সাৱধান! আপোনাৰ আঙুলি বা ছালত দেখা দিছে নেকি এই সমস্যা, হ’ব পাৰে কলেষ্টৰেলৰ সমস্যা
আজিকালি বেয়া খাদ্যাভ্যাসৰ বাবেই মানুহ বহু গুৰুতৰ ৰোগৰ বলি হৈ পৰিছে। বেয়া কলেষ্টেৰল ইয়াৰে মাজৰ এবিধ অন্যতম। শৰীৰত কলেষ্টেৰল অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ বাবে এজন ব্যক্তি অসুস্থ হ’ব পাৰে। কলেষ্টেৰলৰ আমাৰ হৃদযন্ত্ৰৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে।
ভাল কলেষ্টেৰলে হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে যদিও বেয়া কলেষ্টেৰলে হৃদৰোগ বৃদ্ধি কৰে। অস্বাস্থ্যকৰ আৰু তেলীয়া খাদ্য খোৱাৰ ফলত বেয়া কলেষ্টেৰল বৃদ্ধি পায়। যেতিয়া শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি পায় তেতিয়া ইয়াৰ কিছুমান লক্ষণ মুখত দেখা দিবলৈ আৰম্ভ কৰে, যদি আপুনি সেইবোৰক আওকাণ কৰে তেন্তে সাৱধান হওক। যদি সময়মতে কলেষ্টেৰল নিয়ন্ত্ৰিত নহয়, তেন্তে আপুনি হাৰ্ট এটেক বা ষ্ট্ৰোকৰ দৰে অৱস্থাৰ সন্মুখীন হ’ব পাৰে।
বেয়া কলেষ্টেৰলৰ বাবে ছালত এই লক্ষণ দেখা দিয়ে
১) ভৰি ফুলা
যদি আপোনাৰ ভৰি বা ভৰিৰ তলৰ অংশ ফুলা দেখা যায়, তেন্তে ই আপোনাৰ শৰীৰত বেয়া কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পোৱাৰ লক্ষণ। বেয়া কলেষ্টেৰল হৃদযন্ত্ৰৰ লগত জড়িত, সেয়েহে এই লক্ষণটোক গুৰুত্বসহকাৰে লওক আৰু এবাৰ এল ডি এল (LDL Test) পৰীক্ষা কৰক।
২) ছালৰ ৰং সলনি হোৱা
বেয়া কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধিৰ বাবে ছালৰ ৰঙৰ পৰিৱৰ্তনো দেখা দিবলৈ আৰম্ভ কৰে। ছালত নীলা বা সেউজীয়া ৰং দেখাটো তেজৰ সঞ্চালনত প্ৰভাৱ পৰাৰ লক্ষণ। ইয়াৰ প্ৰভাৱৰ এটা কাৰণ হ’ব পাৰে বেয়া কলেষ্টেৰল বৃদ্ধি কাৰণ ই শৰীৰত জমা হ’বলৈ আৰম্ভ কৰে।
৩) ছালত বেঙুনীয়া ৰঙৰ ৰেখা ওলোৱা
এই বেঙুনীয়া ৰঙৰ ৰেখাবোৰ আপোনাৰ মুখ, হাত বা ভৰিতো দেখা দিব পাৰে। এই লক্ষণে শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হোৱাৰ কথাও সূচায়। ইয়াৰ উপৰিও এম্ব’লাইজেচন চিণ্ড্ৰম নামৰ ৰোগৰ লক্ষণ। ইয়াত এজন ব্যক্তিৰ একেলগে বমি আৰু জ্বৰ হব পাৰে।
৪) ছালত মোমৰ দৰে তৰপ গঠন
যদি আপোনাৰ ছালত হালধীয়া মোমৰ দৰে তৰপ গঠন হৈছে, তেন্তে ইয়াৰ পৰা স্পষ্টকৈ বুজা যায় যে আপোনাৰ শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি পাইছে। এতিয়া ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ চিকিৎসা আৰম্ভ কৰিব লাগে।
৫) আঙুলি ফুলা
যদি আপোনাৰ হাতৰ আঙুলি কিম্বা ভৰিৰ আঙুলি কোনো কাৰণ নোহোৱাকৈ ফুলি উঠিছে, তেন্তে ই শৰীৰত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হোৱাৰ লক্ষণ। এই ফুলাটোৱে আপোনাক বাৰে বাৰে আমনি কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ