• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কঁ‌কালৰ বিষ আৰু শ্লীপ ডিস্কৰ সমস্যা আৰু ইয়াৰ পৰা উপশম পোৱাৰ উপায়

কঁ‌কালৰ বিষ আৰু শ্লীপ ডিস্কৰ সমস্যা আৰু ইয়াৰ পৰা উপশম পোৱাৰ উপায়

4 years ago
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

12 minutes ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

16 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

17 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

18 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

18 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

19 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

20 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

20 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

21 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

21 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

22 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী স্বাস্থ্য

কঁ‌কালৰ বিষ আৰু শ্লীপ ডিস্কৰ সমস্যা আৰু ইয়াৰ পৰা উপশম পোৱাৰ উপায়

editor by editor
August 29, 2022
in জীৱনশৈলী, স্বাস্থ্য
0
কঁ‌কালৰ বিষ আৰু শ্লীপ ডিস্কৰ সমস্যা আৰু ইয়াৰ পৰা উপশম পোৱাৰ উপায়
0
SHARES
33k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডাঃ শাহানুৰ ৰহমানঃ মানৱদেহৰ অন্যান্য অংগত হোৱা বিষৰ দৰেই প্ৰায় বহুসংখ্যক লোকেই নিজ জীৱনকালত কম-বেছি পৰিমাণে কঁ‌কালৰ বিষত ভোগে। ভিন্ন শাৰিৰীক ৰোগৰ লক্ষণ বা উপসৰ্গ হিচাপেও কঁ‌কালৰ বিষ হোৱা দেখা যায়। পিছে বৰ্তমান সময়ত কঁ‌কালৰ বিষত ভোগা বহুসংখ্যক লোকৰেই বিষৰ কাৰণ— শ্লীপ ডিস্ক বা প্ৰ’লেপড্ ডিস্ক। সাধাৰণতে শ্লীপ ডিস্ক বুলিলে মানুহে সহজভাৱে বুজি পাই বা এইটো উমান লগাব পাৰে যে, মেৰুদণ্ডত থকা মূখ্য সীৰা বা স্পাইনেল কৰ্ড বা ইয়াৰ পৰা ওলোৱা কোনোবা সীৰা কোনো অংশত ঘটা কিবা এক বিসংগতিৰ ফলত কঁ‌কালৰ বিষ হৈছে বা হয়।

এই ধাৰণা ভুল নহয়, যদিওবা চিকিৎসা-বিজ্ঞান অনুসৰি ইয়াৰ অন্তৰ্নিহিত বহুতো কাৰণ আছে। সাধাৰণতে এইবিধ মানে কঁ‌কালৰ বিষ বা শ্লীপ ডিস্কৰ বিষ হঠাতে আৰু খুব তৎক্ষণাত আৰম্ভ হয়। আমাৰ দেহৰ ৰাজহাড় বা মেৰুদণ্ডডাল মূৰৰ নিম্নাংশৰ পৰা আৰম্ভ হৈ কঁ‌কালৰ শেষ অংশ পৰ্যন্ত যায় আৰু এইডালেই আমাৰ দেহৰ ভাৰসাম্য ৰক্ষা কৰা মূখ্য হাড়। প্ৰতিজন ব্যক্তিয়েই জন্মগতভাৱে মুঠ ৩৩ টা ভিন্ন বা সৰু সৰু হাড়ৰ খণ্ডৰে গঠিত একোডাল ৰাজহাড়ৰ গঠন পায়। এই সৰু সৰু হাড়ৰ খণ্ডবিলাক ইটোৰ লগত সিটো সংলগ্ন হৈ থাকে আৰু তাৰ মাজত থকা জেলীৰ দৰে লুপথুপীয়া অংশটোক ডিস্ক বুলি কোৱা হয়।

ইয়াৰ পিছফালে থাকে আমাৰ দেহৰ মেৰুসীৰা বা স্পাইনেল কৰ্ড। যেতিয়া এজন ব্যক্তিৰ কঁ‌কালৰ নিম্নাংশৰ বিষৰ কাৰণ শ্লীপডিক্স হয়, তেতিয়া এই ডিস্কবিলাক শ্লীপ বা পিছল খাই নাযায়। প্ৰকৃততে হয় এইটো যে, এই ডিস্কৰ ভিতৰৰ কোমল অংশ, যাক চিকিৎসা-বিজ্ঞানৰ ভাষাত ‘নিউক্লিয়াছ পালপ’চাছ’ বুলি কোৱা হয়, সেইবোৰ ডিস্কৰ বাহিৰৰ দুৰ্বল আৱৰণেদি বাহিৰলৈ ওলাই পৰে। এনেদৰে বাহিৰলৈ ওলাই পৰা ডিস্কে মূল সীৰা বা সীৰাৰ গুৰি আদিৰ ওপৰত চাপ বা হেঁ‌চা দিবলৈ আৰম্ভ কৰে। এনেদৰে পোৱা চাপ বা হেঁ‌চাৰ ফলস্বৰূপেই বিষৰ সৃষ্টি হ’ব পাৰে।

 

লগতে পঢ়ক যুৱকৰ প্ৰস্তাৱ নাকচ! ৰাতি শুই থাকোতে যুৱতীৰ শৰীৰত অগ্নিসংযোগ কৰি হত্যা, ১৪৪ ধাৰা জাৰি ডুমকাত

এতিয়া আহিছো এই ৰোগৰ লক্ষণসমূহৰ বিষয়ে। অৰ্থাৎ দেহত কি কি লক্ষণ দেখা দিলে এজন ব্যক্তি শ্লীপ ডিস্কত আক্ৰান্ত হৈছে বুলি জানিব পাৰিব। তেনে কেইটিমান লক্ষণ হৈছে—

১. কঁ‌কালৰ বিষ আৰু ভৰিৰ সংবেদনশীলতা কমি অহা‌ (ভৰিৰ কোনো অংশৰ সাৰ-সুৰ নোহোৱা হৈ পৰা), প্ৰধানতঃ এখন ভৰিৰ,

২. বিষ, যি ভৰি পৰ্যন্ত সম্প্ৰসাৰিত হয়,

৩. আক্ৰান্ত অংশত জিনজিননি, বিষৰ লগতে জ্বলা-পুৰা কৰাৰ অনুভৱ,ইত্যাদি,

৪. লগতে কঁ‌কালৰ মাংসপেশীত সংকোচন বা মোচোকা খোৱাৰ দৰে হোৱা,

৫. উঠিলে,থিয় হৈ থাকিলে বা বহিলেও খুব বিষ হয়,

৬. নিশাৰ ভাগলৈ আৰু নিৰ্দ্দিষ্ট কিছুমান কাম-কাজ কৰিলে বাঢ়ি যোৱা বিষৰ মাত্ৰা,

৭. বিছনাৰ পৰা উঠিব নোৱাৰা অৱস্থা হ’ব পাৰে,

৮. বিষৰ লগতেই কোনো স্পষ্ট কাৰণ নোহোৱা মাংসপেশীৰ দুৰ্বলতা আৰু

৯. একেবাৰে কম দূৰত্ব খোজ কাঢ়িলেও বিষ বৃদ্ধি পোৱা৷

সাধাৰণতে এই বিষ খুব হঠাতে, মানে কোনোধৰণৰ আগতীয়া উমান নোপোৱাকৈ আৰম্ভ হয়। যেনে ধৰক, কঁ‌কালত সম্পূৰ্ণ ভাজ কৰি সমুখলৈ হাওলি কিবা কাম কৰোতে, গধুৰ বস্তু বা ওজন ডাঙোতে, আনকি হঠাৎ জোৰৰে অহা হাঁ‌চি বা কাঁ‌হ মাৰোতেও শ্লীপ ডিস্কৰ বিষৰ আৰম্ভণি ঘটিব পাৰে। ৩০ ৰ পৰা ৫০বছৰ বয়সৰ লোকসকল এই সমস্যাত বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়। মেৰুদণ্ডৰ যিকোনো ডিস্কেই এই সমস্যাত আক্ৰান্ত হ’ব পাৰে, পিছে অধিকাংশৰেই নিম্নাংশ বা কঁ‌কালৰ অংশহে আক্ৰান্ত হোৱা দেখা যায়। এই যে ডিস্কৰ ভিতৰৰ অংশ বাহিৰলৈ ওলাই আহে, এনেদৰে ওলাই অহাৰ পৰিমাণ যিমানেই বেছি হয়, সিমানেই বিষ বা এই ৰোগৰ লক্ষণসমূহো বেছি হয়।

 

লগতে পঢ়ক শোকাৱহ! কৰ্তব্যস্থলীৰ পৰা গৃহলৈ ওভতাৰ পথত দুৰ্ঘটনাত টেট শিক্ষৰ মৃত্যু

এতিয়া আহিছো, এজন ব্যক্তিয়ে কি কি কাম কৰাৰ বা পৰিস্থিতিৰ সন্মুখীন হোৱাৰ ফলস্বৰূপে এই শ্লীপ ডিস্ক বা কঁ‌কালৰ বিষৰ সমস্যা হয় সেই দিশলৈ। কেইটিমান এনে কাম-কাজৰ বিষয়ে তলত উল্লেখ কৰিছো—

১. এনে কাম, য’ত এজন ব্যক্তিয়ে গধুৰ বস্তু বা ওজন ডাঙিবলগা হয়,

২. এনে কাম, য’ত ব্যক্তিজন দীঘলীয়া সময়ৰ বাবে বহিয়েই থাকিব লগা হয়,

৩. গধুৰ ওজন ডাঙিবলগা হোৱা যিকোনোধৰণৰ খেলা-ধুলা কৰা,

৪. ধূম্ৰপান কৰা,

৫. প্ৰয়োজনাধিক শাৰিৰীক ওজন আৰু

৬. বৰ্ধিত বয়সৰ লগত বাঢ়ি অহা হাড়ৰ দুৰ্বলতাজনিত সমস্যা ইত্যাদি।

দেহৰ বৰ্ধিত ওজন হ্ৰাস কৰা, ধূম্ৰপান ত্যাগ কৰা, ওজন ডঙাৰ কাম বন্ধ কৰা আৰু অধিক সময় বহি নাথাকি, মাজে-সময়ে অলপ চলা-ফিৰা কৰা আদি পদক্ষেপৰ জৰিয়তে এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি।

এতিয়া আহিছো এই ৰোগৰ চিকিৎসালৈ। উপৰোক্ত লক্ষণসমূহ দেহত দেখা দিলেই এজন ব্যক্তিয়ে তাৎক্ষণিকভাৱে কোনো স্নায়ৰোগ বিশেষজ্ঞৰ ওচৰ চপা উচিত। প্ৰায়বোৰ লোকৰ ক্ষেত্ৰতেই এই ৰোগৰ পৰা উপশম পাবলৈ অন্ততঃ কেইসপ্তাহমানৰ প্ৰয়োজন হয়। প্ৰাৰম্ভিক অৱস্থাত বিষৰ তীব্ৰতা অত্যধিক মাত্ৰাৰ হোৱাৰ বাবে স্বাভাৱিক দিনচৰ্যা চলাই নিয়াত সমস্যা হয়। যদিওবা প্ৰাৰম্ভিক অৱস্থাত বিষৰ মাত্ৰা বেছি হয়, তথাপিও ৰোগী এজনে তেওঁ‌ৰ নিত্যনৈমিত্তিক দিনচৰ্যা চলাই নিব পৰা কামবোৰ কৰিবলৈ লোৱা উচিত। সেইবুলি হঠাৎ অত্যধিক চাপ দিয়াৰ প্ৰয়োজন নাই, লাহে-ধীৰে সৰু-সুৰা দুই এক কাম কৰা, অলপমান খোজ কঢ়া, এনেধৰণৰ কিছুমান কাম অব্যাহত ৰখা উচিত। পিছে এই কামবোৰ চিকিৎসক বা ফিজিঅ’থেৰাপিষ্টৰ পৰামৰ্শমতেহে কৰা উচিত। অধ্যয়ন অনুসৰি প্ৰাপ্ত তথ্য অনুযায়ী ১০০জন ব্যক্তিৰ ভিতৰত ৫০ জনেই পৰ্যাপ্ত চিকিৎসা পালে, ১০ দিন মানৰ ভিতৰতেই লাহে লাহে উপশমৰ বাট দেখিবলৈ পায়।

 

লগতে পঢ়ক চিলাপথাৰত ছমাহ ধৰি পিতৃৰ কামনাৰ বলি কন্যা, অন্তঃসত্বা হোৱাৰ পাছতহে পোহৰলৈ আহিল ঘটনা

বিষ নিৰাময়ৰ বাবে সাধাৰণতে চিকিৎসকে আইব্ৰুফিন, ডাইক্ল’ফিনাক, নেপ্ৰ’ক্সেন, পেৰাচিতামল, গাবাপেন্টিন, মাছ’ল ৰিলেস্কেন্ট আদি ভিন্ন ধৰণৰ দৰৱ দিয়ে। ডিস্কৰ কিমান অংশ বাহিৰলৈ ওলাইছে আৰু ই মেৰুদণ্ডত কিমান বেছি হেঁচা দিছে, সেয়া চাবলৈ এম আৰ আইৰ দৰে পৰীক্ষা কৰি চাব পাৰি। পিছে যদিহে বহুত ডাঙৰ ডিস্ক থাকে বা ৪ সপ্তাহৰ পিছতো এই বিষৰ পৰা উপশম নাপাই তেন্তে ৰোগীজনৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব পাৰে। এই অস্ত্ৰোপচাৰত সেই ডিস্কৰ ভিতৰৰ পৰা ওলাই আহি বাহিৰত চাপৰ সৃষ্টি কৰা অংশক কাটি পেলোৱা হয়। যাৰফলত বিষৰ কাৰক চাপ বা হেঁ‌চা নোহোৱা হৈ ৰোগীজন যন্ত্ৰণামুক্ত হ’ব পাৰে। গতিকে এই ৰোগত আক্ৰান্ত হ’লেও ভয় খোৱাৰ কোনো কাৰণ নাই, কাৰণ ইয়াৰ চিকিৎসা আৰু নিৰাময় সম্ভৱ।

 

লেখকঃ- এম বি বি এছ, এম এছ(জি এম চি এইচ), এম চি এইচ নিউৰ’চাৰ্জাৰী(হাইদৰাবাদ),  জ্যেষ্ঠ স্নায়ু- শৈল্যৰোগ বিশেষজ্ঞ, গুৱাহাটী মেট্ৰ’ হস্পিটেল।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assamhealth tipsslip disc problems
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 3, 2026
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!
জীৱনশৈলী

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

April 3, 2026
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!
জীৱনশৈলী

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

April 3, 2026
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !
জীৱনশৈলী

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

April 3, 2026
Next Post
লোমহৰ্ষক হত্যাকাণ্ড! মাতৃ, পত্নী আৰু কন্যাসহ ৫ গৰাকী লোকক শিৰচ্ছেদ কৰি হত্যা

লোমহৰ্ষক হত্যাকাণ্ড! মাতৃ, পত্নী আৰু কন্যাসহ ৫ গৰাকী লোকক শিৰচ্ছেদ কৰি হত্যা

বিলাসী গাড়ী ক্ৰয় কৰিবলৈ গৈ মহিলা কৰ্মচাৰীক এনিশাৰ নৈশ যাপনৰ প্ৰস্তাৱ জ্যেষ্ঠ চিকিৎসকৰ!

বিলাসী গাড়ী ক্ৰয় কৰিবলৈ গৈ মহিলা কৰ্মচাৰীক এনিশাৰ নৈশ যাপনৰ প্ৰস্তাৱ জ্যেষ্ঠ চিকিৎসকৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.