তেওঁলোকৰ নামত এতিয়াও ৭, ৮, ৯ আৰু ১০ সংখ্যাৰ অৰ্থ লুকাই আছে। এইটোৱেই কেলেণ্ডাৰৰ অন্যতম আকৰ্ষণীয় ঐতিহাসিক বিজুতি।

জুলিয়ানৰ পৰা গ্ৰেগৰিয়ান কেলেণ্ডাৰলৈ

সময়ৰ লগে লগে জুলিয়ান কেলেণ্ডাৰত বছৰৰ দৈৰ্ঘ্যৰ সৰু ভুল জমা হৈ গৈছিল। ফলত কেইবাশ বছৰৰ পাছত কেলেণ্ডাৰৰ তাৰিখ আৰু ঋতুৰ মাজত কিছু পাৰ্থক্য দেখা দিবলৈ ধৰিলে। এই সমস্যা শুধৰাবলৈ পোপ গ্ৰেগৰী ত্ৰয়োদশৰ উদ্যোগত ১৫৮২ চনত গ্ৰেগৰিয়ান কেলেণ্ডাৰ প্ৰৱৰ্তন কৰা হয়। নতুন কেলেণ্ডাৰত লিপ ইয়েৰৰ নিয়ম অধিক সঠিকভাৱে নিৰ্ধাৰণ কৰা হয়। কিন্তু মাহবোৰৰ নাম সলনি কৰা নহ’ল। পিছলৈ ইউৰোপৰ বিভিন্ন দেশত গ্ৰেগৰিয়ান কেলেণ্ডাৰ গ্ৰহণ কৰা হয়। ১৭৫২ চনত ব্ৰিটেইন আৰু ইয়াৰ উপনিবেশসমূহেও এই কেলেণ্ডাৰ গ্ৰহণ কৰে। ব্ৰিটিছ শাসনৰ সময়ত ভাৰততো এই কেলেণ্ডাৰৰ ব্যৱহাৰ ব্যাপকভাৱে প্ৰচলিত হয়।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24calender
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন
জীৱনশৈলী

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

October 7, 2026
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা
অপৰাধ

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

October 7, 2026
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত
জীৱনশৈলী

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

October 7, 2026
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ
ভাৰত

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

October 7, 2026
Next Post
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.