সংসদৰ শীতকালীন অধিৱেশনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্থাপন কৰে জম্মু-কাশ্মীৰৰ সৈতে জড়িত দুখন নতুন বিধেয়কৰ প্ৰসংগ। নিজৰ বক্তব্যত শ্বাহে বিৰোধী কংগ্ৰেছক লক্ষ্য কৰি লয়। জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাক লৈ একাংশ লোকে সহজভাবে ল’ব পৰা নাই। ইতিমধ্যে জম্মু-কাশ্মীৰ সংৰক্ষণ (সংশোধনী) বিধেয়ক লোকসভাত গৃহীত হয়।
মোডী চৰকাৰে বাতিল কৰোৱা অনুচ্ছেদ ৩৭০ জম্মু-কাশ্মীৰৰ ৪৫ হাজাৰ লোকৰ মৃত্যুৰ অন্যতম কাৰণ বুলি অভিহীত কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। শ্বাহে লগতে কয় যে জম্মু-কাশ্মীৰ সংৰক্ষণ (সংশোধনী) আইন ২০২৩ আৰু জম্মু-কাশ্মীৰ পুনৰ্গঠন (সংশোধনী) বিধেয়ক ২০২৩ৰ জৰিয়তে সত্তৰ বছৰ ধৰি অন্যায় অবিচাৰৰ সন্মুখীন হৈ থকা লোকসকলে ন্যায় লাভ কৰিব।
শ্বাহে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি কয়, ‘পাকিস্তান অধিকৃত কাশ্মীৰৰ সমস্যাটো প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ বাবেই সৃষ্টি হৈছিল। যেতিয়া আমাৰ সেনা বিজয়ী হৈ আছিল, তেনেসময়তে যুদ্ধবিৰতি ঘোষণা কৰা হয়। যদি যুদ্ধবিৰতি তিনিদিন পাছত ঘোষণা কৰা হ’লহেঁতেন তেনেহ’লে পাকিস্তান অধিকৃত কাশ্মীৰ আজি ভাৰতৰ অংশ হ’লহেঁতেন।’ অমিত শ্বাহৰ এই মন্তব্যৰ পাছতেই সদনত হুলস্থুলৰ সৃষ্টি হয় আৰু বিৰোধীয়ে সদন ত্যাগ কৰে।
সদনত চৰ্চা চলি থকাৰ মাজতে কংগ্ৰেছ সাংসদ অধীৰ ৰঞ্জন চৌধাৰীয়ে কাশ্মীৰ প্ৰসংগত জৱাহৰলাল নেহৰুৰ অৱদান সন্দৰ্ভত তৰ্ক কৰিবলৈ এটা দিন নিৰ্ধাৰণ কৰিবলৈ প্ৰত্যাহ্বান জনায়। একাংশ বিজেপি নেতাই কাশ্মীৰ বিষয়ত জৱাহৰলাল নেহৰুৱে সঠিকভাবে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ অভিযোগ আনে বুলি দাবী কৰে কংগ্ৰেছৰ সাংসদগৰাকীয়ে। প্ৰত্যাহ্বান গ্ৰহণৰ বাবে চৰকাৰ সম্পূৰ্ণ সাজু বুলি উভতি ধৰে অমিত শ্বাহে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















