ডাঃ শাহানুৰ ৰহমানঃ মানৱদেহৰ অন্যান্য অংগত হোৱা বিষৰ দৰেই প্ৰায় বহুসংখ্যক লোকেই নিজ জীৱনকালত কম-বেছি পৰিমাণে কঁকালৰ বিষত ভোগে। ভিন্ন শাৰিৰীক ৰোগৰ লক্ষণ বা উপসৰ্গ হিচাপেও কঁকালৰ বিষ হোৱা দেখা যায়। পিছে বৰ্তমান সময়ত কঁকালৰ বিষত ভোগা বহুসংখ্যক লোকৰেই বিষৰ কাৰণ— শ্লীপ ডিস্ক বা প্ৰ’লেপড্ ডিস্ক। সাধাৰণতে শ্লীপ ডিস্ক বুলিলে মানুহে সহজভাৱে বুজি পাই বা এইটো উমান লগাব পাৰে যে, মেৰুদণ্ডত থকা মূখ্য সীৰা বা স্পাইনেল কৰ্ড বা ইয়াৰ পৰা ওলোৱা কোনোবা সীৰা কোনো অংশত ঘটা কিবা এক বিসংগতিৰ ফলত কঁকালৰ বিষ হৈছে বা হয়।
এই ধাৰণা ভুল নহয়, যদিওবা চিকিৎসা-বিজ্ঞান অনুসৰি ইয়াৰ অন্তৰ্নিহিত বহুতো কাৰণ আছে। সাধাৰণতে এইবিধ মানে কঁকালৰ বিষ বা শ্লীপ ডিস্কৰ বিষ হঠাতে আৰু খুব তৎক্ষণাত আৰম্ভ হয়। আমাৰ দেহৰ ৰাজহাড় বা মেৰুদণ্ডডাল মূৰৰ নিম্নাংশৰ পৰা আৰম্ভ হৈ কঁকালৰ শেষ অংশ পৰ্যন্ত যায় আৰু এইডালেই আমাৰ দেহৰ ভাৰসাম্য ৰক্ষা কৰা মূখ্য হাড়। প্ৰতিজন ব্যক্তিয়েই জন্মগতভাৱে মুঠ ৩৩ টা ভিন্ন বা সৰু সৰু হাড়ৰ খণ্ডৰে গঠিত একোডাল ৰাজহাড়ৰ গঠন পায়। এই সৰু সৰু হাড়ৰ খণ্ডবিলাক ইটোৰ লগত সিটো সংলগ্ন হৈ থাকে আৰু তাৰ মাজত থকা জেলীৰ দৰে লুপথুপীয়া অংশটোক ডিস্ক বুলি কোৱা হয়।
ইয়াৰ পিছফালে থাকে আমাৰ দেহৰ মেৰুসীৰা বা স্পাইনেল কৰ্ড। যেতিয়া এজন ব্যক্তিৰ কঁকালৰ নিম্নাংশৰ বিষৰ কাৰণ শ্লীপডিক্স হয়, তেতিয়া এই ডিস্কবিলাক শ্লীপ বা পিছল খাই নাযায়। প্ৰকৃততে হয় এইটো যে, এই ডিস্কৰ ভিতৰৰ কোমল অংশ, যাক চিকিৎসা-বিজ্ঞানৰ ভাষাত ‘নিউক্লিয়াছ পালপ’চাছ’ বুলি কোৱা হয়, সেইবোৰ ডিস্কৰ বাহিৰৰ দুৰ্বল আৱৰণেদি বাহিৰলৈ ওলাই পৰে। এনেদৰে বাহিৰলৈ ওলাই পৰা ডিস্কে মূল সীৰা বা সীৰাৰ গুৰি আদিৰ ওপৰত চাপ বা হেঁচা দিবলৈ আৰম্ভ কৰে। এনেদৰে পোৱা চাপ বা হেঁচাৰ ফলস্বৰূপেই বিষৰ সৃষ্টি হ’ব পাৰে।
লগতে পঢ়ক যুৱকৰ প্ৰস্তাৱ নাকচ! ৰাতি শুই থাকোতে যুৱতীৰ শৰীৰত অগ্নিসংযোগ কৰি হত্যা, ১৪৪ ধাৰা জাৰি ডুমকাত
এতিয়া আহিছো এই ৰোগৰ লক্ষণসমূহৰ বিষয়ে। অৰ্থাৎ দেহত কি কি লক্ষণ দেখা দিলে এজন ব্যক্তি শ্লীপ ডিস্কত আক্ৰান্ত হৈছে বুলি জানিব পাৰিব। তেনে কেইটিমান লক্ষণ হৈছে—
১. কঁকালৰ বিষ আৰু ভৰিৰ সংবেদনশীলতা কমি অহা (ভৰিৰ কোনো অংশৰ সাৰ-সুৰ নোহোৱা হৈ পৰা), প্ৰধানতঃ এখন ভৰিৰ,
২. বিষ, যি ভৰি পৰ্যন্ত সম্প্ৰসাৰিত হয়,
৩. আক্ৰান্ত অংশত জিনজিননি, বিষৰ লগতে জ্বলা-পুৰা কৰাৰ অনুভৱ,ইত্যাদি,
৪. লগতে কঁকালৰ মাংসপেশীত সংকোচন বা মোচোকা খোৱাৰ দৰে হোৱা,
৫. উঠিলে,থিয় হৈ থাকিলে বা বহিলেও খুব বিষ হয়,
৬. নিশাৰ ভাগলৈ আৰু নিৰ্দ্দিষ্ট কিছুমান কাম-কাজ কৰিলে বাঢ়ি যোৱা বিষৰ মাত্ৰা,
৭. বিছনাৰ পৰা উঠিব নোৱাৰা অৱস্থা হ’ব পাৰে,
৮. বিষৰ লগতেই কোনো স্পষ্ট কাৰণ নোহোৱা মাংসপেশীৰ দুৰ্বলতা আৰু
৯. একেবাৰে কম দূৰত্ব খোজ কাঢ়িলেও বিষ বৃদ্ধি পোৱা৷
সাধাৰণতে এই বিষ খুব হঠাতে, মানে কোনোধৰণৰ আগতীয়া উমান নোপোৱাকৈ আৰম্ভ হয়। যেনে ধৰক, কঁকালত সম্পূৰ্ণ ভাজ কৰি সমুখলৈ হাওলি কিবা কাম কৰোতে, গধুৰ বস্তু বা ওজন ডাঙোতে, আনকি হঠাৎ জোৰৰে অহা হাঁচি বা কাঁহ মাৰোতেও শ্লীপ ডিস্কৰ বিষৰ আৰম্ভণি ঘটিব পাৰে। ৩০ ৰ পৰা ৫০বছৰ বয়সৰ লোকসকল এই সমস্যাত বেছিকৈ আক্ৰান্ত হোৱা দেখা যায়। মেৰুদণ্ডৰ যিকোনো ডিস্কেই এই সমস্যাত আক্ৰান্ত হ’ব পাৰে, পিছে অধিকাংশৰেই নিম্নাংশ বা কঁকালৰ অংশহে আক্ৰান্ত হোৱা দেখা যায়। এই যে ডিস্কৰ ভিতৰৰ অংশ বাহিৰলৈ ওলাই আহে, এনেদৰে ওলাই অহাৰ পৰিমাণ যিমানেই বেছি হয়, সিমানেই বিষ বা এই ৰোগৰ লক্ষণসমূহো বেছি হয়।
লগতে পঢ়ক শোকাৱহ! কৰ্তব্যস্থলীৰ পৰা গৃহলৈ ওভতাৰ পথত দুৰ্ঘটনাত টেট শিক্ষৰ মৃত্যু
এতিয়া আহিছো, এজন ব্যক্তিয়ে কি কি কাম কৰাৰ বা পৰিস্থিতিৰ সন্মুখীন হোৱাৰ ফলস্বৰূপে এই শ্লীপ ডিস্ক বা কঁকালৰ বিষৰ সমস্যা হয় সেই দিশলৈ। কেইটিমান এনে কাম-কাজৰ বিষয়ে তলত উল্লেখ কৰিছো—
১. এনে কাম, য’ত এজন ব্যক্তিয়ে গধুৰ বস্তু বা ওজন ডাঙিবলগা হয়,
২. এনে কাম, য’ত ব্যক্তিজন দীঘলীয়া সময়ৰ বাবে বহিয়েই থাকিব লগা হয়,
৩. গধুৰ ওজন ডাঙিবলগা হোৱা যিকোনোধৰণৰ খেলা-ধুলা কৰা,
৪. ধূম্ৰপান কৰা,
৫. প্ৰয়োজনাধিক শাৰিৰীক ওজন আৰু
৬. বৰ্ধিত বয়সৰ লগত বাঢ়ি অহা হাড়ৰ দুৰ্বলতাজনিত সমস্যা ইত্যাদি।
দেহৰ বৰ্ধিত ওজন হ্ৰাস কৰা, ধূম্ৰপান ত্যাগ কৰা, ওজন ডঙাৰ কাম বন্ধ কৰা আৰু অধিক সময় বহি নাথাকি, মাজে-সময়ে অলপ চলা-ফিৰা কৰা আদি পদক্ষেপৰ জৰিয়তে এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি।
এতিয়া আহিছো এই ৰোগৰ চিকিৎসালৈ। উপৰোক্ত লক্ষণসমূহ দেহত দেখা দিলেই এজন ব্যক্তিয়ে তাৎক্ষণিকভাৱে কোনো স্নায়ৰোগ বিশেষজ্ঞৰ ওচৰ চপা উচিত। প্ৰায়বোৰ লোকৰ ক্ষেত্ৰতেই এই ৰোগৰ পৰা উপশম পাবলৈ অন্ততঃ কেইসপ্তাহমানৰ প্ৰয়োজন হয়। প্ৰাৰম্ভিক অৱস্থাত বিষৰ তীব্ৰতা অত্যধিক মাত্ৰাৰ হোৱাৰ বাবে স্বাভাৱিক দিনচৰ্যা চলাই নিয়াত সমস্যা হয়। যদিওবা প্ৰাৰম্ভিক অৱস্থাত বিষৰ মাত্ৰা বেছি হয়, তথাপিও ৰোগী এজনে তেওঁৰ নিত্যনৈমিত্তিক দিনচৰ্যা চলাই নিব পৰা কামবোৰ কৰিবলৈ লোৱা উচিত। সেইবুলি হঠাৎ অত্যধিক চাপ দিয়াৰ প্ৰয়োজন নাই, লাহে-ধীৰে সৰু-সুৰা দুই এক কাম কৰা, অলপমান খোজ কঢ়া, এনেধৰণৰ কিছুমান কাম অব্যাহত ৰখা উচিত। পিছে এই কামবোৰ চিকিৎসক বা ফিজিঅ’থেৰাপিষ্টৰ পৰামৰ্শমতেহে কৰা উচিত। অধ্যয়ন অনুসৰি প্ৰাপ্ত তথ্য অনুযায়ী ১০০জন ব্যক্তিৰ ভিতৰত ৫০ জনেই পৰ্যাপ্ত চিকিৎসা পালে, ১০ দিন মানৰ ভিতৰতেই লাহে লাহে উপশমৰ বাট দেখিবলৈ পায়।
লগতে পঢ়ক চিলাপথাৰত ছমাহ ধৰি পিতৃৰ কামনাৰ বলি কন্যা, অন্তঃসত্বা হোৱাৰ পাছতহে পোহৰলৈ আহিল ঘটনা
বিষ নিৰাময়ৰ বাবে সাধাৰণতে চিকিৎসকে আইব্ৰুফিন, ডাইক্ল’ফিনাক, নেপ্ৰ’ক্সেন, পেৰাচিতামল, গাবাপেন্টিন, মাছ’ল ৰিলেস্কেন্ট আদি ভিন্ন ধৰণৰ দৰৱ দিয়ে। ডিস্কৰ কিমান অংশ বাহিৰলৈ ওলাইছে আৰু ই মেৰুদণ্ডত কিমান বেছি হেঁচা দিছে, সেয়া চাবলৈ এম আৰ আইৰ দৰে পৰীক্ষা কৰি চাব পাৰি। পিছে যদিহে বহুত ডাঙৰ ডিস্ক থাকে বা ৪ সপ্তাহৰ পিছতো এই বিষৰ পৰা উপশম নাপাই তেন্তে ৰোগীজনৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব পাৰে। এই অস্ত্ৰোপচাৰত সেই ডিস্কৰ ভিতৰৰ পৰা ওলাই আহি বাহিৰত চাপৰ সৃষ্টি কৰা অংশক কাটি পেলোৱা হয়। যাৰফলত বিষৰ কাৰক চাপ বা হেঁচা নোহোৱা হৈ ৰোগীজন যন্ত্ৰণামুক্ত হ’ব পাৰে। গতিকে এই ৰোগত আক্ৰান্ত হ’লেও ভয় খোৱাৰ কোনো কাৰণ নাই, কাৰণ ইয়াৰ চিকিৎসা আৰু নিৰাময় সম্ভৱ।
লেখকঃ- এম বি বি এছ, এম এছ(জি এম চি এইচ), এম চি এইচ নিউৰ’চাৰ্জাৰী(হাইদৰাবাদ), জ্যেষ্ঠ স্নায়ু- শৈল্যৰোগ বিশেষজ্ঞ, গুৱাহাটী মেট্ৰ’ হস্পিটেল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ