ডিজিটেল ডেস্কঃ সময় বাগৰাৰ লগে লগে দেৰগাঁৱৰ বাছ দুৰ্ঘটনাক লৈ ন ন তথ্য পোহৰলৈ আহিছে। বনভোজ দলটোত যোৱা প্ৰিয়াক্ষী বৰা নামৰ যুৱতীগৰাকীয়ে পোহৰলৈ আনিলে যে, বাছখনৰ চালকজনে অধিক সুৰামক্ত হৈ বাছখন চলাইছিল। যুৱতীগৰাকীৰ ভাষ্যৰ পাছতে তেওঁৰ মাতৃয়েও সেই কাল ৰাতিটোৰ বৰ্ণনা কৰিছে আমাৰ সাংবাদিকৰ আগত। বাছ চালকজনৰ সন্দৰ্ভত প্ৰিয়াক্ষীৰ মাতৃয়ে কয়-
”যিটো ড্ৰাইভাৰ নিছে সেইটো বহুত মদাহী। আমাৰ গাঁৱৰে লৰা সি। দিন-ৰাত মদ খাই ফিটিং হৈ থাকে। সি যদি গাড়ী চলাব বুলি আগতে গম পালো হয়, মই ছোৱালীজনীক নপঠালো হয়। এনিটাইম মদ খাই থাকে সি। বগাই পুতেকে গাড়ী চলাই নিছে বুলি পাছত গম পাইছো। আগতে সি এনে ডাঙৰ গাড়ী চলোৱা দেখাও নাই। আমি নিজে জানো দিন-ৰাতি সি মদ নেৰেই। আগদিনাখন জানুৱাৰী পাৰ্টি কৰি তাৰ নিচাই আতৰা নাছিল। ”
উল্লেখ কৰা প্ৰয়োজন যে, প্ৰিয়াক্ষী বৰা এতিয়া সম্পূৰ্ণ সুস্থ। প্ৰিয়াক্ষীৰ খুড়ীয়েকৰ লগতে তিনিবছৰীয়া কন্যাও এতিয়া সুস্থ। প্ৰিয়াক্ষীৰ মাতৃয়ে লগতে কয় যে-
”পিকনিক পাৰ্টিটো ৩বজাত ওলাই গৈছে গাঁৱৰ পৰা। বাছখন কিন্তু ১২বজাতেই আহি উতপাত কৰি আছে। ১২বজাৰ পৰা ইমান হৰ্ণ বজাইছে যে আমি কোনোৱেই শুব পৰা নাই। মদ খাই এনে অতপালি কৰি আছিলহি মাজ ৰাতি আহি।”
ইফালে এই দুৰ্ঘটনাত ১২গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে এতিয়াও ৪গৰাকীৰ অৱস্থা সংকটজন। ৪গৰাকী লোকক শেহতীয়াকৈ গুৱাহাটী চিকিতসা মহাবিদ্যালয় হস্পাতালত ভৰ্তি কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ