বুঢ়া মঙলবাৰে হ’বলৈ গৈ আছে বিশেষ শুভ যোগ, হনুমানে কৃপা কৰিব এই ৰাশিৰ লোকৰ ওপৰত
সনাতন ধৰ্মত বুঢ়া মঙলবাৰৰ বিশেষ মহত্ব আছে। জেঠ মাহত হোৱা মঙলবাৰক বুঢ়া মঙল অথবা ডাঙৰ মঙল বুলি কোৱা হয়। সেই হিচাপে প্ৰতি বছৰে ৪ বা ৫ টা মঙলবাৰে বুঢ়া মঙল পৰে। চলিত বৰ্ষতো বুঢ়া মঙলবাৰ পৰিছে।
এই বুঢ়া মঙলবাৰৰ দিনটো ৰাম ভক্ত ভগৱানক উপাসনা কৰা হয়। কোৱা হয় যে, বুঢ়া মঙলবাৰৰ দিনা হমুমানক পূজা কৰিলে জীৱনৰ পৰা সকলো দুখ কষ্ট আঁতৰ হয়।
এইবাৰৰ বুঢ়া মঙলবাৰ অতিকে শুভ বুলি ধৰা হৈছে। কিয়নো এই দিনতে একেলগে ব্ৰহ্ম যোগো পৰিছে। যাৰ ফলত কেইটামান ৰাশিৰ লোকৰ ওপৰত ইয়াৰ শুভ প্ৰভাৱ পৰিব। লাভ হব সেই বিশেষ ৰাশিৰ লোকৰ।
মেষ ৰাশি- এই ৰাশিৰ লোকৰ অতিকে শুভ হব বুলি ধৰা হৈছে। হনুমানৰ কৃপাত মেষ ৰাশিৰ লোকৰ ধনে-ধানে লাভ হব। সকলো কামতে সফলতা লাভ কৰিব। ভাগ্যই লগ দিব মেষ ৰাশিৰ লোকৰ। কোনো নতুন ব্যৱসায়ো আৰম্ভ কৰিব পাৰে। সফলতা পাব। কৰবাত বিনিয়োগো কৰিব পাৰে। কেৰিয়াৰত বহু উন্নতি হব পাৰে।
বৃশ্চিক ৰাশি- বুঢ়া মঙলৰ ফলত বৃশ্চিক ৰাশিৰ লোকৰ জীৱনলৈ সুখৰ সঞ্চাৰ ঘটিব। খৰচ কিছু বৃদ্ধি পাব, যদিও আয় বৃদ্ধি পাব। চাকৰিয়াল লোকৰ পদোন্নতি হোৱাৰ যোগ, যাৰ ফলত দৰমহা আদি বৃদ্ধি পাব।
কুম্ভ ৰাশি- কুম্ভ ৰাশিৰ লোকৰ বাবেও এই বুঢ়া মঙলে সুখৰ আকৰ কঢ়িয়াই আনিছে। বহু ক্ষেত্ৰতে লাভ হোৱা দেখা যায়। সম্পত্তি বৃদ্ধি পাব। উপাৰ্যনৰ নতুন শ্ৰোত খোল খাব। দাম্পত্য জীৱনতো সুখ আহিব। ভাবি থোৱা কামে পূৰ্ণতা লাভ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ