মুখৰ ভিতৰত হৈছে নেকি এনে ধৰণৰ ঘাঁ, মিনিটতে এই পদ্ধতিৰে ঠিক হ’ব সকলো
মুখৰ আলচাৰৰ সমস্যা প্ৰায়ে ভুল খাদ্য খোৱা, হজম শক্তি বেয়া হোৱা আৰু ঔষধ অবিৰত সেৱনৰ বাবেই দেখা দিয়ে। মুখৰ আলচাৰৰ সমস্যাৰ সময়ত মানুহৰ খোৱা-বোৱাত অসুবিধাৰ সৃষ্টি হয়। মুখৰ আলচাৰৰ সময়তো মানুহ অতিশয় খিংখিঙীয়া হৈ পৰে।
মুখৰ আলচাৰৰ আন কাৰণসমূহ হ’ল হৰম’নৰ পৰিৱৰ্তন আৰু আৱেগিক উত্তেজনা। মুখৰ ঘা কেতিয়াবা নিজে ভাল হয় যদিও এবাৰ দাঁতৰ আলু, ভিতৰৰ গাল, মুখৰ চাল আৰু ওঁঠত উপনীত হ’লেই আলচাৰৰ চিকিৎসা কৰাটো প্ৰয়োজনীয় হৈ পৰে। এনে পৰিস্থিতিত কোনো ঔষধ নোহোৱাকৈ মুখৰ আলচাৰ কেনেদৰে চিকিৎসা কৰিব পাৰি-
মুখৰ আলচাৰ হোৱাৰ কাৰণঃ
আকস্মিকভাৱে জিভা বা গালত দাঁতেৰে কামোৰা,
ব্ৰেচ আৰু দাঁত ধৰি ৰখা যন্ত্ৰ পিন্ধা,
ভুল টুথপেষ্ট,
ঋতুস্ৰাৱৰ সময়ত হৰম’নৰ পৰিৱৰ্তনৰ ফলত
হতাশা ,
টোপনিৰ অভাৱ
মুখৰ আলচাৰ নিৰাময়ৰ বাবে দেশী প্ৰতিকাৰ
– প্ৰথমে মজিয়াত বা বিচনাত শুই ভৰি দুখন সম্পূৰ্ণ পোন কৰি ৰাখিব লাগে।
-ইয়াৰ পিছত টি-চাৰ্ট বা চাৰ্টটো বুকুলৈকে টানিব আৰু সম্ভৱ হ’লে খুলি ল’ব।
-তাৰ পিছত নাভিৰ ওপৰৰ অংশ বুকুৰ ফালে এগিলাচ পানী ৰাখিব লাগিব।
-একে সময়তে বটাছা এটা লৈ নাভিত থৈ দিব লাগে।
-ইয়াৰ পিছত গিলাচৰ পৰা আঙুলিৰে বটাছাৰ ওপৰত পেলাই দি থাকিব।
এনে কৰিলে কি হ’ব?
এইদৰে কৰিলে বাটাছাৰ মাজেৰে পানীয়ে নাভিটো ঠাণ্ডা কৰিব আৰু এই শীতলতাই পেটটোক সকাহ দিব। কাৰণ মুখৰ আলচাৰৰ সমস্যা প্ৰায়ে পেটৰ অসুখৰ বাবেই উদ্ভৱ হয়। যদি পেটটো ঠাণ্ডা হৈ থাকে তেন্তে মুখৰ আলচাৰৰ দৰে সমস্যা কেতিয়াও নহ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ