সাংসদ আব্দুল খালেকে ত্যাগ কৰিলে কংগ্ৰেছ
লোকসভা নিৰ্বাচনত টিকট লাভ নকৰি ক্ষোভ প্ৰকাশ কংগ্ৰেছৰ জ্যেষ্ঠ তথা অন্যতম জনপ্ৰিয় নেতা আব্দুল খালেকৰ। ত্যাগ কৰিলে কংগ্ৰেছ দল।
কংগ্ৰেছ ত্যাগ বৰপেটাৰ সাংসদ আব্দুল খালেকৰ। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে সাংসদ গৰাকীয়ে।
লোকসভা নিৰ্বাচনলৈ মাথো কেইটামান দিন বাকি থকা অৱস্থাত কংগ্ৰেছ দলত এই মোক্ষম আঘাত দিয়ে জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে।
দল ত্যাগ কৰিয়েই AICCৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক দোষাৰোপ কৰি পদত্যাগ পত্ৰ দাখিল কৰে আব্দুল খালেকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















