মাইগ্ৰেণ এক প্ৰকাৰৰ মূৰত হোৱা বিষ। ইয়াক একপ্ৰকাৰৰ নিউৰ’ভাস্কুলাৰ বিসংগতি বুলি গণ্য কৰা হয়। কাৰণ এই সমস্যা প্ৰথমে মস্তিষ্কত সৃষ্টি হয় আৰু লাহে লাহে ৰক্তবাহিকালৈ প্ৰৱাহিত হয়। ই যদি আমাক এবাৰ প্ৰভাৱিত কৰা আৰম্ভ কৰে, ই দীঘলীয়া সময়ৰ বাবে আমাক সমস্যাত পেলাব পাৰে। ইয়াৰ কাৰণ হ’ব পাৰে মগজুৰ স্নায়ুতন্ত্ৰৰ বিকাৰ ৷ এই ৰোগত প্ৰায়ে মূৰত সামান্য আৰু তীব্ৰ বিষ হয় ৷ কিন্তু সাধাৰণ মূৰৰ বিষৰ পৰা ই একেবাৰে পৃথক ৷ মাইগ্ৰেণৰ বিষ হ’লে কি কি কথা মানি চলিব লাগে বিশেষজ্ঞসকলৰ পৰা জানক।
- আমলখি, ভোমোৰা আৰু শিলিখা এই তিনিটা বস্তু ত্ৰিফলাত অন্তৰ্ভুক্ত। এইবোৰ খালে মাইগ্ৰেইনৰ বিষৰ পৰা সকাহ পোৱা যায়। নিয়মীয়াকৈ ত্ৰিফলা খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ আঁতৰ হয়। ইয়াৰ লগতে পাচনতন্ত্ৰ শক্তিশালী কৰাৰ কামো কৰে। ৰাতি শুই উঠাৰ আগতে এচামুচ ত্ৰিফলা গুড়ি গৰম পানীৰ লগত খাব পাৰে।
- শৰীৰৰ তাপ শীতল কৰাত ব্ৰাহ্মীও অতি উপকাৰী। ইয়াৰ উপৰিও পিত্তৰ সমস্যা দূৰ কৰাত সহায় কৰে। যদি মাইগ্ৰেণৰ বিষে আপোনাক বাৰে বাৰে অশান্তি দিছে, তেন্তে ৰাতি ব্ৰাহ্মী চাহ খাব পাৰে।
- নাৰিকল পানীয়ে হৰম’নৰ পৰিৱৰ্তন নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰ লগতে চৰ্দি লগাৰ সমস্যাও হ্ৰাস কৰে। সপ্তাহত কমেও তিনিবাৰকৈ নাৰিকল পানী খালে মাইগ্ৰেণৰ বিষৰ পৰা সকাহ পাব।
- ঘৰুৱা, সামাজিক বা কর্মস্থলীত ইত্যাদি বিভিন্ন উৎসৰ লগত জড়িত কোনো মানসিক চাপো মাইগ্ৰেইনৰ এটা মুখ্য কাৰণ। সেয়ে মানসিক চাপ হ্ৰাস কৰিবলৈ চেষ্টা কৰক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















