ভাৰতীয় জনতা যুৱ মৰ্চা অসমৰ নতুন সভাপতি নিযুক্তি
ভাৰতীয় জনতা যুৱ মৰ্চাৰ আজি নতুন সভাপতি নিযুক্তি দিয়া হয়। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক সম্পাদক ৰাকেশ দাসক এই পদ দিয়া হয়।
এতিয়াৰ পৰা অসমৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি হ’ব ৰাকেশ দাস। এক প্ৰেছ বিজ্ঞপ্তি যোগে নতুন সভাপতি নিযুক্তৰ কথা প্ৰকাশ অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ।
সামাজিক মাধ্যম X হেণ্ডেল যোগে এই বাৰ্তা সদৰি কৰে অসম বিজেপিৰ ফালৰ পৰা। তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই নিযুক্তি প্ৰদান কৰাৰ কথা উল্লেখ কৰে প্ৰেছ বিজ্ঞপ্তি খনত। এতিয়া সিদ্ধাংকু অংকুৰ বৰুৱাৰ ঠাইত সভাপতিৰ ৰূপে দায়িত্ব গ্ৰহণ কৰিব ৰাকেশ দাসে।
https://x.com/BJP4Assam/status/1814963406492836015
ৰাকেশ দাসৰ কাৰ্যকাল চাবলৈ গ’লে- ২০১৯ৰ পৰা ২০২১ লৈ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক সম্পাদক হৈ আছিল ৰাকেশ দাস। ২০২১ৰ পৰা ২০২২লৈ ৰাষ্ট্ৰীয় সম্পাদক আছিল। তাৰ পাছতহে অসমৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সৈতে জড়িত হৈ পৰে। আৰু বহু কম সময়ৰ ভিতৰতে সভাপতিৰ পদ লাভ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















