পঞ্জাৱৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ পঞ্জাৱৰ নেতা ভগৱন্ত সিং মানে শনিবাৰে পঞ্জাৱৰ ৰাজ্যপাল বানৱাৰীলাল পুৰোহিতক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনায়৷
ৰাজ্যপাল পুৰোহিতক চৰকাৰ গঠনৰ দাবী জনোৱাৰ পিছতে ৰাজভৱনৰ বাহিৰত সাংবাদিকসকলৰ আগত পঞ্জাৱৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ভগৱন্ত সি মানে কয় যে তেওঁৰ চৰকাৰে শ্বহীদ ভগৎ সিঙৰ গাঁৱত শপত গ্ৰহণ কৰিব৷
৪৮ বছৰীয়া একালৰ কমেডিয়ান, অভিনেতা তথা বৰ্তমানৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰীজনে মন্ত্ৰীসভাৰ সতীৰ্থসকলৰ সৈতে অহা ১৬ মাৰ্চত শ্বহীদ ভগৎ সিঙৰ গাঁৱত দুপৰীয়া ১২.৩০ বজাত শপত গ্ৰহণ কৰিব৷
লগতে পঢ়ক আসন্ন তৃতীয় বিশ্বযুদ্ধ! ৰাছিয়াক সকীয়ালে মাৰ্কিন ৰাষ্ট্ৰপতি জু বিডেনে
‘‘সমগ্ৰ পঞ্জাৱৰ লোকে শপত গ্ৰহণ অনুষ্ঠানলৈ আহিব আৰু ভগৎ সিঙৰ স্মৰণত প্ৰাৰ্থনা কৰিব৷ আমি এখন অতি ভাল কেবিনেট গঠন কৰিম, আমি ৰাজ্যৰ ইতিহাসত কেতিয়াও নোলোৱা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিম৷ তাৰবাবে আপোনালোকে অলপ অপেক্ষা কৰক৷’’ ৰাজভৱনৰ বাহিৰত সাংবাদিক এইদৰে কয় পঞ্জাৱৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীয়ে৷
ধুৰী বিধানসভা আসনৰ পৰা প্ৰায় ৫৮ হাজাৰ ভোটত জয়ী হোৱা ভগৱন্ত মানে শুকুৰবাৰে মোহালীত আম আদমি পাৰ্টিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বিধায়িনী বৈঠকত অংশগ্ৰহণ কৰে৷ সেই সভাতে ভগৱন্ত মানক বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰাৰ পিছত শনিবাৰে পুৱা ১০.৩০ বজাত চৰকাৰ গঠনৰ দাবীৰে ৰাজভৱত উপস্থিত হৈ ৰাজ্যপালক সাক্ষাৎ কৰে৷
ইফালে ভগৱন্ত মানে নৱনিৰ্বাচিত আপৰ বিধায়কসকলক নিৰ্দেশ দিছে ৰাজধানী চণ্ডীগড়ত নহয়, সমষ্টিতহে অধিক সময় অতিবাহিত কৰিব লাগিব৷ তেওঁলোকক কেবিনেটৰ বাবে লালায়িত নহ’বলৈও আহ্বান জনাইছে ভগৱন্ত মানে৷
‘‘মুখ্যমন্ত্ৰীৰ উপৰিও আমাৰ কেবিনেটত ১৭ গৰাকীহে মন্ত্ৰী থাকিব৷ কোনোৱে আক্ষেপ নকৰিব৷ আপোনালোক সকলোৱে একো একোজন কেবিনেট মন্ত্ৰী৷’’ দলৰ ৯২ গৰাকী বিধায়কক উদ্দেশ্যি এইদৰে কয় ভগৱন্ত মানে৷
উল্লেখ্য যে ১১৭ আসন বিশিষ্ট পঞ্জাৱ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ, আকালী আৰু বিজেপিসহ সকলো দলকে ধূলিস্যাৎ কৰি আম আদমি পাৰ্টিয়ে ৯২ খন আসন লাভেৰে ভগৱন্ত সিং মানৰ নেতৃত্বত চৰকাৰ গঠন কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ