এতিয়া অভিষেক, পাছে এটা সময়ত ৰবি শাস্ত্ৰী আৰু বাহুবলীৰ এজন অভিনেতাৰ সৈতেও নাম সাঙোৰ খাইছিল নিম্ৰতৰ
ছবি আৰু উজ্জ্বল অভিনয়ৰ উপৰিও ব্যক্তিগত জীৱনৰ বাবেও বাতৰিৰ শিৰোনাম দখল কৰি আহিছে বলীউডৰ অভিনেত্ৰী নিম্ৰত কৌৰে। প্ৰিন্ট মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা নিম্ৰতে ২০১৩ চনত কাঁন চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হোৱা দ্য লাঞ্চবক্সৰ দৰে উজ্জ্বল ছবিৰ বাবে পৰিচিত।
ইয়াৰ উপৰিও নিম্ৰত এয়াৰলিফ্ট, এনকাউণ্টাৰ, পেডলাৰ্ছ আদি ছবিও কৰিছে। নিম্ৰতে কেৱল বলীউডতে নহয়, হোমলেণ্ডৰ দৰে আন্তঃৰাষ্ট্ৰীয় প্ৰজেক্টতো কাম কৰিছে। ইমানবোৰ কৃতিত্বৰে আগবাঢ়ি যোৱা নিম্ৰতে বৰ্তমান নিজৰ ব্যক্তিগত জীৱনক লৈ বাতৰিৰ শিৰোনাম দখল কৰিছে। বহু সংবাদ মাধ্যমত দাবী কৰা হৈছে যে নিম্ৰত আৰু অভিষেক বচ্চনে ইজনে সিজনৰ লগত ডেটিং কৰি আছে।
কোনো তাৰকাৰ সৈতে নিম্ৰতৰ নাম সাঙোৰ খোৱাটো এইয়ে প্ৰথম নহয়। ইয়াৰ পূৰ্বে ২০১৮ বৰ্ষত নিম্ৰতৰ নাম প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ ৰবি শাস্ত্ৰীৰ সৈতেও সাঙোৰ খাইছিল। মুম্বাই মিৰ’ৰৰ প্ৰতিবেদন অনুসৰি নিম্ৰত কৌৰ আৰু ৰবি শাস্ত্ৰীৰ মাজত দুবছৰ ধৰি সম্পৰ্ক আছিল। অৱশ্যে কোনো এজনেও এই বিষয়ে কেতিয়াও কথা পতা নাছিল।
ৰবি শাস্ত্ৰীৰ উপৰিও নিম্ৰতৰ নাম এসময়ত দক্ষিণ ভাৰতীয় অভিনেতা বাহুবলী খ্যাত ৰাণা দগ্গুবাতীৰ সৈতেও জড়িত আছিল। নিম্ৰত সন্দৰ্ভত বহু চৰ্চা হৈছিল যদিও অভিনেত্ৰীগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনটো সদায় ব্যক্তিগতভাৱে ৰাখি আহিছে।
সম্প্ৰতি নিম্ৰতৰ লিংকআপ খবৰে আকৌ এবাৰ শিৰোনাম দখল কৰিছে। অভিষেক বচ্চনৰ সৈতে নাম সাঙোৰ খাইছে। ঐশ্বৰ্যক এৰি নিম্ৰতৰ সৈতে অভিষেক ব্যস্ত বুলিও খবৰ ওলাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ