মাথো ১ সপ্তাহতেই ৩০০০ পাৰ, ভাৰতত কিয় দ্ৰুত গতিত বিয়পিছে কভিড
ভাৰতত সক্ৰিয় Covid-19 আক্ৰান্তৰ সংখ্যাই ৩,০০০ অতিক্ৰম কৰিলে। দেশৰ ভিতৰত কেৰালা, মহাৰাষ্ট্ৰ আৰু দিল্লী আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অফিচিয়েল ৱেবছাইটত দিয়া তথ্য অনুসৰি শনিবাৰ ৩১ মে’ পুৱালৈকে দেশত সক্ৰিয় ক’ৰ’ণা আক্ৰান্তৰ সংখ্যা ৩,৩৯৫ জন আছিল, যিটো পূৰ্বৰ সপ্তাহৰ তুলনাত প্ৰায় ১২০০ শতাংশ বৃদ্ধি পাইছে। ২২ মে’ত ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ২৫৭ আৰু ২৬ মে’লৈকে এই সংখ্যা ১০১০, ৩১ মে’ লৈকে এই সংখ্যা ৩৩৯৫।
তথ্য অনুসৰি ভাৰতৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্য কেৰালাত শুকুৰবাৰে ১৮৯ জন নতুনকৈ Covid আক্ৰান্ত হোৱাৰ লগতে সক্ৰিয় ৰোগীৰ সংখ্যা ১,৩৩৬ জন। ইয়াৰ পিছতে মহাৰাষ্ট্ৰ (৪৬৭), দিল্লী (৩৭৫), গুজৰাট (২৬৫), কৰ্ণাটক (২৩৪), পশ্চিম বংগ (২০৫), তামিলনাডু (১৮৫) আৰু উত্তৰ প্ৰদেশ (১১৭)। ৰাজস্থান (৬০), পুডুচেৰী (৪১), হাৰিয়ানা (২৬), অন্ধ্ৰ প্ৰদেশ (১৭) আৰু মধ্যপ্ৰদেশ (১৬)।
স্বাস্থ্য বিভাগে দিয়া আনুষ্ঠানিক তথ্য অনুসৰি ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা ক’ৰোনাত আক্ৰান্ত হৈ ২৮ জন লোকৰ মৃত্যু হৈছে। কেৱল ১টা দিনতেই ৪ জন লোকৰ মৃত্যু হৈছে (কেৰালাত ১ জন আৰু কৰ্ণাটকত ১ জন, পশ্চিম বংগত ২ জন)।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















