AI-ৰ ব্যৱহাৰে সমগ্ৰ বিশ্বতে নতুন নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। কিন্তু এই প্ৰযুক্তিৰ অপব্যৱহাৰে এতিয়া বিভিন্ন ক্ষেত্ৰত নতুন প্ৰত্যাহ্বানৰো সৃষ্টি কৰিছে। বিশেষকৈ নিৰ্বাচনী ব্যৱস্থাত AIৰ অপব্যৱহাৰক লৈ বৃদ্ধি পাইছে উদ্বেগ। শেহতীয়াকৈ আফ্ৰিকাৰ দেশ নাইজেৰিয়াৰ ভোটাৰ তালিকাত দেখা দিছে একাধিক বিসংগতি। বিশেষকৈ AIৰ সহায়ত প্ৰস্তুত কৰা বুলি সন্দেহ কৰা একাধিক ফটো আৰু ভুৱা ভোটাৰৰ তথ্য পোহৰলৈ অহাৰ পাছতে দেশখনত ব্যাপক চৰ্চা আৰম্ভ হৈছে। ২০২৭ চনত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এই ঘটনাই দেশখনৰ নিৰ্বাচনী ব্যৱস্থাৰ স্বচ্ছতা আৰু বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
কেনেকৈ পোহৰলৈ আহিল ভুৱা ভোটাৰৰ তথ্য?
নাইজেৰিয়াৰ নিৰ্বাচন পৰিচালনা কৰা সংস্থা Independent National Electoral Commission (INEC)-এ ২০২৭ চনৰ সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ভোটাৰ তালিকাৰ এখন প্ৰাৰম্ভিক সংস্কৰণ প্ৰকাশ কৰিছিল। ২৬ অক্টোবৰত অনলাইনযোগে প্ৰকাশ কৰা এই ভোটাৰ তালিকাখন পৰীক্ষা কৰাৰ সময়তে একাংশ নাগৰিকে কেতবোৰ অস্বাভাৱিক তথ্য প্ৰত্যক্ষ কৰে। তালিকাখনত একাধিক সন্দেহজনক ফটো, একে ব্যক্তিৰ নামত একাধিক পঞ্জীয়ন আৰু ইতিমধ্যে মৃত্যু হোৱা লোকৰ নামো থকা বুলি অভিযোগ উত্থাপন হয়।
বিশেষকৈ তালিকাৰ একাংশ ফটোত AIৰ সহায়ত সৃষ্টি কৰা ছবি থকাৰ সন্দেহ প্ৰকাশ কৰা হয়। কিছুমান ফটোত মানুহৰ মুখমণ্ডলৰ অস্বাভাৱিক গঠন আৰু আন কিছুমান বিসংগতিয়ে এই সন্দেহ অধিক বৃদ্ধি কৰে। সামাজিক মাধ্যমতো এই সন্দেহজনক ফটোৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰে। ইয়াৰ পাছতে নিৰ্বাচনী আয়োগৰ ভোটাৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ নিৰ্ভৰযোগ্যতাক লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হয়।
AIৰ ফটো কেনেকৈ সোমাল ভোটাৰ তালিকাত?
এই ঘটনাৰ তদন্তৰ সময়ত নাইজেৰিয়াৰ নিৰ্বাচনী আয়োগৰ তথ্য আৰু যোগাযোগ প্ৰযুক্তি বিভাগৰ সঞ্চালক লৰেন্স বায়োডে এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে। তেওঁৰ মতে, একাংশ পঞ্জীয়ন বিষয়াই নিজৰ চৰকাৰী লগ ইন তথ্য ব্যৱহাৰ কৰি ভোটাৰ তালিকাত সন্দেহজনক তথ্য সংযোজন কৰিছিল। অৰ্থাৎ, বাহিৰৰ কোনো লোকে কেৱল AI ব্যৱহাৰ কৰি ভোটাৰ তালিকা প্ৰস্তুত কৰা নাছিল; বৰং পঞ্জীয়ন ব্যৱস্থাত প্ৰৱেশৰ সুবিধা থকা একাংশ বিষয়াৰ বিৰুদ্ধেও অনিয়মৰ অভিযোগ উত্থাপন হৈছে। কিছুমান ক্ষেত্ৰত AIৰ সহায়ত প্ৰস্তুত কৰা ফটো, কেলেণ্ডাৰৰ পৰা সংগ্ৰহ কৰা ছবি আৰু একেখন ফটো একাধিক ব্যক্তিৰ নামত ব্যৱহাৰ কৰাৰ তথ্য পোহৰলৈ আহে।
আনকি বিশেষভাৱে সক্ষম লোকৰ পঞ্জীয়নৰ বাবে থকা সুবিধাৰো অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, কিছুমান ভুৱা ভোটাৰৰ আঙুলিৰ ছাপ নথকাৰ অজুহাত দেখুৱাই বিশেষ পঞ্জীয়ন ব্যৱস্থাৰ জৰিয়তে তেওঁলোকৰ তথ্য অন্তৰ্ভুক্ত কৰা হৈছিল।
১.৫৪ কোটি নহয়, ১৫.৪৫ লাখ সন্দেহজনক পঞ্জীয়ন!
এই ঘটনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে ভোটাৰ পঞ্জীয়নৰ বিসংগতিৰ পৰিসংখ্যা। নাইজেৰিয়াৰ নিৰ্বাচনী আয়োগৰ তথ্য অনুসৰি, ২০২৫-২৬ বৰ্ষৰ Continuous Voter Registration (CVR) প্ৰক্ৰিয়াৰ তিনিটা পৰ্যায়ত মুঠ ১,১০,৮৮,২৩৮টা ভোটাৰ পঞ্জীয়নৰ তথ্য সংগ্ৰহ কৰা হৈছিল। এই তথ্যসমূহ Automated Biometric Identification System (ABIS) নামৰ ব্যৱস্থাৰে পৰীক্ষা কৰোঁতে প্ৰায় ১৫,৪৫,০৫২টা পঞ্জীয়ন সন্দেহজনক হিচাপে চিনাক্ত হয়। পৰৱৰ্তী পৰীক্ষাৰ অন্তত ১,৬০,৮,৬৬০টা অবৈধ পঞ্জীয়ন ভোটাৰ তালিকাৰ পৰা আঁতৰোৱাৰ কথা ৯ নৱেম্বৰত নিৰ্বাচনী আয়োগে ঘোষণা কৰে। ইয়াৰ উপৰি, এই অনিয়মৰ সৈতে জড়িত থকাৰ অভিযোগত ১০খন ৰাজ্যৰ মুঠ ৫৪গৰাকী বিষয়াক চিনাক্ত কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে প্ৰয়োজন অনুসৰি আইনী ব্যৱস্থা গ্ৰহণৰ কথাও ঘোষণা কৰিছে আয়োগে।
AI-ৰ অপব্যৱহাৰে নিৰ্বাচনত কেনে প্ৰভাৱ পেলাব পাৰে?
নিৰ্বাচন ব্যৱস্থাত ভোটাৰ তালিকা হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ নথিসমূহৰ ভিতৰত অন্যতম। কাৰণ, দেশৰ কোন কোন নাগৰিকে ভোটদান কৰিব পাৰিব, সেয়া এই তালিকাৰ ওপৰত নিৰ্ভৰ কৰে। যদি ভোটাৰ তালিকাত ভুৱা পৰিচয়, একাধিক পঞ্জীয়ন অথবা অবৈধ ভোটাৰৰ নাম অন্তৰ্ভুক্ত হয়, তেন্তে নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতাক লৈ সন্দেহৰ সৃষ্টি হ’ব পাৰে। বিশেষকৈ AIৰ সহায়ত ভুৱা ফটো আৰু পৰিচয় সৃষ্টি কৰাটো সহজ হৈ পৰাৰ ফলত নিৰ্বাচনী কৰ্তৃপক্ষৰ বাবে প্ৰকৃত ভোটাৰ আৰু ভুৱা পৰিচয়ৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰাটো অধিক প্ৰত্যাহ্বানজনক হৈ পৰিছে।
এফালে AIৰ দ্ৰুত উন্নয়নে মানুহৰ কাম-কাজ সহজ কৰি তুলিছে, আনফালে এই প্ৰযুক্তিৰ অপব্যৱহাৰে গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰতো প্ৰভাৱ পেলোৱাৰ আশংকা সৃষ্টি কৰিছে। সেয়েহে নাইজেৰিয়াৰ এই ঘটনা কেৱল এখন দেশৰ নিৰ্বাচনী সমস্যা হৈ থকা নাই, বৰং সমগ্ৰ বিশ্বৰ নিৰ্বাচনী ব্যৱস্থাৰ বাবে এক গুৰুত্বপূৰ্ণ সতৰ্কবাণী হিচাপে বিবেচিত হৈছে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















