কলিকতাৰ চিকিৎসকৰ পাছত এইবাৰ নাৰ্চ, ৯ দিন পাছত উদ্ধাৰ প্ৰাণহীন দেহ, বস্তুৰ লগতে লুটি নিলে সৰ্বস্ব
কলিকতাৰ এগৰাকী কনিষ্ঠ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাক লৈ সৃষ্টি হোৱা ক্ষোভৰ মাজতে পোহৰলৈ আহিছে আন এক ধৰ্ষণ আৰু হত্যাৰ ঘটনা। এইবাৰ হত্যা আৰু ধৰ্ষণৰ বলি এগৰাকী নাৰ্চ।
উত্তৰাখণ্ডৰ নাৰ্চগৰাকীক ডকাইতি, ধৰ্ষণ আৰু হত্যাৰ গোচৰ পোহৰলৈ আহিছে। জানিব পৰা মতে, উত্তৰাখণ্ডত এগৰাকী নাৰ্ছক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। উত্তৰাখণ্ডৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা উত্তৰ প্ৰদেশ সীমান্তৰ সমীপৰ ঘৰলৈ উভতি আহি আছিল নাৰ্ছগৰাকী।
যোৱা ৩০ জুলাইৰ সন্ধিয়া চিকিৎসালয়ৰ পৰা ওলাই আহি ৰুদ্ৰপুৰৰ ইন্দ্ৰ চ’কৰ পৰা ই-ৰিক্সা লৈ যোৱা চিচিটিভি ফুটেজত দেখা পোৱা গৈছিল যদিও উত্তৰ প্ৰদেশৰ বিলাসপুৰৰ কাশীপুৰ ৰোডত থকা ভাড়াঘৰত উপস্থিত হোৱা নাছিল।
১১ বছৰীয়া সন্তানৰ সৈতে ভাড়াতীয়া হিচাপে জীৱন নিৰ্বাহ কৰিছিল নাৰ্ছগৰাকীয়ে। পিছদিনা ভনীয়েকে নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰে। ইয়াৰ ৯ দিনৰ পাছত ৮ আগষ্টত উত্তৰ প্ৰদেশ আৰক্ষীয়ে ডিবদিবা গাঁৱৰ ঘৰৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগত খালী প্লটত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।
ইয়াৰ পিছতে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু অভিযুক্তক বিচাৰি আৰক্ষীৰ দল গঠন কৰে। আৰক্ষীয়ে চুৰি হোৱা মোবাইলটোৰ সন্ধান উলিয়াই অভিযুক্ত ধৰ্মেন্দ্ৰৰ ওচৰলৈ যায়। উত্তৰ প্ৰদেশৰ বাৰেলীৰ দৈনিক মজুৰি শ্ৰমিক অভিযুক্তক ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
আৰক্ষীয়ে জনোৱা মতে, মদ্যপান কৰি থকা ধৰ্মেন্দ্ৰই ভুক্তভোগী মহিলাগৰাকীক দেখি খেদি খেদি আক্ৰমণ কৰে। সেই সময়ত নাৰ্চ গৰাকী ৰিক্সাৰ পৰা নামি নিজৰ এপাৰ্টমেণ্টত প্ৰৱেশ কৰিবলৈ ধৰিছিল মাত্ৰ।
উধম সিং নগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মঞ্জুনাথ টি চিয়ে জনোৱা মতে, অভিযুক্তই নাৰ্চগৰাকীক ওচৰৰ জোপোহাৰমাজলৈ টানি লৈ যায়। ধৰ্ষণ কৰি নাৰ্চগৰাকীৰ স্কাৰ্ফেৰেই ডিঙি চেপি হত্যা কৰে। আৰক্ষী বিষয়াগৰাকীয়ে কয় যে অভিযুক্তই নাৰ্ছগৰাকীৰ ফোন আৰু পাৰ্চৰ পৰা ৩ হাজাৰ টকাও চুৰি কৰি লৈ গৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ