স্বৰ্ণকন্যা তথা ধিং এক্সপ্ৰেছ হিমা দাসে বাৰ্মিংহাম কমনৱেলথ গেমছৰ ২০০ মিটাৰ দৌৰৰ ছেমিত প্ৰৱেশ কৰিছে৷
ছেমিত প্ৰৱেশ কৰি ধিং এক্সপ্ৰেছ হিমা দাসে অসমবাসীৰ বাবে কঢ়িয়াই আনিছে আশাৰ খবৰ। ২৩.৪২ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে হিমাই হিটছত প্ৰথম স্থানেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰে৷
ছেমিত প্ৰৱেশ কৰাৰ পিছতে হিমাই অহা ৩৬ ঘণ্টাৰ ভিতৰতে অৰ্থাৎ ৬ আগষ্টৰ দুপৰীয়া ১২.৪৫ বজাৰ পৰা ১.০২ বজাৰ ভিতৰতে উক্ত ইভেণ্টৰ ছেমি ফাইলেনত অৱতীৰ্ণ হ’ব৷
ইফালে হিমা দাসে উক্ত দিনাই সংগী দুটি চান্দ, শ্ৰাৱণী নন্দ আৰু এন এছ ছিমিৰ সৈতে ৪X১০০ মিটাৰৰ ৰিলেতো অংশগ্ৰহণ কৰিব৷
লগতে পঢ়ক #BoycottAliaBhatt! আলিয়াক বৰ্জনৰ আহ্বানে টুইটাৰত কিয় ট্ৰেণ্ডিঙত আছে?
আনহাতে, ফাইনেললৈ যোগ্যতা অৰ্জন কৰিলে অহা ৭ আগষ্টত পুৱা ২:১৪ বজাত হিমা দাসে ২০০ মিটাৰৰ ফাইনেলত অৱতীৰ্ণ হ’ব লাগিব৷ ফাইনেললৈ যোগ্যতা অৰ্জন কৰিলে হিমাই মাজত মাত্ৰ ৯ ঘণ্টাহে জিৰণি লাভ কৰিব৷
এই অতি ব্যস্ত সূচীয়ে হিমাৰ লগতে সকলো স্প্ৰীণ্টাৰকে চিন্তিত কৰি তোলা দেখা গৈছে৷
ইফালে হিমাৰ বাবে চলিত কমনলেৱথ গেমছ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব৷ সদ্য সমাপ্ত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপ, ২০২২ত ২১:৪৫ ছেকেণ্ডৰে বিশ্ব চেম্পিয়ন হোৱা জামাইকাৰ শ্বেৰিকা জেকচনে তীব্ৰ প্ৰত্যাহ্বান জনাব হিমা দাসক।
আনহাতে, ২০১৬ চনৰ ৰিঅ’ আৰু ২০২০ চনৰ টকিঅ’ত অলিম্পিকৰ ডাবল চেম্পিয়ন জামাইকাৰ ইলেইন থম্পছন-হেৰাহো এইবাৰ কমনৱেলথ গেমছৰ মেডেলৰ দাবীদাৰ৷ তেওঁলোকৰ লগতে অলিম্পিক ৰূপৰ পদক বিজয়ী নামিবিয়াৰ ক্ৰীষ্টিন ম্বোমা, নাইজেৰিয়াৰ ফেভাৰ অফিলিও মেডেলৰ তীব্ৰ দাবীদাৰ।
লগতে পঢ়ক আকৌ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰীমা দাসে, Tora’s Husband প্ৰদৰ্শিত হ’ব টৰণ্ট’ত
হিমা দাসে মেডেল জয়ী কৰিবলৈ এইসকল প্ৰতিদ্বন্দ্বীক পৰাভূত কৰিব লাগিব৷ উল্লেখ্য যে হিমাৰ ব্যক্তিগত শ্ৰেষ্ঠ সময় হৈছে ২২:৮৮ ছেকেণ্ড৷ অৱশ্যে তেওঁৰ চলিত ছিজনৰ শ্ৰেষ্ঠ সময় ২৩:২৯ ছেকেণ্ড। তাৎপৰ্যপূৰ্ণ কথাটো হৈছে ২০০ মিটাৰ মহিলা দৌৰত শীৰ্ষ ২০ খেলুৱৈৰ ভিতৰত হিমা দাস স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই।
চিডব্লিউজিৰ মতে শীৰ্ষ ২০ গৰাকীৰ মাজৰ মাত্ৰ ৪ গৰাকী স্প্ৰীণ্টাৰেৰে চলিত ২০২২ৰ ছিজনত ২২ ছেকেণ্ড আৰু ১৭ গৰাকীয়ে ২৩ ছেকেণ্ডতকৈ কম সময়ত দৌৰ সম্পন্ন কৰিবলৈ সক্ষম হৈছে।
সেয়া যি কি নহওক অসমৰ স্বৰ্ণকন্যা হিমা দাসৰ কমনৱেলথ গেমছৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছো যাতে দেশলৈ পুনৰ সুনানম কঢি়য়াই আনিবলৈ সক্ষম হয়৷ আমাৰ লগতে আপুনিও হিমাৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ