অসম লাইভ ২৪ঃ বুধবাৰে সন্ধান ওলাল আলী বাবাৰ প্ৰতিষ্ঠাপক জেক্ মাৰ। বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা সন্ধানহীন হৈ আছিল জেক্ মা। বুধবাৰে চীনৰ চৰকাৰী বাতৰি কাকত ‘গ্ল’বেল টাইমছ’ৰ সাংবাদিক কিংগকিংগে টুইট কৰি এই কথা জানিবলৈ দিয়ে। জেক্ মায়ে বুধবাৰে এক ভিডিঅ’ কনফাৰেন্সিঙত অংশগ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে চীন চৰকাৰক সমালোচনা কৰাৰ পিছতেই সন্ধানহীন হৈ আছিল আলী বাবাৰ প্ৰতিষ্ঠাপকজন।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ