বিবাহ বিচ্ছেদৰ অনত্যম ঘাটি হৈ পৰিছে বলিউদ৷ ইগৰাকীৰ পিছত সিগৰাকীকৈ বলিউদৰ তাৰকাৰ বিবাহ বিচ্ছেদে খবৰে সংবাদ মাধ্যমক গৰম কৰি ৰাখে৷
কিছুদিন পূৰ্বে চলমান খানৰ কণিষ্ঠ ভাতৃ ছবি নিৰ্মাত তথা অভিনেতা ছোহেইল খানে পত্নী সীমা শচদেৱ খানেৰে বিচ্ছেদ বিচাৰি মুম্বাইৰ এখন পাৰিবাৰিক আদালতত আবেদন কৰাৰ খবৰ আহিছিল৷
তাৰ মাত্ৰ কেইটামান দিনৰ পিছতে এইবাৰ খবৰ আহিছে যে বলিউদৰ আন এগৰাকী তাৰকাইও এইবাৰ বিবাহ বিচ্ছেদৰ সিন্ধান্ত গ্ৰহণ কৰিছে৷ শেহতীয়া খবৰ অনুসৰি বলীউডৰ অভিনেতা ইমৰাণ খান আৰু তেওঁৰ পত্নী অৱন্তিকা মালিকে সম্পৰ্ক ছেদ কৰাৰ সিদ্ধান্ত লৈছে।
লগতে পঢ়ক আকৌ দেশত মন্দিৰ-মছজিদৰ সংঘাত! জ্ঞানবাপী মছজিদ-মন্দিৰৰ বিতৰ্কৰ ভিত্তি কি?
দীৰ্ঘদিন ধৰি বলীউদ উদ্যোগৰ পৰা আঁতৰি আছে বলিউদৰ এইগৰাকী অভিনেতা। ২০১৫ চনৰ ‘কট্টি বট্টি’ ছবিত শেষবাৰৰ বাবে তেওঁক দেখা গৈছিল। চলচ্চিত্ৰ আৰু কেৰিয়াৰৰ উপৰিও অভিনেতাগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনক লৈও বহু চৰ্চা চলিছে। বিগত কেইবাবছৰ ধৰি অভিনেতাগৰাকী আৰু তেওঁৰ পত্নীৰ মাজৰ ক্ৰমবৰ্ধমান দূৰত্বৰ বিষয়ে পূৰ্বেই বাতৰি বিয়পিছিল৷
শেহতীয়া খবৰৰ মতে অভিনেতাগৰাকীয়ে পত্নী অৱন্তিকা মালিকৰ সৈতে বৈবাহিক সম্পৰ্ক অন্ত পেলোৱাৰ সিদ্ধান্ত লৈছে। দুয়োজনে বহুদিনৰ পৰা ইজনে সিজনৰ পৰা পৃথকে বসবাস কৰি আছিল। আচলতে বহুদিন ধৰি ইমৰাণ খানৰ পত্নী অৱন্তিকা মালিকৰ সৈতে সম্পৰ্ক বেয়া হৈ আছিল।
দুয়োৰে মাজৰ দূৰত্ব ইমানেই বাঢ়ি গৈছিল যে যোৱা কেইবছৰমানৰ পৰা দম্পতীহালে পৃথকে পৃথকে বসবাস কৰি আহিছিল। এনে অৱস্থাত এতিয়া দুয়োজনে এই সম্পৰ্ক শেষ কৰাৰ সিদ্ধান্ত লৈছে।
লগতে পঢ়ক প্ৰধানমন্ত্ৰী মোদীৰ নেপাল ভ্ৰমণ, কিয় চীনৰ বাবে বিপদজনক এই ভ্ৰমণ?
সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইমৰাণ খান দীৰ্ঘদিন ধৰি ছবি উদ্যোগৰ পৰা সন্ধানহীন হৈ আছে। উদ্যোগটোত কামৰ অভাৱত তেওঁ আৰ্থিক সংকটৰ সন্মুখীন হৈছিল। এনে অৱস্থাত আৰ্থিক অসুবিধাৰ বাবে ইমৰাণ-অৱন্তিকাৰ মাজত কাজিয়া সূত্ৰপাত হয়, যাৰ ফলত তেওঁলোকৰ কন্যাৰ জীৱনকো প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰে। দুয়োৰে পৰিয়ালে তেওঁলোকৰ সম্পৰ্ক বচাবলৈ চেষ্টা কৰিছিল যদিও কোনো সমাধান উলোৱা নাছিল৷
তাৎপৰ্যপূৰ্ণভাৱে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ পিছত ২০১১ চনত ইমৰানে অৱন্তিকা মালিকৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পিছত ২০১৪ চনত এই দম্পতীহাল ইমাৰা নামৰ এগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃ হয়।
কিন্তু কন্যা সন্তানৰ জন্মৰ পিছত দুয়োৰে সম্পৰ্কত বিচ্যুতি আহিবলৈ ধৰিলে। পিছলৈ তেওঁলোকৰ সম্পৰ্কত তিক্ততা ইমানেই বাঢ়িছিল যে ২০১৯ চনত ইমৰাণৰ পৰা বিচ্ছিন্ন হৈ মাক-দেউতাকৰ ঘৰলৈ গুচি যায় অৱন্তিকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ