ভুল ভুলেইয়া ৩ৰ ট্ৰেইলাৰ ৰিলিজ, এইবাৰ এগৰাকী নহয়, দুগৰাকী মঞ্জুলিকা
কালি ৮ অক্টোবৰত মুক্তি পালে বলীউডৰ তাৰকা কাৰ্তিক আৰিয়ানৰ আগন্তুক ছবি ‘ভুল ভুলেইয়া ৩’ৰ ট্ৰেইলাৰ। এইখন ২০২৪ বৰ্ষৰ অন্যতম প্ৰত্যাশিত ছবি। বিদ্যা বালন, ত্ৰুপতি ডিমৰি, মাধুৰী দীক্ষিত, ৰাজপাল যাদৱৰ চৰিত্ৰৰ আভাস ট্ৰেইলাৰত দেখা যাব। ‘ভূল ভুলাইয়া ৩’ৰ ট্ৰেইলাৰে ছবিখনক লৈ অনুৰাগীৰ উত্তেজনা দুগুণ বৃদ্ধি কৰিছে।
জয়পুৰৰ ৰাজ মন্দিৰ চিনেমাত মুক্তি পোৱা ‘ভুল ভুলেইয়া ৩’ৰ ট্ৰেইলাৰত বিদ্যা বালন, কাৰ্তিক আৰিয়ান, ত্ৰুপতি ডিমৰি, ৰাজপাল যাদৱ, প্ৰযোজক ভূষণ কুমাৰ আৰু পৰিচালক আনীছ উপস্থিত থাকে। হৰৰ-কমেডী ছবি ‘ভুল ভুলেইয়া ৩’ৰ ট্ৰেইলাৰত দেখা গৈছে কাৰ্তিক আৰিয়ানক ৰুহ বাবাৰ চৰিত্ৰত।
এইবাৰ ছবিখনত ৰুহ বাবাৰ মুখামুখি হ’ব এগৰাকী নহয় দুগৰাকী মঞ্জুলিকাৰ সৈতে। বিদ্যা বালানৰ উপৰিও মাধুৰী দীক্ষিতক মঞ্জুলিকাৰ চৰিত্ৰত দেখা যাব, যাৰ আভাস ট্ৰেইলাৰত দেখা যাব।
অক্ষয় কুমাৰ অভিনীত ‘ভুল ভুলেইয়া’ ছবিখনে বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছিল, দ্বিতীয় খণ্ড অৰ্থাৎ ‘ভূল ভুলাইয়া ২’ ছবিখনেও সফলতা লাভ কৰিছিল বক্স অফিচত। ২০২২ চনত মুক্তি পোৱা এই ছবিখনে বক্স অফিচত ২৬৬ কোটি টকাৰ ব্যৱসায় কৰিছিল। তাৰ পিছত টাবুৱে ছবিখনত মঞ্জুলিকাৰ চৰিত্ৰত অভিনয় কৰি অতিশয় প্ৰশংসা লাভ কৰিছিল।
উল্লেখযোগ্য যে এইবাৰ দীপাৱলীৰ সময়ত ছবিগৃহত মুক্তি পাব কাৰ্তিক আৰয়ান, ত্ৰুপতি ডিমৰি আৰু বিদ্যা বালানৰ ভয়ানক-কমেডী ছবি ‘ভুল ভুলেইয়া ৩’। ইয়াৰ পৰিচালনা কৰিছে আনীছ বাজমীয়ে। আমোদজনক কথাটো হ’ল কাৰ্তিক আৰিয়ানৰ ‘ভুল ভুলেইয়া ৩’ৰ সৈতে অজয়দেৱগানৰ একচন থ্ৰিলাৰ ‘ছিংঘম এগেইন’ৰ মুখামুখী হ’ব। একেটা দিনতে মুক্তি পাব দুয়োখন তাৰকাখচিত ছবিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















