পত্নীৰ বিৰুদ্ধে আৰ্থিক চাপ আৰু মানসিক, শাৰীৰিক নিৰ্যাতনৰ অভিযোগ আনিছে স্বামীয়ে৷ বাংগালুৰুৰ বাসিন্দা পেছাত ছফ্টৱেৰ ইঞ্জিনীয়াৰ শ্ৰীকান্তই পত্নী বিন্দুশ্ৰীৰ বিৰুদ্ধে এই অভিযোগ আনিছে৷ অভিযোগমতে তেওঁক পত্নীয়ে আৰ্থিক চাহিদাৰ বাবে চাপ, ব্লেকমেইল আৰু আক্ৰমণো কৰিছে৷ উপায়হীন শ্ৰীকান্তই এতিয়া কাষ চাপিছে ভেলিকাভেল থানাৰ৷
শ্ৰীকান্তই জনাইছে যে ২০২২ চনৰ আগষ্ট মাহত এক মেট্ৰিমোনিয়েল চাইটৰ মাধ্যমেৰে বিন্দুশ্ৰীৰ সৈতে চিনাকি গঢ়ি উঠিছিল তেওঁৰ৷ বিবাহৰ পূৰ্বৰে পৰাই বিন্দুশ্ৰী আৰু তেওঁৰ মাতৃয়ে আৰ্থিক চাপ দিছিল শ্ৰীকান্তক৷ শ্ৰীকান্তই পত্নীৰ একাউণ্টত ৩ লাখ টকা আৰু তেওঁৰ শাহুৱেকৰ একাউন্টত বিবাহৰ বাবে ৫০০০০ টকা বিচাৰিছিল৷ সেইমতে শ্ৰীকান্তই ধন সোমোৱাই দিছিল৷
শ্ৰীকান্তই লগতে অভিযোগ কৰে যে বিবাহৰ দুই বছৰতকৈ বেছি সময় পাৰ হৈ গলেও তেওঁ আৰু পত্নী কেতিয়াও শাৰীৰিকভাৱে ঘনিষ্ঠ হোৱা নাই৷ পত্নীৰ সৈতে শাৰীৰিক সম্পৰ্কৰ চেষ্টা কৰিলে প্ৰত্যেকবাৰেই তেওঁক পত্নীয়ে তাৰবাবে ৫০০০ টকা দাবী কৰিছে৷ ইয়াৰোপৰি তেওঁ পত্নীৰ বিৰুদ্ধে তেওঁৰ পুৰুষাংগক ক্ষতি কৰা আৰু ব্লেকমেইল কৰাৰো অভিযোগ আনিছে৷
বিন্দুশ্ৰী আৰু তেওঁৰ পৰিয়ালৰ পক্ষৰ পৰা প্ৰতি মাহত ৭৫,০০০টকাৰ এটা হোম লোনো আছে সেই হোম লোনৰ ধনো শ্ৰীকান্তক ভৰিবলৈ বাধ্য কৰোৱা হৈছে৷ শ্ৰীকান্তৰ অভিযোগ, তেওঁৰ পত্নীয়ে ৱাৰ্ক ফৰ্ম হোমৰ মিটিং চলি থকাৰ সময়তেই লেপটপৰ সন্মুখত অশ্লীল ব্যৱহাৰ কৰে৷ তাৰ ফলত চাকৰিও হেৰুৱাই শ্ৰীকান্তই৷
শ্ৰীকান্তই বিন্দুশ্ৰীৰ পৰা বিবাহ বিচ্ছেদো বিচাৰিছিল৷ কিন্তু বিন্দুশ্ৰীয়ে বিচ্ছেদৰ বাবদো তেওঁৰ পৰা ডিমাণ্ড কৰিছে ৪৫লাখ টকা৷ শ্ৰীকান্তৰ এইসমূহ অভিযোগৰ পাছতেই আৰক্ষীৰ সোধপোছৰ সময়ত পত্নী বিন্দুশ্ৰীয়ে ওলোটাই অভিযোগ আনিছে শ্ৰীকান্তৰ বিৰুদ্ধে৷ তেওঁ কয় যে, শ্ৰীকান্তই তেওঁক গৃহকৰ্মীৰ দৰে ব্যৱহাৰ কৰে আৰু শাৰীৰিক নিৰ্যাতনো চলাই৷ আৰক্ষীয়ে দুই পক্ষকেই সোধপোচ কৰি ইতিমধ্যে তলব কৰিছে৷ তেওঁলোক দুয়োকে কাউন্সেলিঙৰ সময়ত মনোৰোগ চিকিৎসকৰ পৰা চিকিৎসা লবলৈ আহ্বান জনাই পাৰস্পৰিক বিবাহবিচ্ছেদৰো পৰামৰ্শ দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ