মানৱেন্দ্ৰ কুমাৰ দাসঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সফলতা আৰু উত্থানে ঈৰ্ষান্বিত কৰি তোলে বহু ৰাজনীতিক আৰু সমালোচকক৷ মুখ্যমন্ত্ৰীগৰাকী প্ৰচাৰমুখী বুলিও বহু অভিযোগ আছে৷ ৰাজনৈতিক জীৱনত গ্ৰহণ কৰা বহু সিদ্ধান্তৰ বাবে ৰাজ্যৰ সমাজ জীৱনত বিতৰ্কৰ সৃষ্টিও নোহোৱা নহয়৷ কিন্তু তাৰ মাজতো তেওঁৰ কিছু ব্যতিক্ৰমী সিদ্ধান্ত আৰু সাংগঠনিক সফলতাক তেওঁৰ শত্ৰুৱেও অস্বীকাৰ কৰিব নোৱাৰে৷ তেনে এক বৃহৎ প্ৰত্যাহ্বানপূৰ্ণ সাংগঠনিক আৰু ৰাজনৈতিক সফলতাৰ প্ৰসংগ ইয়াত উত্থাপন কৰিব বিচাৰিছোঁ৷
এই প্ৰসংগৰ পটভূমি ১৯৯৪ চনৰ ৰাজনৈতিক ক্ষেত্ৰ৷ তেতিয়া অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত আছিল প্ৰয়াত হিতেশ্বৰ শইকীয়া৷ অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰয়াত লোকনাথ মিশ্ৰ৷ আৰু দেশৰ প্ৰধানমন্ত্ৰী পদত আছিল প্ৰয়াত পমলাপতি ভেংকট নৰসিংহ ৰাও৷
অসমৰ তদানীন্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে সততে উত্থাপন কৰিছিল বহু অভিযোগ৷ একাংশ বুদ্ধিজীৱীয়ে অসমীয়া জাতিৰ শত্ৰু হিচাপেও চিহ্নিত কৰিছিল প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াক৷ কিন্তু তাৰ মাজতো হিতেশ্বৰ শইকীয়াই অসমত এখন পূৰ্ণাংগ কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰ পৰিকল্পনা লৈছিল৷
লগতে পঢ়ক পত্নীয়ে কৈছিল মোৰ সৈতে প্ৰধানমন্ত্ৰী মোদী আৰু যোগী আছে৷ স্বামীয়ে পঠালে তিনি তালাকৰ নোটিচ
প্ৰথম অৱস্থাত নামনি অসমত কেন্দ্ৰীয় বিশ্ববিদ্যালয়খন স্থাপন কৰা হ’ব বুলি সেই সময়ত সংবাদ মাধ্যমতো বাতৰি প্ৰকাশিত হৈছিল৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত পূৰ্ণাংগ কেন্দ্ৰীয় বিশ্ববিদ্যালয়খন অসমৰ মধ্যম স্থল তেজপুৰত স্থাপন কৰিবলৈ তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই সিদ্ধান্ত লৈছিল৷
অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সেই সময়ত প্ৰদেশ যুৱ কংগ্ৰেছৰ নেতা হিচাপে প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ অতি ঘনিষ্ঠ যুৱ নেতা আছিল৷ দৰাচলতে কেন্দ্ৰীয় বিশ্ববিদ্যালয়খন তেজপুৰত স্থাপন কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই সেই সময়ত মুখ্যমন্ত্ৰীৰ আহ্বান জনাইছিল৷ আৰু সেই মৰ্মে ১৯৯৪ চনৰ ২১ জানুৱাৰীত তেজপুৰত কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচী লোৱা হয়৷ আধাৰশিলা স্থাপন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল দেশৰ তদানীন্তন প্ৰধানমন্ত্ৰী প্ৰয়াত পি ভি নৰসিংহ ৰাওক৷
এই ঘোষণা ৰাজহুৱা হোৱাৰ লগে লগে কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল একাধিক ছাত্ৰ সংগঠন৷ কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন হ’লে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মৰ্যাদা আৰু কৰ্তৃত্ব লাঘব হ’ব বুলি অভিযোগ উত্থাপন কৰিছিল সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বহু দল-সংগঠনে৷ তেনে পৰিস্থিতিত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰিবলৈ দাবী উত্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাই৷ কিন্তু তাৰ পাছতো আধাৰশিলা স্থাপন কাৰ্যসূচী বাতিল অথবা সাল-সলনি কৰিবলৈ মান্তি হোৱা নাছিল তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া৷
লগতে পঢ়ক দেশৰ কিমান প্ৰাক্তন সাংসদে লাভ কৰে পেঞ্চন? এমাহত খৰচ হয় কিমান?
গতিকে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ নিশ্চিত হৈছিল৷ আৰু তেনে পৰিস্থিতিত সদৌ অসম ছাত্ৰ সন্থাই ১৯৯৪ চনৰ ২১ জানুৱাৰীত অসম বন্ধৰ আহ্বান জনাই তেজপুৰত কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপনত বাধা আৰোপ কৰাৰ সিদ্ধান্ত লয়৷ একে সময়তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভায়ো কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰ বিৰোধিতা কৰে৷ সেই সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি আছিল ভূপেন কুমাৰ বৰা৷ বৰ্তমান APCCৰ সভাপতি ভূপেন কুমাৰ বৰায়ো প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল৷
তেনে এক জটিল ৰাজনৈতিক পৰিস্থিতিত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ কাৰ্যসূচী সুকলমে অনুষ্ঠিত কৰিবলৈ ৰাজনৈতিক কৌশল নিৰ্ণয়ৰ দায়িত্ব দিয়ে হিমন্ত বিশ্ব শৰ্মাক৷ অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই তেতিয়াৰ যুৱ কংগ্ৰেছৰ নেতা হিমন্ত বিশ্ব শৰ্মাক সমস্ত বিষয়টো চম্ভালিবলৈ পূৰ্ণ দায়িত্ব অৰ্পণ কৰে৷
পৰৱৰ্তী পৰ্যায়ত হিমন্ত বিশ্ব শৰ্মা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে মিলিত হয়৷ একে সময়তে তেওঁ ডিব্ৰুগড় ছাত্ৰ একতা সভাৰ তদানীন্তন সভাপতি ভূপেন কুমাৰ বৰাৰ লগতো আলোচনাত মিলিত হয়৷ ভূপেন কুমাৰ বৰাক সৈমান কৰাই হিমন্ত বিশ্ব শৰ্মাই তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ লগতো সম্পৰ্ক স্থাপন কৰাই দিছিল৷
উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে বিশ্ববিদ্যালয়ৰ তদানীন্তন উপাচাৰ্য মুকুন্দ মাধৱ শৰ্মা আৰু শিক্ষাৰ্থীসকলে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছিল৷ কিন্তু তাৰ পাছতো ৰাজ্য চৰকাৰৰ পৰা পোৱা নাছিল বিশেষ আৰ্থিক অনুদান৷ তেতিয়া ভূপেন কুমাৰ বৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষয়টো হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াক অৱগত কৰিছিল৷ অৱশ্যে পৰৱৰ্তী পৰ্যায়ত ভূপেন কুমাৰ বৰা আৰু হিমন্ত বিশ্ব শৰ্মাৰ যুটীয়া তৎপৰতাত অসম চৰকাৰৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে লাভ কৰিছিল ১০ কোটি টকাৰ বিত্তীয় অনুদান৷ সেই ধনেৰে বিশ্ববিদ্যালয়খনৰ ভৱন নিৰ্মাণৰ লগতে পৰিকাঠামোৰো উন্নয়ন হৈছিল৷
লগতে পঢ়ক অলৌকিক শক্তিৰ প্ৰভাৱ! কিয় কান্দি কান্দি মূৰ্চা গ’ল কে’বাগৰাকী স্কুলীয়া ছাত্ৰী?
ইফালে হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত সদৌ অসম ছাত্ৰ সন্থাৰ অসম বন্ধৰ কাৰ্যসূচী বাতিল হৈছিল৷ তাৰ পৰিণতিত ১৯৯৪ চনৰ ২১ জানুৱাৰীত তেজপুৰত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল৷ সাম্প্ৰতিক সময়ত অসমৰ বিদ্যায়তনিক ক্ষেত্ৰত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ভূমিকা সৰ্বজনবিদিত৷ শিক্ষাৰ প্ৰসাৰ আৰু উন্নয়নৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়খনে গ্ৰহণ কৰা ভূমিকাৰ কথা নকৈ দোহৰাৰ কোনো প্ৰয়োজন নাই৷
কিন্তু অসমৰ শিক্ষাৰ্থীসকলৰ লগতে ৰাইজৰো বহুতে হয়তো নাজানে যে তেজপুৰত অৱস্থিত কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন হোৱাৰ আঁৰতো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক দক্ষতা আৰু সাংগঠনিক প্ৰত্যুৎপন্নমতিতাৰ ভূমিকা সৰ্বাধিক আছিল৷ সেই সময়ত অৰ্থাৎ ১৯৯৪ত হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় ছাত্ৰ একতা সভা আৰু সদৌ অসম ছাত্ৰ সন্থাৰে যোগাযোগ কৰি প্ৰধানমন্ত্ৰী প্ৰয়াত পমলাপতি ভেংকট নৰসিংহ ৰাওৰ অসম ভ্ৰমণ কাৰ্যসূচী সফল কৰি নোতোলা হ’লে হয়তো আজি অসমত নাথাকিলহেঁতেন এখন পূৰ্ণাংগ কেন্দ্ৰীয় বিশ্ববিদ্যালয়! মুখ্যমন্ত্ৰীগৰাকীৰ এনে দক্ষতা আৰু চাতুৰ্যতাৰ বাবে তেওঁ সাম্প্ৰতিক ৰাজনীতিতো এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ