অসম লাইভ ২৪ঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ক’ৰোনাত আক্ৰান্ত। বৰ্তমান চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি হোম কোৱাৰেণ্টিনত আছে মুখ্যমন্ত্ৰীগৰাকী। যোগী আদিত্যনাথে টুইটাৰযোগে জনায় এই কথা। পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যালয়ৰ ৩গৰাকী সদস্য আক্ৰান্ত হৈছিল ক’ৰোনাত।
শেহতীয়াকৈ দেশত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ১,৮৪,৩৭২ গৰাকী লোক। প্ৰতিদিনেই ক’ৰোনাত আক্ৰান্তৰ সংখ্যাই ভংগ কৰিছে পূৰ্বৰ অভিলেখ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বৰ্তমানলৈকে দেশখনত ১৩.৮ নিযুত ৭৩ হাজাৰ ৮২৫ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















