অসম লাইভ 24ঃ দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰোনা সংক্ৰমণৰ ঘটনা। আজিৰে পৰা ৰাজধানী দিল্লীত এসপ্তাহৰ সম্পূৰ্ণ লকডাউন ঘোষণা। ১৯ এপ্ৰিলৰ নিশা ১০ বজাৰ পৰা ২৬ এপ্ৰিলৰ পুৱালৈকে লকডাউন ঘোষণা কৰিছে প্ৰশাসনে। উপ ৰাজ্যপাল অনিল বৈজল আৰু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এক বৈঠকযোগে গ্ৰহণ কৰে এই সিদ্ধান্ত। লকডাউনৰ সময়ছোৱাৰ বাবে কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। বিশেষ কাৰণতহে বাহিৰলৈ ওলাব পাৰিব ব্যক্তি। ব্যক্তিগত কাৰ্যালয়ৰ কৰ্মচাৰীসকলে ঘৰৰ পৰাই কাৰ্য সম্পাদন কৰিব লাগিব। চৰকাৰী কাৰ্যালয়ৰ ক্ষেত্ৰত ৫০ শতাংশ কৰ্মচাৰী উপস্থিত থাকিব পাৰিব কাৰ্যালয়ত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ