অসম লাইভ ২৪: বৃহস্পতিবাৰে আমেৰিকাৰ টেক্সাছৰ এক কেবিনেট নিৰ্মাণ প্ৰতিষ্ঠানত সংঘটিত হয় গুলীচালনাৰ ঘটনা। প্ৰতিষ্ঠানটোৰ এগৰাকী কৰ্মচাৰীয়ে নিৰ্বিচাৰে গুলী চলোৱাত নিহত হয় এজন আৰু আহত হয় আন ৬ জন লোক। বিগত সময়ত আমেৰিকাত বন্দুকধাৰীৰ এনে আক্ৰমণৰ ঘটনা ঘটি অহাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে। ৰাষ্ট্ৰপতি বাইডেনে বন্দুকৰ খেলা বন্ধ কৰাৰ সপক্ষে স্থিতি গ্ৰহণৰ সময়তে সংঘটিত হৈছে এই ঘটনাটো। টেক্সাছৰ ব্ৰায়নৰ কেণ্ট মুৰ কেবিনেটছত সংঘটিত এই ঘটনাত আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বন্দুকধাৰীজন প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী বুলি জনা গৈছে যদিও কি কাৰণত তেওঁ নিজৰ কৰ্মস্থলীতে গুলীবৰ্ষণ কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















