পতঞ্জলিৰ ঘিউ নমুনা পৰীক্ষাত ব্যৰ্থ হোৱাৰ পাছত বাবা ৰামদেৱ পতঞ্জলি ঘিউৰ সম্পৰ্কে কেতবোৰ মন্তব্য কৰা দেখা গৈছে৷
দিল্লীত এক সংবাদ মেল সম্বোধন কৰি বাবা ৰামদেৱে কয় যে পতঞ্জলিক বদনাম কৰিবলৈ কেতবোৰ চক্ৰই ষড়যন্ত্ৰ অব্যাহত ৰাখিছে৷ বাবা ৰামদেৱৰ মতে পতঞ্জলিৰ ঘিউক কেৱল দেশতহে ভেজাল বুলি কোৱা হয় কিন্তু বিদেশত পতঞ্জলিৰ ঘিউত ভেজাল পোৱা নাযায়৷ বাবা ৰামদেৱ মতে পতঞ্জলিৰ ঘিউ বিদেশলৈ ৰপ্তানি কৰা হয়৷
লগতে পঢ়ক শিক্ষকৰ প্ৰেমত উন্মাদ ছাত্ৰী! শিক্ষকৰ সৈতে পলায়ন কৰিবলৈ গৈ ঘটিল কি? জানিবলৈ চাওক…
ইফালে সংবাদ মেলত ৰামদেৱে পতঞ্জলিৰ ঘিউৰ মূল্য হ্ৰাস কৰা হ’ব বুলিও ঘোষণা কৰিছে৷
উল্লেখ্য যে লেবেৰেটৰী পৰীক্ষাত পতঞ্জলিৰ ঘিউ ভেজাল বুলি প্ৰমাণিত হোৱাৰ পাছতে বাবা ৰামদেৱ ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল৷
ইয়াৰ পাছতে বাবা ৰামদেৱে পতঞ্জলি ঘিউৰ সমৰ্থনত কেতবোৰ মন্তব্য কৰাৰ লগতে দেশৰ ক্ৰেতাৰ মন জয়ী কৰিবলৈ ইয়াৰ মূল্য হ্ৰাস কৰা হ’ব বুলিও প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ