২০২৫ৰ বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত, ২০৪৭ত সঁচাই ধ্বংস হ’ব নেকি পৃথিৱী?
বাবা ভাংগা, যাৰ সম্পূৰ্ণ নাম আছিল ভাংগেলিয়া পাণ্ডেভা গুষ্টেৰ’ভা, বিশ্বৰ পৰিঘটনাৰ বিষয়ে উল্লেখযোগ্য ভৱিষ্যদ্বাণীৰ বাবে এগৰাকী উল্লেখযোগ্য বুলগেৰিয়ান ক্লেয়াৰভয়েণ্ট আছিল। ১৯১১ চনৰ ৩১ জানুৱাৰীত তেতিয়াৰ অট্টোমান সাম্ৰাজ্যৰ অংশ ষ্ট্ৰুমিকাত জন্মগ্ৰহণ কৰা বাবা ভাংগাই কম বয়সতে দুৰ্ঘটনাৰ ফলত চকুৰ দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল।
পাছে দৃষ্টি শক্তি হেৰুৱালেও ইন্দ্ৰিয় অধিক সষ্টম হৈ উঠে বাবা ভাংগাৰ। লগতে ভৱিষ্যতৰ বহু কথাও কবলৈ ধৰে। যি বোৰ ভৱিষ্যতবাণীৰ বহুখিনি সঁচা বুলি প্ৰমাণিত হৈছেও।
সেই বাবা ভাংগাৰে ২০২৫ক লৈ কৰা ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত। মহাপ্ৰলয়, প্ৰাকৃতিক দুৰ্যোগক লৈ ভৱিষ্যদ্বাণী আখৰে আখৰে প্ৰমাণ। HMPV মহামাৰীয়ে লৈছে ভয়ংকৰ ৰূপ। তিব্বতৰ ভয়ংকৰ বৰভূঁইকপত প্ৰাণ হেৰুৱালে শতাধিকে।
২০২৫ক লৈ বাবা ভাংগাৰ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত। নৱবৰ্ষৰ প্ৰাকক্ষণতে সঁচা প্ৰমাণ হ’ল বাবা ভাংগাৰ ভৱিষ্যদ্বাণী। নতুন বছৰক লৈ বাবা ভাংগাৰ প্ৰথমটো ভৱিষ্যদ্বাণী আছিল মহামাৰীৰ। প্ৰথমটো ভৱিষ্যদ্বাণী আখৰে আখৰে সঁচা প্ৰমাণিত।
চীনত উত্পত্তি HMP ভাইৰাছ বিয়পিছে বিশ্বজুৰি। ইতিমধ্যে এছিয়াৰ সৰ্বাধিক দেশতেই বিয়পিছে HMPV, ভাৰতত এই পৰ্যন্ত ৯ জনৰ দেহত পোৱা গৈছে HMP ভাইৰাছ। দ্ৰুতগতিত মহামাৰীয়ে ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা।
বাবা ভাংগাৰ দ্বিতীয়টো ভৱিষ্যদ্বাণী আছিল মহাপ্ৰলয়ৰ। ৭ জানুৱাৰী মঙলবাৰে পুৱা অহা বৰভূইকঁপে সত্য প্ৰমাণিত কৰিলে বাবা ভাংগাৰ বাণী। ৭.১ প্ৰাৱল্যৰ ভূমিকম্পত প্ৰাণহানি হ’ল বৰ্তমানলৈ ১২৬ জন লোকৰ। ২০০ৰো অধিক আহত।
একেটা সময়তে বিশ্বৰ কেইবাখনো দেশ কঁপি উঠিল ভূমিকম্পত। পাকিস্তান, বাংলাদেশ, ভাৰতৰ লগতে উত্তৰ-পূৱতো ভূমিকম্পৰ মৃদু প্ৰভাৱ।
তেন্তে ২০৪৭ত পৃথিৱী ধ্বংস হোৱাৰ ভৱিষ্যদ্বাণীও সঁচা প্ৰমাণিত হ’ব নেকি? বাবা ভাংগাৰ ভৱিষ্যদ্বাণী লৈ শংকিত হৈ পৰিছে এতিয়া বিশ্ব। জ্যোতিষ শাস্ত্ৰয়ো পূৰ্বে মহাপ্ৰলয়, প্ৰাকৃতিক দুৰ্যোগৰ পূৰ্বানুমান কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ